21 February, Sat 2026
support@thecriticalscript.com
Blog image

পথৰুঘাটৰ কৃষক বিদ্ৰোহ!

20 Feb,2026 05:26 PM, by: Ankita Gogoi
1 minute read Total views: 32
0 Like 0.0

স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় ইতিহাসৰ পৃষ্ঠাবোৰ বহু সাহসী ব্যক্তিৰ বীৰত্ব, ত্যাগ, দেশপ্ৰেমৰ কাহিনীৰে ভৰি আছে। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ যুঁজৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে নিজৰ মাতৃভূমিক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ প্ৰাণ আহুতি দিছিল।ইংৰাজৰ শোষণ, বৈষম্য, অত্যাচাৰৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত অসমৰ জনসাধাৰণেও সাহসেৰে অংশগ্ৰহণ কৰিছিল। তেনে এটা ঘটনা আছিল অসমৰ দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ ভূমিকৰ বৃদ্ধিৰ হাৰত সংঘটিত ঐতিহাসিক কৃষক বিদ্ৰোহ।

১৮৯৪ চনৰ ২৮ জানুৱাৰীত অসমৰ দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ অত্যাধিক মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে স্থানীয় কৃষকসকলে গঢ়ি তোলা এক ঐতিহাসিক সংগ্ৰামেই হ'ল পথৰুঘাটৰ কৃষক বিদ্ৰোহ (পথৰুঘাটৰ ৰণ)।এই বিদ্ৰোহত ব্ৰিটিছৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১৪০ জনৰো অধিক কৃষক শ্বহীদ হৈছিল, যাৰ বাবে ইয়াক 'অসমৰ জালিয়ানৱালাবাগ' বুলিও জনা যায়।

 ইংৰাজে আৰোপ কৰা বৰ্ধিত ভূমিকৰক গৰিহণা দি পথৰুঘাটৰ প্ৰতিবাদী সভাত বহু স্থানীয় কৃষক সমবেত হয়। এই সভাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন গাঁৱৰ হাজাৰ হাজাৰ লোক আগবাঢ়ি আহিছিল। সঘনাই বৃদ্ধি পোৱা কৰ হাৰত দুখীয়া কৃষকসকল হতাশা হৈ পৰিছিল। ফলত কৃষকৰ হৃদয়ত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলি উঠিল। নিজৰ মাজত বহু আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে সমস্যাটোৰ সঠিক সমাধান নোপোৱালৈকে ব্ৰিটিছক কোনো কৰ দিয়া নহ’ব। আনকি তেওঁলোকে এই কাৰ্য্যৰ বাবে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈও ইচ্ছুক আছিল।

প্ৰতিবাদী সভা চলি থকাৰ সময়তে দৰং জিলাৰ উপ আয়ুক্ত জে ডি এণ্ডাৰছন, আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমা বিষয়া মিষ্টাৰ ৰেমিংটন সম্পূৰ্ণ আৰক্ষী বাহিনী লৈ উপস্থিত হয়। যেতিয়া ব্ৰিটিছ বিষয়াসকলে কোনো কাৰণতে এই কৰ হ্ৰাস নহয় বুলি ঘোষণা কৰিলে, তেতিয়া সভাত উপস্থিত থকা কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বেৰিংটনৰ নিৰ্দেশত আৰক্ষীয়ে উপস্থিত লোকসকলৰ ওপৰত গুলীচালনা কৰে। কৃষকসকলে তেওঁলোকৰ হাতত থকা লাঠিৰে প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল যদিও হঠাৎ হোৱা গুলীবৰ্ষণ সহ্য কৰিব নোৱাৰিলে। আৰু সেই  দিনটোতে শ শ লোক আহত হয় আৰু ইয়াৰে প্ৰায় ১৪০ জন লোক থিতাতে নিহত হৈছিল।

এই ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলনক এক নতুন দিশ দিলে। বহু নিৰীহ কৃষকৰ মৃত্যুৱে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজখন আৰু অধিক শক্তিশালী কৰি তুলিছিল। পথৰুঘাটৰ শ্বহীদ সকলক তেওঁলোকৰ মাতৃভূমিৰ বাবে কৰা বীৰত্ব আৰু ত্যাগৰ বাবে ইতিহাসৰ সোণালী পৃষ্ঠাত সদায় স্মৰণীয় হৈ থাকিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.