21 March, Sat 2026
support@thecriticalscript.com
Blog image

'ৰঙা পুলিচ' কথাছবিখনৰ নিৰ্মাণৰ আৰঁৰ কাহিনী

20 Mar,2026 05:28 PM, by: Ankita Gogoi
1 minute read Total views: 47
0 Like 0.0

'ৰঙা পুলিচ' ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা ৰাষ্ট্ৰীপতি পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। 'মাদাৰ ইণ্ডিয়া' নামৰ ছবিখনৰ লগে লগে 'ৰঙা পুলিচ' মুক্তি দিয়া হৈছিল। ছবিখন প্ৰথমে যোৰহাটৰ আচকৰণ জালান নামৰ ব্যক্তি এজনে পৰিবেশন কৰিছিল। পাছলৈ নিপ বৰুৱাই কিছু বছৰ ধৰি ছবিখন চলাইছিল।

এই কথাছবিখনত এজন সৎ পুলিচ বিষয়া নিজৰ দৰিদ্ৰ পৰিয়ালটো চলাবলৈ কঠিন সংগ্ৰাম কৰে। কিন্তু পিছত এটা দুখজনক ঘটনা ঘটে, যাৰ বাবে তেওঁক নিজৰ পৰিয়াল আৰু নিজৰ নীতি-আদৰ্শৰ মাজত এটা বিচাৰ কৰিবলগীয়া হয়।

নিৰ্মাণৰ আৰঁৰ কাহিনী, ১৯৫৩ চনত যোৰহাটত “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল। এই সংগঠনটো গঢ়ি তোলাত নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ গুৰুত্বপূর্ণ ভূমিকা আছিল। সংগঠনটোৰ সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিল আব্দুল মজিদ। সেই বছৰতে “মিলিত শিল্পী সমাজে” ৰমেশ শৰ্মাৰ ৰচনা “ৰঙা পুলিচ” নাটখন মঞ্চস্থ কৰে। এই নাটখনৰ প্ৰদৰ্শনত উপস্থিত আছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। নাটখন চোৱাৰ পাছত তেওঁলোকে ইয়াক চলচ্চিত্ৰ ৰূপ দিয়াৰ পৰামৰ্শ আগবঢ়ায়। ইতিমধ্যে সংগঠনটোৱে এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰি আছিল আৰু প্ৰথমতে চৈয়দ আব্দুল মালিকৰ “মাটিৰ চাকি” উপন্যাসখনক ভিত্তি কৰি ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছিল। কিন্তু নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱাৰ পৰামৰ্শ মানি “ৰঙা পুলিচ” নাটখনকেই চলচ্চিত্ৰ ৰূপ দিবলৈ সিদ্ধান্ত লোৱা হয়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.