30 April, Tue 2024
support@thecriticalscript.com
Blog image

নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ আওলিং উৎসৱ

07 Oct,2023 06:14 PM, by: Ankita Gogoi
1 minute read Total views: 472
0 Like 0.0

উত্তৰ-পূবৰ নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে পালন কৰা ই এক প্ৰধান এক কৃষিভিত্তিক উৎসৱ হৈছে আওলিং উৎসৱ। বপ্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত কন্যাক সকলে আওলিং উৎসৱ উদযাপন কৰে।ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত এই উৎসৱ কন্যাক জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে ৷কন্যাক সকলে বিভিন্ন ৰং-বিৰঙৰ সাজ-পাৰ পৰিধান কৰি কন্যাক সকলৰ নিজস্ব নৃত্য-গীত প্ৰদৰ্শন কৰে।এই উৎসৱৰ আন এক আকৰ্ষণ হল বন্দুকৰ গুলীবৰ্ষণ।কন্যাক নগাসকলে পৰম্পৰাগত মূৰ চিকাৰৰ বাবেই যিহেতু প্ৰখ্যাত সেয়েহে প্ৰতীকী অৰ্থত বন্দুক ফুটুৱাই তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰে ।আওলিং উৎসৱৰ জৰিয়তে বসন্তৰ আগমনক উদযাপন কৰাৰ লগতে শস্যসম্ভৱা হোৱাৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। এই উৎসৱ কন্যাক সকল  নৱবৰ্ষৰ আৰম্ভণিতে উদযাপিত হয়। আওলিং উৎসৱ কেৱল কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত খাঁটি জনজাতীয় লোকাচাৰৰ উৎসৱ।আওলিং উৎসৱৰ অনুষ্ঠান একসপ্তাহ ধৰি চলে। উৎসৱৰ কাৰ্যসূচীৰ ভিতৰত কন্যাক গোষ্ঠীৰ নিজস্ব নৃত্য-গীত, সমূহীয়া ভোজ ইত্যাদি অন্যতম। ইয়াৰ লগতে কৃষিক্ষেত্ৰসমূহক শস্যসম্ভৱা কৰি তোলাৰ আহ্বানেৰে ঐশ্বৰিক শক্তিসমূহৰ প্ৰতি উৎসৰ্গা কৰা হয়।

কন্যাক জনগোষ্ঠীৰ সংস্কৃতি বহু দিশত পৃথক। প্ৰাচীন কালত এই জনগোষ্ঠীক মূৰ চীকাৰ হিচাপে পৰিচিত আছিল। কিন্তু জনগোষ্ঠীৰ সকলো লোকে আওলিং উৎসৱৰ এই অতি শুভ অনুষ্ঠানত একত্ৰিত হৈ আগন্তুক শস্য চপোৱাৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁলোকৰ প্ৰাৰ্থনাত অতি দৃঢ় বিশ্বাস আৰু এই উৎসৱক বাধ্যতামূলক কাম বুলি গণ্য কৰে। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে ইজনে সিজনক ক্ষমা কৰা যাতে সকলোৱে একেলগে কাম কৰি আগন্তুক বসন্তৰ বতৰক আদৰি লব পাৰে। আওলিং হৈছে ভাল শস্যৰ বাবে ঐশ্বৰিক আত্মাক আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাৰ সময়। ঐশ্বৰিক আত্মাৰ উদাৰতাত জনসাধাৰণে দৃঢ় বিশ্বাস কৰে যিয়ে পাছলৈ জনসাধাৰণ আৰু তেওঁলোকৰ ভূমিক আশীৰ্বাদ দিয়ে।

আওলিং উৎসৱৰ প্ৰথম তিনিটা দিনক Hoi Lah Nyih, Yin Mok Pho Nyih আৰু Mok Shek Nyih হিচাপে জনা যায়।এইকেইটা দিন পৰম্পৰাগত সাজ-পোছাক বোৱা, সমূহীয়া ভোজৰ বাবে জন্তু সংগ্ৰহ আৰু আৰু চাউলৰ সুৰা উৎসৱৰ মূল উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা হয়।আওলিং উৎসৱৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিচিত চতুৰ্থ দিনটোক বুলি কোৱা হয়। সেই দিনটোত কন্যাক জনজাতিৰ সকলো লোকেই শ্ৰেষ্ঠতম পৰম্পৰাগত জনজাতীয় ৰঙ-বিৰঙী সাজ-পোছাক আৰু আ-অলংকাৰেৰে সু-সজ্জিত হয়। সেই দিনটোত নৃত্য, গীত ইত্যাদিৰ পৰিৱেশনৰ লগতে সমূহীয়া ভোজৰ ব্যৱস্থা থাকে। বিশেষকৈ, কন্যাক নগা জনগোষ্ঠীৰ প্ৰখ্যাত মূৰ-চিকাৰৰ ইতিহাসৰ প্ৰতীকী নৃগোষ্ঠীয় নৃত্য পৰিৱেশন এই উৎসৱৰ এক বিশেষ আকৰ্ষণ।উৎসৱৰ শেষৰ দিনদুটাক Lingha Nyih আৰু Lingshan Nyih নামেৰে জনা যায়। এইদুটা দিনত অধিবাসীসকলে নিজৰ পৰিয়ালৰ পৰিজনৰ সৈতে সময় কটোৱাৰ লগতে নিজৰ নিজৰ গৃহসমূহ আৰু গাৱঁৰ চৌপাশ পৰিষ্কাৰকৰণৰ কাম হাতত লয়।

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.