09 December, Mon 2024
support@thecriticalscript.com
Blog image

অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তনৰ গতিশীলতাঃ

10 Jan,2020 03:09 PM, by: Super Admin
1 minute read Total views: 847
0 Like 0.0

ৰাজ্যখনত চলিছে এতিয়া নিৰ্বাচনৰ বতাহ। ৰাজনৈতিক শক্তিসমুহে সাধাৰণ ৰাইজৰ মন জয় কৰাৰ অৰ্থে মেলি দিছে নিজৰ নিজৰ প্ৰতিশ্ৰুতিৰ পোহাৰ। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনত বীতশ্ৰদ্ধ হৈ অসমৰ ৰাইজে আদৰি লৈছিল বিজেপি চৰকাৰক। অসমৰ ৰাজনৈতিক ইতিহাসৰ পিনে মুখ ঘুৰালে সকলোৰে দৃষ্টিগোচৰ ৰাজনৈতিক দলসমুহে অসমৰ ৰাইজৰ ভাৱনা-অনুভূতিক লৈ হেতালি খেলা। বিগত সময়ছোৱাত কংগ্ৰেছ দলেই সৰ্বাধিক কাল ক্ষমতাত আছে যদিও তেওঁলোকে অসমৰ ৰাইজৰ উন্নতিৰ হকে কাম কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক মুনাফা আদায়তহে অধিক মত্ত হৈ আছিল।

অসম চুক্তিৰ বোকোচাত উঠি ৰাইজৰ ক্ষমতালৈ অহা অসমৰ একমাত্ৰ আঞ্চলিকতাবাদী দল ‘অসম গণ পৰিষদ’ দলেও ক্ষমতাত থকা সময়ছোৱাত বিদেশী চিনাক্তকৰণ তথা বহিষ্কৰণৰ দিশত কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল।বিদেশী বহিষ্কাৰৰ দাবীৰে ১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ ১৯৮৫ চনত অসম চুক্তিৰ জৰিয়তে সমাপ্তি ঘটিছিল। যিটো বিশ্বাসেৰে অসমৰ ভৱিষ্যত অসমৰ জনসাধাৰণে অসম গণ পৰিষদ দলৰ ওপৰত এৰি দিছিল, সেই বিশ্বাসৰ মৰ্যাদা ৰাখিবলৈ দলটো অসমৰ্থ হৈছিল।যাৰ পৰিণতিত দলটো ক্ষমতাৰপৰা নামি আহিবলৈ বাধ্য হৈছিল আৰু সেই হেৰুৱা বিশ্বাস পুনৰবাৰ ঘূৰাই নিবলৈ আজি পৰ্যন্ত দলটো অপৰাগ।

অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশৰ বিষয়টো অলপ তল পৰিলেও আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ বিষয়টো অনিৰ্দিষ্ট কাললৈ তল পৰিলেও ৰাজনৈতিক শক্তিসমুহে বিগত সময়ছোৱাত জাতীয় স্বাৰ্থলৈ পিঠি দি ভোটবেংকৰ ৰাজনীতিৰে ক্ষমতা দখলৰ অংকতহে সদায় মত্ত হৈ আহিছে।বিভিন্ন সময়ত বেলেগ বেলেগ ৰাজনৈতিক সংগঠনে ৰাজনৈতিক অভিপ্ৰায়েৰে বিভিন্ন সম্প্ৰদায়ক লক্ষ্য কৰি লগতে আন-আন বিভিন্ন বিষয়ক ভিত্তি কৰি নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত হোৱা দেখা যায়।

‘ৰাজনীতি হৈছে ৰাইজৰ নীতি’। ইয়াত জনসাধাৰণৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে জনসাধাৰণৰ হকে কাম কৰিব লাগে। কিন্তু, বিভিন্ন সময়ত ইয়াৰ সম্পূৰ্ণ বিপৰীত চিত্ৰ এখনহে প্ৰতিফলিত হোৱা দৃষ্টিগোচৰ হয়। বিভিন্নধৰণৰ বিভেদকামী নীতিৰে জনসাধাৰণৰ মানসিকতাক পৃথক-পৃথক কৰিব বিচৰা দৃষ্টিগোচৰ হৈছে। উল্লেখযোগ্য যে, যদি আমি কেইবছৰমান পিছলৈ ঘূৰি চাওঁ এনেকুৱা কিছুমান অনুষ্ঠান অসমৰ সাংস্কৃতিক পটভূমিত অন্তৰ্ভূক্ত কৰা দৃষ্টিগোচৰ হ’ব যিটো অসমত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল। কিন্তু, ৰাইজৰ উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া সাম্প্ৰদায়িক বিভাজন নকৰি নিৰপেক্ষভাৱে শাসন কৰিব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়টো এই সকলোবোৰ বিষয়ৰ মাজতে সাঙুৰ খাই আছে য’ত যিসকল প্ৰকৃত নাগৰিক তেওঁলোকৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ প্ৰকৃত লক্ষ্যই হৈছে যিসকলে অবৈধভাৱে অসমত বসবাস কৰি আছে তেওঁলোকক চিনাক্ত কৰি প্ৰকৃত খিলঞ্জীয়াক অন্তৰ্ভূক্ত কৰা হয়। ১৯৫১ চনত ইয়াক প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল আৰু অসমত ইয়াক কাৰ্যকৰী কৰি থকা হৈছে।খচৰা এনআৰচিৰ পৰা প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰা দেখা গৈছে। এইখিনিতে এক প্ৰশ্ন উত্থাপন হয় যে, মাত্ৰ ৪০ লাখ লোকহে অবৈধভাৱে আছিল নে? ইয়াতো কিবা ৰাজনৈতিক অভিসন্ধি অন্তৰ্নিহিত হৈ আছে?

অসমত নাগৰিকত্ব প্ৰদানৰ প্ৰশ্নত ‘অসম চুক্তি’য়ে নিৰ্ধাৰণ কৰা সময়সীমাক ভিত্তি হিচাপে লৈয়েই অসমৰ পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰস্তুত কৰিবলৈ গৈ আছে যিটো থলুৱা জাতি-জনজাতিৰ বাবে গুৰুত্বপূৰ্ণ দিশ। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত হোৱা-নোহোৱাক লৈ বিগত সময়ত অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া অসমৰ ইমূৰৰ-পৰা সিমূৰলৈ প্ৰায় প্ৰত্যেকজন লোক জ্ঞাত। থলুৱা ভাষা-সংস্কৃতি ৰক্ষাৰ নামত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাও দেখা গৈছিল।

যিটো সময়ত অসমৰ এটা প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল সেই সময়ত আন এটা প্ৰান্তৰ মানুহে এই বিধেয়ক গৃহীত হোৱাটো বিচাৰিছিল। ৰাজনৈতিকফালৰ পৰা বিশ্লেষণ কৰিলেও দৃষ্টিগোচৰ হয় যে, বৰাক উপত্যকাত আঞ্চলিকতাবাদী প্ৰভাৱ কম।   সমাজত যেতিয়া কোনো সমস্যাই দেখা দিয়ে, স্বাৱাভিকতে জনসাধাৰণে তাৰ সমাধান বিচাৰে। অসমৰ দৰে এখন ৰাজ্যত ৰাজনৈতিক শক্তিসমুহৰ বাবে জনসাধাৰণৰ স্বাৰ্থতকৈও ৰাজনৈতিক স্বাৰ্থই অধিক প্ৰাধান্য পোৱা দেখা যায়। ফলত, সমাজৰ সমস্যাসমুহ সমাধান হোৱাৰ পৰিৱৰ্তে অধিক জটিল হোৱাহে দেখা যায়। ৰাজনীতিৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক নেতৃবৃন্দই ভুৱা মানৱপ্ৰেম নেদেখুৱাই পৰৱৰ্তী কালছোৱাত জনসাধাৰণৰ বিকাশৰ বাবে কাম কৰিব বুলি আশা ৰাখিলো।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.