আগন্তুক মাহৰ পৰা ১ তাৰিখতে দৰমহা লাভ কৰিব SRD শিক্ষকে, ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
SRD শিক্ষকৰ দৰমহা প্ৰদানক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। আগন্তুক মাহৰ পৰা প্ৰতিমাহৰ ১ তাৰিখতে SRD শিক্ষকসকলে দৰমহা লাভ কৰিব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে ভৱিষ্যতে দৰমহা প্ৰদানত যাতে কোনো ধৰণৰ বিলম্ব নহয়, সেই বিষয়টো নিশ্চিত কৰাৰ কথাও উল্লেখ কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে অধিকাংশ SRD শিক্ষকে দৰমহা লাভ কৰিছে। অৱশ্যে বেংক একাউণ্ট সম্পৰ্কীয় সমস্যাৰ বাবে প্ৰায় ২৫০ গৰাকী শিক্ষকে এতিয়াও দৰমহা লাভ কৰা নাই। একে সময়তে ঠিকাভিত্তিক শিক্ষকসকলেও আজি দৰমহা লাভ কৰিব বুলি তেওঁ সদৰী কৰে।
SRD শিক্ষকৰ দৰমহা প্ৰদানত হোৱা বিলম্বৰ বাবে শিক্ষকসকলে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে ডাঃ ৰণোজ পেগুৱে। তেওঁৰ মতে, নতুন বিত্তীয় ব্যৱস্থাত কিছু সংশোধন কৰাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতিবাদ কৰা শিক্ষকসকলে নতুন বিত্তীয় ব্যৱস্থাটো সম্পূৰ্ণৰূপে বুজি নোপোৱাৰ বাবেই এনে পৰিস্থিতি হোৱা বুলি তেওঁ কয়। আনকি মন্ত্ৰী হিচাপে নিজেও এই নতুন ব্যৱস্থাটো বুজিবলৈ কিছু সময়ৰ প্ৰয়োজন হৈছিল বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
ইফালে, আজিৰে পৰা ৰাজ্যত শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। পৰ্যায়ক্রমে শিক্ষকসকলৰ বদলিৰ জাননী প্ৰকাশ পাব। লোকপিয়লৰ কামত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, সেই দিশটো গুৰুত্ব দি বদলিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
ইতিমধ্যে HRMS প’ৰ্টেলতো বদলিকৰণ সম্পৰ্কীয় তথ্য প্ৰকাশ পাইছে। শিক্ষকসকলে দাখিল কৰা বদলিৰ আবেদনৰ অনুমোদনৰ তথ্যও প’ৰ্টেলটোত আপডেট কৰা হৈছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.














Related Comments