তেজপুৰৰ দ পৰ্বতীয়াৰ স্থাপত্য
ঐতিহাসিক তেজপুৰৰ অন্যতম ঐতিহাসিক স্থান হ’ল দ-পৰ্বতীয়া দ্বাৰ ৷ দ-পৰ্বতীয়া দ্বাৰত আছে গুপ্তযুগতে শিলত কৰা বহু ভাস্কৰ্য ৷ তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁওখনত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত ।
১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত উদ্ধাৰ হয় শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়। অনুমান কৰিব পৰা যায় যে,এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। কৃষ্ণৰ হাতত বাণ যুদ্ধত পৰাজিত হৈ সুস্থ হোৱাত কৃষ্ণৰ প্ৰতি বাণৰ ভক্তি উপজিছিল আৰু হৰি-হৰ অভিন্ন বুলি জ্ঞান হৈছিল। সেয়ে হৰি হৰাত্মক শিৱ মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিল। এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও ১৮৯৭ চনৰ বৰ ভুইকঁপত জাহ গৈছিল। ৰায় বাহাদুৰ কনক লাল বৰুৱাৰ মতে আকৌ এই মন্দিৰ কামৰূপ নৃপতি ভাস্কৰ বৰ্ম্মাৰ পূৰ্বে পঞ্চম ষষ্ঠ খৃষ্টাব্দত নিৰ্মিত। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। ১৯২৭-২৮ চনৰ পৰা এই ঠাইখনে চৰ্চা লাভ কৰে। এই নিদৰ্শনটোক অসমৰ আটাইতকৈ প্ৰাচীন তথা দেশৰ আপুৰুগীয়া বুলি Annual Report of Archeological Survey of India, 1924-25 & 1925-26-ত তেখেতে প্ৰতিবেদন দাখিল কৰে। গৰ্ভগৃহৰ পশ্চিম দিশত বেদী স্থাপিত। এই বেদীতে গংগা-যমুনাৰ শৈল-তোৰণখন প্ৰতিষ্ঠিত। আহোম যুগৰ প্ৰাচীন মন্দিৰটোত শিৱলিংগ প্ৰতিষ্ঠিত আছিল বুলি ৰাখাল দাস বন্দোপাধ্যায়ে নিজৰ এক গৱেষণা প্ৰতিবেদনত উল্লেখ কৰিছে। বৰ্তমানে প্ৰতিষ্ঠিত শিৱলিংগটো প্ৰকৃত শিৱলিংগ নহয় আৰু ই মন্দিৰৰ স্তম্ভৰে খণ্ডিত অংশ বুলিহে গৱেষক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই উল্লেখ কৰিছে।
শিলটোৰ দুয়োটা মূৰ স্তম্ভদুটাতকৈ অলপ বাহিৰলৈ ওলোৱা। ফুল কটা শিলৰ মাজত লাখুটি লোৱা শিৱ অর্থাৎ লাকলিশ্বৰৰ (পুৰাণসমূহৰ মতে শিৱৰ শেষ অৱতাৰ) মূৰ্তি আছে। শিৱ মূৰ্তিটোৰ হাতত সাপ আৰু অভয় মুদ্ৰাৰ চিহ্ন দেখিবলৈ পোৱা যায়। এই শিৱ মূৰ্তিৰ বাহিৰেও মধ্য অংশত বিষ্ণুৰ বাহন গৰুড়ৰ মূৰ্তি, মানুহৰ মূৰ্তি আৰু ফুল লৈ উৰি যোৱা চৰাই মূৰ্তি দেখিবলৈ পোৱা যায়।
স্তম্ভদুটাৰ ওপৰৰ অংশৰ দৰেই পথালি শিলটোৰো পাঁচটা ভাগৰ প্ৰথমত চাৰিখন হাতযুক্ত বাওঁহাতত ডম্বৰু লৈ থকা এক নাৰীমূর্তি আছে। দ্বিতীয় ভাগত ঘোঁৰামুখীয়া আঁঠুকাঢ়ি থকা নাৰী মূর্তি, তৃতীয়ভাগত ভৰিত ৰছীয়ে বন্ধা অৱস্থাত বহি থকা লাকুলি শিৱ মূর্তি আছে, ইয়াৰ সোঁফালে অন্য এটা থিয় হৈ থকা নাৰীমূৰ্তি আছে।চতুর্থ ভাগত বাঁহী বজাই থকা এক নাৰীমূৰ্তি আৰু একেবাৰে শেষৰ ভাগটোত দুহাতে পদুম ফুল লৈ থকা সূর্য মূর্তি আছে। অৱশ্যে শেষৰ ভাগত থকা সূৰ্য মূৰ্তিটো বাহিৰলৈ ওলাই থকা অখোদিত এক মূর্তি।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments