
অসমৰ পৰম্পৰাগত দৌল উৎসৱ
অসমৰ ঐতিহ্যবাহী উৎসৱসমূহৰ ভিতৰত দৌল উৎসৱ (Doul Festival) বা ফাকুৱাৰ এক বিশেষ স্থান আছে। বৰপেটা অঞ্চলত ই স্থানীয় ভাষাত "দেউল" নামেৰে জনাজাত। দৌল উৎসৱৰ মূল আধাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থ ভ্ৰমণৰ সময়ৰ অভিজ্ঞতাৰ লগত সম্পৰ্কিত। শংকৰদেৱে ভাৰতৰ বিভিন্ন বৈষ্ণৱ কেন্দ্ৰত ভ্ৰমণকালত সন্ত-মহন্তৰ পৰা বিষ্ণু আৰু কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰা দৌল উৎসৱৰ বিষয়ে শুনি, তীৰ্থ ভ্ৰমণৰ অন্তত অসমীয়াৰ নিজস্ব সংস্কৃতিৰ লগত একাত্ম কৰি বৰদোৱাত এই উৎসৱৰ আৰম্ভণি কৰিছিল। বৰপেটা সত্ৰত দৌল উৎসৱৰ প্রচলন মথুৰা দাস বুঢ়া আতাই ১৮১৮ শকত কৰিছিল। সেই সময়ৰ পৰা বৰপেটা সত্ৰত এই উৎসৱ প্ৰথাগত নিয়মেৰে পৰম উলাহেৰে উদযাপন কৰি আহিছে।
সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত দৌল উৎসৱ এক বিশেষ স্থান লাভ কৰিছে। বৰপেটা, বৰদোৱা, মাজুলী, হাজো, আৰু দৰং আদি অঞ্চলত দৌল উৎসৱ আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হয়। ইয়াৰে ভিতৰত বৰপেটাৰ দৌল উৎসৱ বিশেষত্বেৰে খ্যাতি লাভ কৰিছে। হিন্দু ধৰ্মত কৃষ্ণভক্তিৰ আদৰ্শ আৰু মহাপুৰুষ শংকৰদেৱৰ শৃংখলাবদ্ধ উপাসনা পদ্ধতি অনুসৰি দৌল উৎসৱৰ গুরুত্ব অসমীয়া সমাজৰ সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য।
প্ৰতি বছৰে দৌল উৎসৱৰ সময়ত সত্ৰ, কীৰ্তন ঘৰ আৰু মঠ-মন্দিৰসমূহত নানা ধৰ্মীয় আয়োজন সম্পন্ন হয়। পূজা-পাঠ, ভক্তি সংগীত, নাম-প্ৰসংগ আদি পৰম্পৰাগত আয়োজনৰ লগতে আনন্দ-উল্লাসৰে এই উৎসৱ উদযাপন কৰা হয়। মঠ-মন্দিৰ বা সত্ৰ নথকাও অঞ্চলসমূহতো দৌল উৎসৱৰ ৰঙীন পৰিৱেশ দৃশ্যমান হয়।
দৌল উৎসৱৰ বিশেষত্ব হ’ল ই সকলোৱে একেলগে উদযাপন কৰা সাম্যবোধৰ এক অনন্য মঞ্চ। জাতি-বৰ্ণ-ধৰ্ম নির্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোক এই উৎসৱত অংশগ্ৰহণ কৰে, যিয়ে একতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰসাৰ কৰে।দৌল উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়া অনুষ্ঠিত হয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ সাধাৰণতে চাৰিদিন বা পাঁচদিন ধৰি পালন কৰা হয়। চ’তৰ মাহৰ পূৰ্ণিমা তিথিত পৰিলে দৌল উৎসৱ সাধাৰণতে তিনিদিনীয়া ৰূপত উদযাপন কৰা হয়।
দৌল উৎসৱৰ প্ৰথম দিনক “গোন্ধযাত্ৰা” বা “বহ্নোৎসৱ” বোলা হয়, য’ত সুগন্ধি ৰঙৰ ব্যৱহাৰেৰে বিশেষ ধৰণৰ আয়োজন কৰা হয়।
দ্বিতীয় দিনটো “ভৰ দেউল” নামেৰে জনাজাত, য'ত বিভিন্ন ধৰ্মীয় আয়োজন আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়।
শেষ দিনটোত “সুঁৱেৰী” বা “ফাকুৱা” উদযাপন কৰা হয়, য’ত পৰস্পৰে ৰঙৰ খেলি আনন্দ-উল্লাসেৰে দিনটো উদযাপন কৰা হয়।
অসমীয়া সমাজত দৌল উৎসৱ কেৱল আনন্দৰ এক বিশেষ পৰ্বেই নহয়, ই এক সাম্য, সম্প্ৰীতি আৰু ভক্তিৰ মহৎ সোঁত হিচাপে গণ্য। ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশত অসমীয়াৰ এই পৰম্পৰাগত উৎসৱে বিশেষ গৌৰৱ লাভ কৰিছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments