04 July, Fri 2025
support@thecriticalscript.com
Blog image

শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰতিস্থিত গাংমৌথান

02 Jul,2025 05:31 PM, by: Super Admin
1 minute read Total views: 61
0 Like 0.0

অসমৰ বিশ্বনাথ জিলা(পূৰ্বৰ শোণিতপুৰ জিলা) এখনি অতি প্ৰচীন বৈষ্ণৱ ধৰ্মৰ পবিত্ৰ স্থান হল বিহালী সমষ্টিৰ বৰগাঙৰ পৰা কিঃমিঃ নিলগৰ বৰগাং নদী আৰু ব্ৰহ্মপুত্ৰৰ সঙ্গমস্থলিৰ গাংমৌথান৷কিংবদন্তি মতে নিচিং দলপতিয়ে শিলিখা খায় পানী খাই মিঠা পোৱাৰ বাবে এই ঠাই খণ্ডৰ নাম গাংমৌথান হয়৷কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা এৰি ভৰা লুইত পাৰ হৈ শিঙৰিলৈ পাৰহৈ আহি এবছৰ থকাৰ অন্তত ঠাইখিনি থকাৰ অনুকুল নহয় বুলি ভাৱি নাৱৰে উজাই আহি বহুবোৰ স্থানত থকাৰ অন্তত এই গাংমৌথানতে নিগাজিকৈ থাকি ধৰ্মচৰ্চা কৰে আৰু পৰৱৰ্তী সমস্যা নোহোৱা পৰ্যন্ত ৭বছৰ ৬মাহ এই দিঘলীয়া কাল গাংমৌথানতে থাকে৷আমি নিজে আশীৰ দশকৰ পৰাই বিহালী আৰু গাংমৌথানৰ ইতিহাস কিংবদন্তি আদি খুচৰি পঢ়ি সংগ্ৰহ কৰিছো আৰু অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশন(বিশ্বনাথ-দীপিকা-১৯৯০) স্মৰনিকাৰ পৰা বৰ্তমানলৈ একাধিক প্ৰবন্ধ লিখি প্ৰকাশ কৰাৰ লগতে এই বিষয়ে এখনি উপন্যাস লিখো৷বৰ্তমানে বিহালীৰ গৌৰৱ উজ্বল কৰা উচ্চ শিক্ষাৰ অনুষ্ঠান বিহালী মহাবিদ্যালয় ৰূপালী জয়ন্তীৰ পৰিৱেশত গাংমৌথানৰ ওপৰত সন্ধালনি কৈ কিছু আলোচনা আগবঢ়ালোঁ৷ 

গুৰুজনাৰ গাংমৌলৈ আগমনঃ 

কায়স্থ জাতিৰ ইতিবৃত্তত হৰিনাৰায়ন দত্ত বৰুৱাই লিখিছে"...ইয়াৰ উপাি প্ৰভুৱে ভাৱিলে কছাৰীবিলাকযিদৰে হেঁচি আহিছে ভৱিষ্যত সদায়ে ৰণ বিগ্ৰহত লিপ্ত থাকিলেহে ৰাজ্য-ধন-জন-সম্ভ্ৰম ৰক্ষা কৰিব পৰা 'ব৷নিজে ৰাজ্যচৰ্চাত লিপ্ত থাকিলে ধৰ্ম চৰ্চা নহ'-আন ভূঞাৰ ওপৰত শিৰোমনি বাব দিও নিশ্চিত থাকিব নোৱাৰি;সেইকাৰণে প্ৰভুৱে দক্ষিণ কুলৰ ৰাজ্য ত্যাগ কৰি উত্তৰ পাৰ হোৱাকে স্থিৰ কৰিলে৷"পৃ৫০৷ 

এইদৰে বংশ পৰিয়াল সকলোকে লৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে উত্তৰ পাৰলৈ গুচি আহিল আৰু শিঙৰিত এৰাতি থাকি ৰৌতাত ছমাহ থাকি এটা খেতি উঠাৰ অন্তত পুনৰ নাৱৰে ভাল স্থান বিচাৰি উজাই আহিল৷এক ৰাতি আকৌ ঘিলাধাৰিত থাকি পুনৰ উজাই গাংমৌ পালেহি৷কথাগুৰু চৰত্ৰ পুথি মতে সেই সময়ত শঙ্কৰদেৱৰ ৬৭ বছৰ বুলি লিখিছে৷শঙ্কৰদেৱৰ জন্মৰ চনৰ লগত যোগ কৰিলে গাংমৌলৈ অহাৰ সঠিক চন ১৪৩৮ শক ইংৰাজী ১৫১৬ চন৷ 

কথাগুৰু চৰিত্ৰত এই বিষয়ে লিখিছে- 

"...পিছে 'তাতে বহি জ্ঞাতি মিত্ৰে এটা খেতি কৰি খাই সুস্থই ছমাহ আছে৷পাচে কোচ মৰাণ লাগি দেশ ভাঙিছে নিশা আকাশবানী শনি পুৱা উজাল৷আহি গাংমৌত থিত লৈ কৃষি গৃহ কৰি ' বাৰেও ভূঞা৷পৃ৪৪ 

"...শ্ৰীশংকৰদেৱে ভূঞাসকলক আগেয়ে ব্ৰহ্মপুত্ৰ পাৰ কৰি পঠালে;পাচত নিজে গৈ সিবিলাকৰ সৈতে প্ৰথমতে ভলুকাগিৰিত পাচত কোমোৰাকাটাত কিছুদিন থাকি ব্ৰহ্মপুত্ৰেদিউজাই 'ল৷গাংমৌ খেঁতাইখাঁৰ নগৰ; প্ৰভুৱে বুঢ়ীগঙ্গাইদি সোমাইোগাংমৌ পালে৷গাংমৌত গুৰুৱে হাটী-বাটি পাতিলে,নামঘৰ,মনিকূট সাজিলে সাজিলে;লগৰ ভূঞা সকলক লুইতৰ মুখলৈ এঘৰ এঘৰকৈ বহুৱালে৷গাংমৌত গুৰুৰ পুত্ৰ ঠাকুৰ তিনিজনজন্ম হয়৷গুৰু তাতে ৭৷৷ বাস কৰে,এই সময়ত গুৰুৱেৰাজ্যচৰ্চা কৰা নাছিল৷ধৰ্ম চৰ্চাহে কৰিছিল৷"পৃ৫০৷ 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ইয়াৰ বাবে সিদ্ধান্তলৈ আহিছিল যে শঙ্কৰদেৱে গাংমৌত সাতোবছৰ ছমাহ বসবাস কৰিছিল৷ড.মহেশ্বৰ নিওগে এই লৈ কিছু অন্য মত পোষণ কৰিলেও জনশ্ৰুতি মতেও শঙ্কৰদেৱে গাংমৌত সাত বছৰ ছমাহ আছিল৷কথা গুৰুচৰিত্ৰ পুথি মতে শঙ্কৰদেৱ "আদপাঁচ" অৰ্থা পা্চ বছৰ ছমাহ আছিল৷এইবোৰৰ পৰা হিচাব কৰিলে ১৪৩৮ পৰ ১৪৪১ লৈ গুৰুজনা গাংমৌলৈ আহিছিল ৷আকৌ কায়স্থ জাতিৰ ইতিবৃত্ত মতে শঙ্কৰদেৱে খ্ৰীঃ১৫১০ পৰা ১৪৩২ ভিতৰত গাংমৌ এৰা বুলি লিখিছে৷এই লৈ বিতৰ্ক থাকিলেও আমি বিহালীবাসীয়ে সাত বছৰ ছমাহ গাংমৌত শঙ্কৰদেৱ আছিল বুলি দৃঢ় মত পোষণ কৰো৷ 

গাংমৌথানত শঙ্কৰদেৱৰ পৰিয়ালঃ 

শঙ্কৰদেৱৰ লগত গাংমৌথানলৈ দ্বিতীয় পৰিয়াল কলিন্দী,আগৰ পৰিবাৰৰ কন্যা মনু,দুই পিতামহ জয়ন্ত আৰু মাধৱ আহিছিল৷সেই সময়ত এই স্থানত শঙ্কৰদেৱৰ পেহাৱক এখন ভূঞালী চলাইছিল বুলি জনা যায়৷পেহাৱকৰ সহায়তে শঙ্কৰদেৱে পৰিয়ালৰ থকাৰ বহা,নামঘৰ নিৰ্মান কৰি বৈষ্ণৱ ধৰ্মত একান্ত চিতে মতি হৈছিল৷এই সমগ্ৰ সথানৰ নাম সেই সময়ত গাংমৌ থকাও সম্ভৱ৷শঙ্কৰদেৱৰ এই দুৰ্যোগপূৰ্ণ সময়তে তেওঁৰ তিনিপুত্ৰ ৰমানন্দ,কমললোচন আৰু হৰিচৰণৰ জন্ম হৈছিল বুলি কায়সথ জাতিৰ ইতিহাসত উল্লেখ আছে৷ড°মহেশ্বৰ নেওগৰ মতে গাংমৌত প্ৰথম পুত্ৰ ৰমানন্দৰ হে জন্ম হৈছিল৷সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মতে গুৰুৰ দুই পুত্ৰ ক্ৰমে কমললোচন আৰ হৰিচৰণৰ গাংমৌতে জন্ম হয়৷পিতামহ জয়ন্ত আৰু মাধবৰ গাংমৌত থকা কালতে মৃত্যু হয়৷ইতিমধ্যে আঁহোতেই দুয়ো বৃদ্ধ আছিল৷ 

গাংমৌত ভাগৱত গ্ৰন্থ প্ৰাপ্তি আৰু অনুবাদঃ 

শ্ৰীমন্তশঙ্কৰদেৱে গাংমৌথানত থকা কালতে কাশীৰ পৰ এগৰাকীবৈষ্ণৱ ঋষি জগদীশ মিশ্ৰ গাংমৌলৈ আহি সংস্কৃত মহা ভাগৱত গ্ৰন্থ শঙ্কৰদেৱক পাঠ কৰি শুনাই বুলি দৈতাৰি ঠাকুৰে চৰিত্ৰ পুথিত উল্লিখ কৰিছে৷এই মহা পণ্ডিত গৰাকীক সম্ভৱ শঙ্কৰদেৱে তীৰ্থস্থান ভ্ৰমনত লগ পাই অসমলৈ নিমন্ত্ৰণ দিয়ে৷এই গৰাকী মহা পণ্ডিত জগদিশ মিশ্ৰৰ গাংমৌতে মহাপ্ৰয়ান ঘটে আৰু পদুমনি পুখুৰিৰ তীৰত তেখেতক কাঠসংস্কাৰ কৰা হয়৷পৰৱৰ্তীকালত শঙৰদেৱে উক্ত মহাভাগৱত গ্ৰন্থঅসমীয়াংৈ অনুবাদ কৰে৷গাংমৌতে এই মহান অনুবাদ কৰ্ম আৰম্ভণি কৰে৷ 

গাংমৌত অনান্য সাহিত্য-কৰ্মঃ 

গাংমৌত থকা কালতে গুৰুজনাই একানপতীয়াকৈ ধৰ্ম চৰ্চা কৰিছিল৷মহাভাগৱত গ্ৰন্থ ইতিমধ্যে তেওঁ লাভ কৰি তাৰ তত্ত্ব অধ্যয়নৰ লগতে সংস্কৃতৰ পৰা অনুবাদ কাৰ্য আৰম্ভণি কৰে৷কীৰ্ত্তন পুথিৰো কোনো অধ্যায় ইয়াতে লিখা সম্ভৱ৷কেইবাটাও বৰগীত গাংমৌত ৰচনা কৰে গোপালে কি গতি কৈলে...আৰুনাৰায়ন কাহে ভকতি...এই দুয়োটা বৰগীত গাংমৌতে ৰচনা কৰা বুলি কায়স্থ জাতিৰ ইতিবৃতৰ পৰা জনা যায়৷ 

পৰমানন্দ মিৰি দেউৰী আতৈ সংবাদঃ 

শ্ৰীশঙ্কৰদেৱ গাংমৌত থকা কালত লক্ষীমপুৰৰ এজন মিচিং সম্প্ৰদায়ৰ যুৱক পৰমানন্দ মিৰি আহি গাংমৌত থাকি তেওঁৰ শৰণ ভজন লৈ গুৰুৰ পৰম সুহৃদহৈ পৰে৷বাঁহবাৰী পথাৰত থকা মিৰি পথাৰে ইয়াৰ সাক্ষ প্ৰমান কৰে৷এই বিষয়ে আমি ৮০ৰ দশকতে লিখিছিলোঁ৷উক্ত পৰমানন্দ মিৰি দেউৰী আতৈৰ বংশৰ লোক এতিয়াও মিছামাৰীত আছে৷শঙ্কৰদেৱে গাংমৌ এৰি ধুৱাহাটলৈ উজাই যোৱাৰ সময়ত এই গৰাকী পৰমানন্দকে গাংমৌৰ দায়িত্ব প্ৰদান কৰা বুলি শুনা যায়৷ 

পেনপেনি কায়স্থ বা দেৱীদাস সংবাদঃ 

পেনপেনি কায়স্থ আছিল বিশ্বনাথ দেৱালয় দেৱী ভক্ত দেউৰী৷তেওঁৰ হাতত এটা পানী ঘা হৈছিল৷এই ঘা ভাল নোহোৱাত তেওঁ উজাই আহি গাংমৌ ঘাটত উঠি গুৰুৰ শৰণ ভজন লয় আৰু হাতৰ পানী ঘা ভাল হোৱা বুলি গুৰু চৰিত্ৰত কাহিনী আছে৷এই পেনপেনী কায়স্থৰ পুত্ৰ চাৰিওৰ নামৰে বিশ্বনাথ চাৰিআলিৰ -গাঁৱত চাৰিকৃষ্ণ থান পৰৱৰ্তীকালত প্ৰতিস্থিত হয়৷পেনপেনী কায়স্থক দেৱী দাস ওৰফে সতানন্দ নামেৰেও জনা যায় যি গুৰুৰ বৰভকত নামে সকলোৰে মাজত জনপ্ৰিয়হৈ পৰে৷ 

মনাভকতৰ সংবাদঃ 

শ্ৰীশঙ্কৰদেৱ গাংমৌত থকা কালতে বৰ্তমানৰ মোনাবাৰী অঞ্চলৰ এগৰাকী কৃষক আহি গুৰুৰ শৰণ ভজন লৈ বৈষ্ণৱ হৈ পৰে৷এই গৰাকী লোকৰ নামৰে মোনাবাৰী নামৰ ৎপত্তি বুলি কিংবদন্তি আছে৷ 

খুটাগুৰি থান আৰু গুৱাধৰা থান সংবাদঃ 

ব্ৰহ্মাজানৰ ওচৰত থকা উক্ত দুয়োখন থানলৈ শঙ্কৰদেৱ গৈছিল বুলি জনা যায়৷খুটাগুৰি থানত প্ৰথম গুৰুৱে গৈ নামঘৰৰ প্ৰথম খুটা পোতে বুলি প্ৰৱাদ আছে৷একেদৰে গুৱাধৰা থানলৈ গৈ শঙ্কৰদেৱে গুৱাধৰা বা তামোল খোৱা বুলি প্ৰবাদ আছে৷বৰ্তমানে দুয়োখন থানেই বৈষ্ণৱ প্ৰাণলোকৰ বৰ আদৰৰ পুন্যস্থান৷ 

নিচিং গামৰ সংবাদঃ 

শ্ৰীমন্তশঙ্কৰদেৱৰ গাংমৌ থকা কালত অৰুনাচল প্ৰদেশৰ নিচিং(ডফলা) গাম এগৰাকীয়ে বৰগাং নদীত উটাই দিয়া সোনৰ মুদ্ৰা ভৰ্তি বাঁহৰ চুঙা পাহাৰৰ পৰা উটাই দি পৰৱৰ্তীকালত গুৰজনাৰ হাতত লাভ কৰি গুৰৰ মাহাত্ম্যত বিশ্বাসত লয় আৰু শৰণ ভজনলৈ গুৰুৰ শিষ্যত্ব গ্ৰহণ কৰা বুলি প্ৰৱাদ আছে৷ 

ৰঘুবীৰ ছেত্ৰী সংবাদঃ 

পুৰনি গাংমৌ থান আছিল ব্ৰহ্মপুত্ৰ আৰু বৰগাঙ নদীৰ সঙ্গমত৷এবাৰ ৰঘুবীৰ ছেত্ৰী নামৰ এগৰাকী নেপালী গোপালকৰ ১২০জনী ' হেৰুৱাত গাংমৌথানত চাকি-বন্তি দিয়াত সুদুৰ শিঙৰীত উক্ত ১২০ জনী মহ হেৰাই পায়৷উক্ত হেৰাই পোৱা 'হৰ আনন্দত ৰঘুবীৰ ছেত্ৰীয়ে পুৰনি গাংমৌথান খনি তেজপুৰৰ পৰা নাৱৰে টিং পাত আনি নিৰ্মান কৰে৷এই গৰাকী মহান বৈষ্ণৱ প্ৰাণ ভক্তৰ স্মৃতি যুগমীয়া কৰিবলৈ বিহালী আঞ্চলিক ছাত্ৰসন্থাই প্ৰতি বছৰে হাইস্কুল শেষান্ত পৰীক্ষাৰ অসমীয়াৰ সৰ্বোচ্চ নম্বৰৰ বঁটা প্ৰচলন কৰে৷ 

গাংমৌথান ত্যাগ-ধুৱাহাটলৈ গমনঃ 

সাত বছৰ ছমাহ গাংমৌত থাকি বৈষ্ণৱ ধৰ্মৰ বৰ ভেটি নিৰ্মান কৰি নিচি সকলৰ অগ্ৰাসনত সংকিতহৈ পৰমানন্দ মিৰি দেউৰী আতৈক থান ভাগ চমজাই নাৱেৰে উজাই মাজুলীৰ ধুঁৱাহাটলৈ যায় আৰু তাতে বিখ্যাত বেলগুৰি থান নিৰ্মান কৰে৷এই সময়তে নাৰায়নপুৰ অঞ্চলৰ শ্ৰীমাধৱ দেৱৰ সৈতে শঙ্কৰদেৱৰ মনিকাঞ্চন সংযোগ হয়৷আহোম ৰজাই হাতীৰ মেলা চিকাৰত দায়িত্বহীনতাৰ অভিযোগ কৰি মাধৱদেৱ আৰু শঙ্কৰদেৱৰ জোৱায়েক হৰিক বন্দীকৰি কাৰাগাৰলৈ নিক্ষেপ কৰে আৰু হৰিক বিবাহিত বুলি জানি মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷অবিৱাহিত মাধৱদেৱককাৰাগৰত বন্দী কৰি ৰাখে৷কাৰাগাৰৰ পৰা ওলাই শ্ৰীমাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিস্থা কৰে৷গুৰুজনাই প্ৰতিস্থা কৰা ধুঁৱাহাত বেলগুৰি থান খহনীয়াত জাহ 'ল৷ 

আধুনিক গাংমৌথানৰ নিৰ্মানঃ 

বাঁহবাৰী,মাজগাওঁ,হাতীবন্ধাকে আদি কৰি সমূহ বিহালীবাসীৰ প্ৰচেষ্টাত আধুনাক গাংমৌথান ভাগ নিৰ্মান হয়৷পুৰনি ব্ৰহ্মপুত্ৰ আৰু বৰগাঙৰ সংগমৰ মূল গাংমৌথান খনি যিখন ৰঘুবীৰ ছেত্ৰীয়ে টিঙৰে নিৰ্মান কৰিছিল সেই থান প্ৰায় ১৯২৭-২৮চনত খহনীয়াত জাহ জোৱাত নতুন স্থানত গাংমৌথান নিৰ্মান হয়৷এই থানভাগ ৭০ৰ পৰা ৮০ দশকত ৰাইজে এখনি নিৰ্মান সমিতি গঠন কৰি নিৰ্মান কৰে আৰু ১৯৮১ চনৰ ১৬ জুলাইত নৱ নিৰ্মিত গাংমৌথান পুনৰ প্ৰতিস্থা কৰে৷পৰৱৰ্তী সময়ত অসম চৰকাৰে বিভিন্ন আঁচনিৰে গাংমৌথানক অধিক জাকত জিলিকা কৰি গঢ়ি তুলিছে৷বৰ্তমানে এক সুন্দৰ অতিথি গৃহ তোৰনো গঢ়ি উঠিছে৷ 

গাংমৌথান কলা-কৃষ্টি বিকাষ কেন্দ্ৰঃ

১৯৮৬ চনতে আমি কেইজনমান উদ্যমী যুৱক-যুৱতীয়ে শ্ৰীবিশ্বজি গোস্বামীৰ আহ্বানত সাংস্কৃতিক দিশত বিকাশৰ বাবে এটি সুকীয়া সাংস্কৃতিক অনুষ্ঠান গাংমৌথান কলা-কৃষ্টি সংঘ আৰম্ভ কৰি মই ইয়াৰ সভাপতি আৰু শ্ৰীবিশ্বজি গোস্বামী সম্পাদক হয়৷আমি শ্ৰীবিশ্বজি গোস্বামীৰ নেতৃত্বত এক পাঁচজনীয়া সঁজাতি দলে অসমৰ মুখ্য সচিব শ্ৰীজ্যোতি প্ৰসাদ শইকীয়াক লগ ধৰি তেখেতক উপদ্দেষ্টা পাতি গাংমৌথানৰ উন্নয়নৰ এক পৰিকল্পনা কৰি চৰকাৰী সহাৰি লাভ কৰো৷আমি বৰগীত আৰু সত্ৰীয়া নৃত্যৰ এক প্ৰশিক্ষন অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সহযোগত অনুষ্ঠিত কৰো যত প্ৰশিক্ষক হিচাবে আহে পূন্যব্ৰত গোস্বামীদেৱ৷বৰ্তমানো বাঁহবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীৰূপম গোস্বামীয়ে বন্ধুবৰ্গৰ সহায়ত এই প্ৰচেষ্টা ধাৰাবাহিক চলাই আছে৷ 

সামৰণিঃসামৰণিত আমি এই পুৰণি থান খনৰ উচিত গৱেষনা আৰু প্ৰসাৰৰ পোষকতা কৰি চমু নিবন্ধ সামৰনি কৰিলোঁ৷লেখকৰ ফোনঃ৯৪৩৫১৮৭৬৬৫৷ 

 

 

দিলীপ কুমাৰ বৰুৱা 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.