শৌৰ্য্য আৰু অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায়
ভাৰতীয় ইতিহাসৰ সমগ্ৰ কালছোৱাত বহুতো
কিংবদন্তি যোদ্ধা আৰু শাসকৰ কাহিনী অমৰ হৈ আহিছে। কিন্তু উত্তৰ-পূব ভাৰতৰ ভূমিত
উগ্ৰ আৰু সাহসী যোদ্ধাসকলৰ মহাকাব্যিক কাহিনীৰ বিষয়ে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত খুব
কম জানিবলৈ পাওঁ। কিন্তু
অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত বীৰ চিলাৰায় নামেৰে জনপ্ৰিয় ঐতিহাসিক সেনাপতিগৰাকীক আমি কেতিয়াও পাহৰিব নোৱাৰো। বীৰ চিলাৰায় অসমৰ ইতিহাসৰ পাটত এগৰাকী সুদক্ষ সেনাপতি বুলি
লিপিবদ্ধ আছে।
কোচ সাম্ৰাজ্যখন এখন বিশাল সাম্ৰাজ্য। আমাৰ অসমত কোচসকলৰ যথেষ্ট অৱদান যথেষ্ট আছিল।
এওঁলোকৰ পূৰ্ৱপূৰুষ
আছিল হাৰিয়া
মণ্ডল। তেওঁৰ দুজন পুত্ৰ আছিল তেওঁলোক হৈছে বিশু আৰু শিশু। বিশু আছিল এগৰাকী প্ৰবল
প্ৰতাপী। তেওঁ বহুতো ৰাজ্য যেনে ফুলগুৰি বিজনী আদি অধিকাৰ কৰি নিজৰ সাম্ৰাজ্য
কৰতয়া নদী পশ্চিমৰ পৰা পূৱে বৰনদী লৈকে বিস্তাৰ কৰে। তাৰ পিছত বিশুয়ে ১৫১৫
খ্ৰীষ্টাব্দত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ
বিশ্ব সিংহ নামেৰে পৰিচিত হয়। জানিব পৰা মতে তেওঁৰ বহুকেইগৰাকী পত্নী আছিল আৰু ১৮
জন পুত্ৰ আছিল তাৰে মাজত চিলাৰাই, নৰনাৰায়ন
আৰু নৰসিংহ অন্যতম আছিল। এদিন বিশ্ব সিংহই তেওঁৰ পুত্ৰসকলৰ ভৱিষ্যত
নিৰ্ধাৰণ কৰিবলৈ কিছুমান বস্তুৰ টোপোলা বান্ধি একো একোটা টোপোলা সকলো পুত্ৰক নিবলৈ
আদেশ দিছিল আৰু কৈছিল যে যিজনে যিটো টোপোলা নিব ভৱিষ্যতে সেইটোৱে হব। পুত্ৰ
নৰসিংহই সোণ পোৱা দেখি তেওঁক বিদেশলৈ যাবলৈ, নৰনাৰায়নে মাটি পোৱা
দেখি নিজ দেশতে ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে লো পোৱা দেখি ৰণধৰ্ম পালন কৰিবলৈ
অনুমতি পাইছিল। বাল্যকালত চিলাৰায়ে নৰনাৰায়নৰ লগত বাৰানসীলৈ গৈ ব্ৰহ্মানন্দ বিসাৰদ
নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা শিক্ষা গ্ৰহণ কৰে। তাত তেওঁ বিভিন্ন বিষয় যেনে
সংস্কৃত, ব্যাকৰণ,
সাহিত্য, আইন,
জ্যোতিষ আদি বিষয়ত জ্ঞান আহৰণ কৰে। তেতিয়া
তেখেতে যুদ্ধ বিদ্যা, হিন্দুৰ ধৰ্ম গ্ৰন্থ
আদিত পৰিপক্ক হৈ উঠে। সেই সময়তে তেওঁলোকৰ পিতৃ বিশ্ব সিংহৰ মৃত্যু হয় আৰু সেই কথাৰ
সুযোগ গ্ৰহন কৰি বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে। ইয়াৰ পিছত নৰ
নাৰায়ণ আৰু চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহৰ লগত যুদ্ধত লিপ্ত হয় আৰু
এই যুদ্ধত নৰসিংহ পৰাস্ত হয়।সেই সময়তে নৰ সিংহ নেপাললৈ পলাই যায়।
বীৰ চিলাৰায় অসমৰ
কোচ ৰাজবংশৰ এজন মহান সেনাপতি আছিল। তেওঁৰ
জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত আৰু তেখেতৰ
জন্ম হওঁতে ৰাজ্যত এক মৃদু ভূমিকম্প হৈছিল বুলি জানিব পৰা যায়। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা শুক্লাধ্বজৰ ৰং গোলাপী আছিল আৰু সেয়ে তেওঁক সেই
নামেৰে মাতিছিল। চৰাই চিলা অথবা ঘোৰাৰ
দৰে ক্ষীপ্ৰতাৰে শত্ৰুক বন্দী কৰিছিল বাবে তেওঁ ‘চিলাৰায়’ নামেৰে জনাজাত হ’ল। তেওঁৰ ডাঙৰ ভাতৃ
মহাৰাজ নৰনাৰায়ণৰ সাম্ৰাজ্য সম্প্ৰসাৰণত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো
কৰিছিল, সেইয়ে তেওঁক কিছুলোকে
চিলাৰায় দেৱানো বুলিছিল। ১৫৩৪ খ্ৰীষ্টাব্দত তেওঁৰ ককায়েক নৰ নাৰায়ণ কোঁচ বংশৰ ৰাজপাটত
উঠে আৰু তেওঁ যুৱৰাজ হয়। ৰাজ-অভিষেক
হোৱাৰ সময়ত চিলাৰায়ক নাম দিয়া হয় সংগ্ৰাম সিংহ।
এজন সাহসী যোদ্ধা আৰু এজন ব্যতিক্ৰমী সেনাপতি চিলাৰায় নিজৰ কাৰ্য্যত অত্যন্ত
দ্ৰুত আছিল। নৰ নাৰায়ণ সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছিল আৰু সেই হিচাপে চিলাৰায়ৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে । নৰনাৰায়নে চিলাৰায়ৰ লগত লগ হৈ দক্ষিণৰ পৰা পশ্চিমলৈ বহু ঠাই
অধিকাৰ কৰে। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ
সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম
সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
১৫৬৩ চনৰ জুন
মাহত চিলাৰায়ে অগ্ৰিম
সাহসেৰে আহোম ৰাজ্য আক্রমন কৰি গঢ়গাওঁ অধিকাৰ কৰিছিল। বুৰঞ্জীত উল্লেখ আছে যে নৰনাৰায়নৰ আহোম সকলৰ
সৈতে যুদ্ধৰ সময়ত আহোম সকলৰ ৰজা আছিল চুক্লেণমুং । যুদ্ধত বহুতো আহোম
সৈন্যক চিলাৰায়ে হত্যা কৰে। বহুতো আহোম সৈন্য চিলাৰায়ৰ ভয়ত পলাই যাবলৈ সক্ষম হয়
আৰু যুদ্ধত জয়ী হয়। তাৰ পিছত আহোমৰ ৰজা চুক্লেণমুঙে গোপনে কোচসকলৰ পিছ
ললে। কোচ আৰু আহোমসকলৰ পুনৰ যুদ্ধ হ'ল। এইবাৰ কোচসকল
যুদ্ধত পৰাস্ত হয়। নৰনাৰায়নে পুনৰ
ক্ষমতা
ঘুৰাই পাবলৈ ব্ৰক্ষ্মপুত্রৰ পৰা দিখৌ নৈ লৈকে কিছু সৈন্য পঠিয়ালে। ১৫৬২
খ্ৰীষ্টাব্দত নৰ নাৰায়ণে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ আহোম ৰাজ্যক আক্ৰমণ কৰে।
চিলাৰায়ে নিজৰ সৈন্যসকলক স্থল আৰু পানীৰ মাজেৰে দুয়োটাতে যুঁজিবলৈ আদেশ দিলে। চিলাৰায়ে পুনৰ যুদ্ধত
যোগ দি আহোমসকলক পৰাস্ত কৰে।
পৰাজিত ৰজাই অৱশেষত নিজৰ সৈন্যবাহিনী লৈ চিলাৰায়ৰ ভয়ত পলাই
যাবলৈ সক্ষম হয় আৰু নৰ নাৰায়ণে জয়লাভ কৰে। ইয়াৰ পিছত চিলাৰায়ে
কাছাৰ আক্ৰমণ কৰে আৰু তাৰ ৰাজধানী মাইবং অধিকাৰ কৰে। এই কাছাৰ ৰাজ্য জয়লাভ কৰিয়ে তেওঁ
জয়ন্তীয়া,মণিপুৰ, শ্ৰীহট্ট, ,খাইৰাম, ত্ৰিপুৰা
চট্টগ্ৰাম আৰু ডিমৰুৱা
আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া, ত্ৰিপুৰা আৰু ছিলেটৰ ৰজাই তেওঁৰ
সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল। চিলাৰায়ে ত্ৰিপুৰা আৰু চিলেটৰ ৰজাক হত্যা কৰে। বীৰ্য্যবন্তই আৰু ডিবৰুৱা ৰজায়ো
যুদ্ধ নকৰাকৈ চিলাৰায়ৰ ওচৰত হাৰ মানি লয়। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু
হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল। কোৱা হয় যে
চিলাৰায়ে তেজপুৰৰ ওচৰৰ ভৰলী নদী ঘোৰাৰে জঁপিয়াই পাৰ হৈছিল।
চিলাৰায়ে
কেতিয়াও নিৰস্ত্ৰ সাধাৰণ মানুহৰ ওপৰত বৰ্বৰতা চলোৱা নাছিল, আনকি
আত্মসমৰ্পণ কৰা ৰজাসকলকো সন্মানেৰে ব্যৱহাৰ কৰিছিল। আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ
কৰা ৰজা আৰু সৈন্যৰ প্ৰতি তেওঁলোক কঠোৰ আছিল, কিন্তু
কেতিয়াও জয় কৰা ভূখণ্ডসমূহ নিজৰ অধীনলৈ অনা নাছিল আৰু জনসাধাৰণক অত্যাচাৰ কৰা
নাছিল। বীৰ
চিলাৰায় নৰনাৰায়নৰ সোঁ হাতৰ দৰে আছিল।চিলাৰায়ৰ সাহকীতাৰ ওচৰত সকলোৱে হেও মানিছিল।তেওঁৰ
বীৰত্ব, সহিষ্ণুতা,সকলোৰে আদৰ্শ আছিল।তেওঁৰ
সাহসী কৰ্মই কোচ ৰাজ্যক শিখৰত উপনীত কৰাইছিল। পৰৱৰ্তী সময়ত নৰনাৰায়ণে নিজৰ
ৰাজ্যক কোচ বিহাৰ আৰু কোচ হাজো নামৰ দুটা ভাগত বিভক্ত কৰে। তেওঁ পশ্চিম অংশ কোচ
বিহাৰ নিজৰ কৰ্তৃত্বত ৰাখিছিল আৰু পূব অংশ কোচ হাজো চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক
দিছিল।অৱশেষত ১৫৭৯ খ্ৰীষ্টাব্দত গৌৰত দ্বিতীয় আক্ৰমণৰ সময়ত চিলাৰায় বসন্ত ৰোগত
আক্ৰান্ত হৈ গংগা নদীৰ পাৰত মৃত্যু হয়।
বর্তমান এই
বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫
চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি
আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments