10 October, Fri 2025
support@thecriticalscript.com
Blog image

তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ আৰঁৰ কাহিনী!

06 Oct,2025 03:00 AM, by: Ankita Gogoi
1 minute read Total views: 121
0 Like 0.0

টিলিঙা মন্দিৰ এখন বিশেষ শিৱ মন্দিৰ, যি অসমৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। এই মন্দিৰটো ঘাইকৈ ইয়াত থকা টিলিঙাৰ বাবে বিখ্যাত। এই ধৰ্মীয় স্থান দুলীয়াজানৰপৰা প্ৰায় ১০ কিলোমিটাৰ আৰু জিলা সদৰ তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্বত আছে।

মন্দিৰৰ বিশেষত্ব আৰু বিশ্বাস

এই মন্দিৰৰ কেন্দ্ৰবিন্দু হৈছে এজোপা বিশাল বটগছ য'ত হাজাৰ হাজাৰ কাঁহ, পিতল, তাম, আৰু ব্ৰঞ্জৰ সৰু-বৰ টিলিঙা ওলমাই ৰখা হৈছে। মন্দিৰ চৌহদটোত বহু টিলিঙা আছে ঠায়ে ঠায়ে ইয়াৰ বিশাল স্তূপ দেখা যায়।

ভক্তসকলৰ মাজত এটা গভীৰ বিশ্বাস আছে যে, যদি কোনোৱে ইয়াত ভগৱান শিৱৰ নামত এটা টিলিঙা দান কৰি নিষ্ঠাৰে কিবা কামনা কৰে, তেন্তে তেওঁৰ মনোবাঞ্ছা নিশ্চিতভাৱে পূৰ্ণ হয়।বিশেষকৈ এই বৰগছজোপাৰ ডালত একে উশাহতে টিলিঙা বান্ধিলে আৰু গছৰ গুৰিত ৰঙা সূতা বান্ধিলে ভক্তৰ মনৰ আশা পূৰণ হয় বুলি লোকবিশ্বাস আছে।

প্ৰচলিত প্ৰবাদ অনুসৰি, কোনোবাই মনোবাঞ্ছা পূৰণৰ বাবে টিলিঙা বান্ধি থৈ অহাৰ পিছত, সেই মনোবাঞ্ছা সিদ্ধি হ'লে পুনৰ মন্দিৰলৈ আহি সেই সূতা আৰু টিলিঙা খুলি থৈ যাব লাগে। ইয়াৰ ফলত এতিয়া এই গছ সূতাৰে আৰু ডালবোৰ টিলিঙাৰে ভৰি পৰিছে।

ভক্তসকলে ৫০ গ্ৰামৰ পৰা ৫০ কিলোগ্ৰামলৈকে বিভিন্ন ওজনৰ টিলিঙা দান কৰে। কিছুমান ভক্তই পাৰ চৰাই উৰুৱাই দিও মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।

টিলিঙা মন্দিৰৰ ইতিহাস

টিলিঙা মন্দিৰৰ ইতিহাস অতি প্ৰাচীন নহয়। ই ১৯৬৫ চনত প্ৰতিষ্ঠা হৈছিল। কাহিনী অনুসৰি, সেই সময়ৰ কোনোবা এটা দিনত এই বটগছজোপাৰ তলত এজন চাহ শ্ৰমিকে মাটিৰপৰা ওলাই থকা এটা শিৱলিংগ দেখা পায়। শ্ৰমিকজনে লগে লগে চাহ বাগিচা কৰ্তৃপক্ষক এই বিষয়ে জনায়। বাগিচা কৰ্তৃপক্ষই সিদ্ধান্ত লয় যে সেই স্থানতে এটা মন্দিৰ নিৰ্মাণ কৰা হ'ব, আৰু এইদৰেই টিলিঙা মন্দিৰ গঢ় লৈ উঠে।

দিন বাগৰাৰ লগে লগে এই মন্দিৰলৈ শিৱভক্তৰ আগমন বাঢ়ি আহিল। মনোবাঞ্ছা পূৰণ হ'লে ভক্তসকলে পুনৰ মন্দিৰলৈ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰে, অৱশ্যে কিছুমানে প্ৰথমবাৰতেই টিলিঙা দান দি যায়। যাতায়তৰ সুচলতা আৰু মহাদেৱৰ ওপৰত থকা গভীৰ বিশ্বাসৰ বাবে দৈনিক বহু সংখ্যক ভক্তৰ সমাগম হয়। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে আৰু ইয়াৰ বিষয়ে লোক গীত-মাততো উল্লেখ পোৱা যায়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.