ব'হাগ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা
ব'হাগ মানেই ৰং, আনন্দ। সেয়ে ব'হাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়।ৰঙালীৰ ৰঙেৰে এতিয়া চৌপাশ ৰঙীণ হৈ পৰিছে।ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। হাতত জেতুকাৰ ৰং বুলাই পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। হেঁপাহৰ ৰঙালী বিহুক এইবাৰ অতি উচাহৰ মাজেৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই।ব'হাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া।বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়।বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। “বিহু” অসমৰ জাতীয় উৎসৱ। “বিহু” শব্দৰ উৎপত্তি সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। অথৰ্ববেদ আদিৰ মতে বিষুবন যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিঞ্চুপুৰাণ স্মৃতিশাস্ত্ৰতো এনে পবিত্ৰ দিনত দান-দক্ষিণা কৰাৰ কথা কোৱা হৈছে। পুৰণি অসমত বলবৰ্মা আদি ৰজাসকলে দান-দক্ষিণা দিয়াৰ উদাহৰণ আছে।বিহু ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কৃষি সংস্কৃতিৰ আৰম্ভনিৰ পৰাই অসমীয়া জনসাধাৰণে কৃষিৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন কৰি আহিছে। বিহুৰ নীতি-নিয়মবোৰ যেন অসমীয়া সমাজৰ দাপোনস্বৰূপ আৰু এই দাপোনতে প্ৰতিভাত হয় সমাজৰ সংস্কৃতি আৰু পৰম্পৰাসমূহ।কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়।ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। জনবিশ্বাসমতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতি(পৃ্থিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা বহাগ মাহৰ ছয় তাৰিখলৈকে সাত দিন ধৰি পালন কৰে। এই সাত দিন ধৰি পালন কৰা বিহুকে সাতবিহু বোলে।চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে গৰু বিহু, মানুহ বিহু,গোসাঁই বিহু,তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। চেৰা বিহুৰে বহাগ বিহু সামৰা হয়।অৱশ্যে এই সাত বিহুৰ পৰম্পৰা বৰ্তমান বিলুপ্তপ্ৰায়।অৱশ্যে ঠাইভেদে এই সাতবিহুৰ নামৰ পার্থক্য পৰিলক্ষিত হয়।এই সাতটা বিহুকে “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে। উজনি অসমত বিহুৰ ভিতৰতে আমৰ মল, কঁঠালৰ মুচি আৰু মচুৰ মাহ পটাত বটি সৰ্বোষধি খোৱাৰ পৰম্পৰা আছে। তেনেদৰে ঘৰৰ চাৰিওপিনে নহৰুৰ পানী ছটিয়াই দিয়া, ছেৰা বিহুৰ দিনা পঁইতা আৰু দৈ খোৱাটো উল্লেখযোগ্য। আকৌ বিহুৰ ভিতৰতে কণীৰে যুঁজিবলৈ যোৱা, কড়ি খেল খেলোৱা, গছপুলি ৰোৱা, আদি পৰম্পৰাবোৰো পালন কৰা পৰিলক্ষিত হয়।বিহু যিহেতু কৃষিভিত্তিক উৎসৱ, সেয়ে অসমীয়াৰ বাবে গৰু হালেই প্ৰধান সম্পত্তি। খেতি কৰিবলৈ গৰুহাল নহলে নহয়, সেয়ে বিহুৰ প্ৰথম দিনা গৰুক মাহ-হালধিৰে গা ধুৱাই, নীতি-নিয়মৰ মাজেৰে আগবঢ়া হয়।গৰু বিহুৰ দিনা ৰাতিপু্ৱাই গৰু-ম’হক পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি, দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত “চাট”(ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি গালৈ দলিয়াই গোৱা হয়-
“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”
এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।উল্লেখনীয় যে, সেই দিনা গৰু ঘোঁহোৱা তেল মানুহে গাত ঘঁহিলে চৰ্মৰোগ নহয় বুলি কোৱা কথাটোও এই প্ৰসঙ্গত প্ৰণিধানযোগ্য। তেনেদৰে ব’হাগ বিহুত গৰু ছাগলীক ঘোঁহোৱা মাহ হালধিও মানুহে গাত সানি গা ধুলেও বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি লোক বিশ্বাস আছে।গৰুক গা-ধোৱাই সেৱা-সৎকাৰ কৰি সন্ধিয়া নতুন পঘাৰে বন্ধা হয়। এই বিহুত সাতশাক খোৱা পৰম্পৰাৰ লগতো এক বিশ্বাস জড়িত হৈ আছে।ব'হাগ মাহত চলি অহা বিভিন্ন লোকে পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। গৰু বিহুৰ দিনটোতেই অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ১০১ বিধ শাকৰ জুটি লোৱা হয়।এই পৰম্পৰাৰ বিজ্ঞানসন্মত কাৰণ আছে।বিশ্বাস কৰা হয় যে, ১০১ বিধ শাক খালে বছৰটোৰ বাবে নিৰোগী হৈ থাকে। অতীজৰে পৰাই বহু শাক, লতা বিভিন্ন দুৰাৰোগ্য ৰোগত ঔষধীৰূপে ব্যৱহাৰ কৰি আহিছে। অসমীয়া মানুহে গৰু বিহুৰ দিনা ১০১ বিধ শাক সংগ্ৰহ কৰি খোৱাটো এক সুন্দৰ পৰম্পৰা।সকলো শাক আজিকালি পাবলৈ টান বাবে ইয়াৰ লগতে পাচলিও মিহলি কৰি দিয়া হয়। এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা আনে, শক্তি যোগায় আৰু বহু ৰোগ নিৰাময় কৰে।
গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে। আজিৰ দিনটোত সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে। নতুন বছৰৰ প্ৰথম দিনটোতে নিয়ম-নীতি , পৰম্পৰাৰে অসমীয়াই নতুন বছৰক আদৰি লয়। কিছুমান তিতাৰ ৰস ৰাতিপুৱাই খোৱাৰ নিয়ম। ৰাতিপুৱা মাহ-হালধি সানি গা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। বিহুৰ নতুন বস্ত্ৰ বিহুৱান মৰমৰ গামোচা উপহাৰেৰে এজনে আনজনৰ প্ৰতি মৰম , সন্মান আৰু শ্ৰদ্ধা জনায়।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments