08 December, Sun 2024
support@thecriticalscript.com
Blog image

অসমৰ 'লুইত কোঁৱৰ'ৰ বিষয়ে জানেনে?

08 Oct,2024 05:16 PM, by: Ankita Gogoi
1 minute read Total views: 133
0 Like 0.0

অসমৰ সাংস্কৃতিক জগতত ৰুদ্ৰ বৰুৱা অতি পৰিচিত নাম, কাৰণ তেওঁ এগৰাকী গীতিকাৰৰ লগতে এগৰাকী গায়ক, মঞ্চ আৰু বোলছবিৰ অভিনেতা, শংকৰী কলা-সংস্কৃতিৰ প্ৰচাৰক, শ্বিলং কলা পৰিষদৰ অন্যতম গুৰি ধৰোঁতা আৰু অসমৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক আছিল।তেখেতক অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীতসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে “লুইত কোঁৱৰ” উপাধিৰে জনা যায়।

“কলংপৰীয়া গীতিকাৰ” তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি।শ্বিলঙত থকা সময়তে ৰুদ্ৰ বৰুৱাৰ দ্বাৰা সুৰাৰোপিত হৈছিল এটি চিৰযুগমীয়া গীত। গীতটি আছিল ‘কলৰে পাততে কাউৰী পৰে। ৰুদ্ৰ বৰুৱাৰ জন্ম ১৯২৬ চনত অসমৰ নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰ ভীমৰ গাঁৱত হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল বৰদাকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল হীৰালতা বৰুৱা।

জন্মসূত্ৰেই ৰুদ্ৰ বৰুৱাই এক সাংস্কৃতিক বাতাৱৰণ পাইছিল। শংকৰী সংস্কৃতিৰ দ্বাৰা সেই অঞ্চলটো প্ৰভাৱান্বিত হৈছিল। ৰুদ্ৰ বৰুৱাৰ ঘৰৰ ওচৰতে থকা নামঘৰটোত তেওঁ বিভিন্ন ভাওনা,নাম-প্ৰসংগ আদি দেখি আহিছিল আৰু অসমীয়া লোক সংগীতৰ সুৰৰ প্ৰতি মোহ ওপজিছিল।ৰুক্মিণী হৰণ ভাওনাত ৰুক্মিনীৰ ভাও লৈ তেওঁ যেতিয়া বিলাপ জোৰে, গাঁৱৰ দৰ্শকবৃন্দৰ দুচকুৰে দুধাৰি লোটক বৈ আহে। সময় পালেই তেওঁ নাতিদূৰৈত থকা লেটুগ্ৰাম সত্ৰলৈ গৈ গোঁসাই মহন্ত ভকতসকলৰ ওচৰত বহি গীত মাতৰ চৰ্চা কৰিছিল।মাকৰ লগতে বিভিন্ন মহিলাৰ মুখত শুনিবলৈ পোৱা আইনাম, ধাইনাম আদিয়ে তেওঁক অভিভূত কৰিছিল। গ্ৰাম্য সৌন্দৰ্যৰ দ্বাৰা আলোড়িত হৈ ৰুদ্ৰ বৰুৱাই সেই সময়তে গীত লিখাৰ উদ্দেশ্যে কলম তুলি লৈছিল। পথাৰত গৰু চৰাই নাচি-বাগি খেলি থাকোঁতেই এদিন ৰুদ্ৰ বৰুৱাই লিখিছিল।

ৰুদ্ৰ বৰুৱাৰ ওচৰত সংগীত-শিক্ষা গ্ৰহণ কৰি খগেন মহন্তই কটন কলেজত অনুষ্ঠিত হোৱা সদৌ অসম সংগীত সন্মিলনীত সেই গীতটো পৰিৱেশন কৰে আৰু শ্ৰোতাৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰে।পাছত তেওঁ গীতটো কলিকতালৈ গৈ বাণীবদ্ধ কৰে।মুক্তিলাভৰ পাছতেই গীতটিয়ে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰে।

ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ সাতামপুৰুষীয়া বিহু গীত, বনঘোষা, আইনাম, বিয়ানাম, বৰগীত, থলুৱা গীতসমূহৰ সুৰৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ পৰিছিল। গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ জ্ঞানদা কাকতী আৰু জ্যোতিমৰ্য় কাকতীৰ দ্বৈত কণ্ঠত ‘লুইতৰ পাৰত দুটি ফুল বনৰীয়া’, ‘চ’তৰ চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই’ ৰুদ্ৰ বৰুৱাৰ ৰচনা আৰু সুৰৰ অতি মনপৰশা দুটি বনগীত আছিল।

ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ সাতামপুৰুষীয়া বিহু গীত, বনঘোষা, আইনাম, বিয়ানাম, বৰগীত, থলুৱা গীতসমূহৰ সুৰৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ পতিছিল। গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ জ্ঞানদা কাকতী আৰু জ্যোতিমৰ্য় কাকতীৰ দ্বৈত কণ্ঠত ’লুইতৰ পাৰত দুটি ফুল বনৰীয়া’, ’চ’তৰ চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই’ ৰুদ্ৰ বৰুৱাৰ ৰচনা আৰু সুৰৰ অতি মনপৰশা দুটি বনগীত। তেওঁৰ ভালেকেইটা গীতত গায়ক খগেন মহন্তৰ কণ্ঠদান কৰিছে। মুক্তিনাথ বৰদলৈৰ ৰচনাৰে দিপালী বৰঠাকুৰৰ কণ্ঠত ’জোনধন জোনালীতে’, কেশৱ মহন্তৰ ’বৰষুণৰ বতৰত’ গীত দুটাও অতি জনপ্ৰিয়। অৰ্চনা মহন্ত, মৃদুলা দাস, অপূৰ্ব দাস, অণিমা ভট্টাচাৰ্য, নীলিমা খাতুন, মহানন্দ মজিন্দাৰ বৰুৱাৰ উপৰি মান্না দে’, সুমন কল্যাণপুৰ আদি শিল্পীয়েও তেওঁৰ গীতত কণ্ঠ নিগৰাইছিল। তেওঁৰ গীতবোৰ হাৰমনিয়াম আৰু তবলাযোৰেৰে পৰিবেশন কৰিছিল। তেখেতৰ গীতবোৰ ’ৰুদ্ৰ বৰুৱাৰ গীত’ ৰূপে জনা যায়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.