27 July, Sat 2024
support@thecriticalscript.com
Blog image

টাই ফাকে সকলৰ পৰম্পৰাগত সাজ-পোছাক

15 Dec,2023 06:19 PM, by: Ankita Gogoi
1 minute read Total views: 792
0 Like 0.0

টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী। গ্ৰীয়েৰ্চনৰ মতে ফাকেসকল ১৭৬০ চনত অসমত প্ৰৱেশ কৰিছিল৷১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটে। অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ নামফাকে, টিপামফাকে,বৰফাকিয়াল, নিংগাম, ফানেং আদি গাঁৱৰ লগতে অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাত এই জনগোষ্ঠীৰ সীমিত সংখ্যক লোকে বাস কৰি আহিছে।

 

টাই ফাকে মহিলাসকলে পথালিকৈ আঁচ টনা ৰঙীন মেখেলা পৰিধান কৰে। এই মেখেলাক তেওঁলোকে চিনবোলে এই চিনখনত কোনোধৰণৰ ফুলৰ আৰ্হি নাথাকে, কিন্তু বিভিন্ন ৰঙৰ সূতাৰ সামঞ্জস্যপূৰ্ণ আৰু সু-সংহত প্ৰয়োগে এই চিনখন যথেষ্ট আকৰ্ষণীয় কৰি তোলে। এই চিনখন প্ৰস্তুত কৰোতে ফাকে মহিলাসকলে কলা সূতাৰে দীঘ দিয়ে। প্ৰথমে চিনখনৰ একেবাৰে তলত অৰ্থাৎ পানীগাঁঠিত পৰা অংশটো অৰ্থাৎ টিন চিনদুই চে:মি: বহল জোখেৰে বোৱা হয়। এই টিন চিনৰ পাচৰ অংশটো প্ৰথমে গুলপীয়া,সেউজীয়ালা,হালধীয়া, বগাৰে শেষ কৰে। বিবাহিতা মহিলাই কঁকালত নাংৱাত (ৰিহা) মেৰাই লয়। মহিলাসকলে চ্যু (চোলা) পিন্ধি গাত এখন চাদৰ লয়। কঁকালত মৰা ৰঙীন পেটীডালক তেওঁলোকে চাইচিনন্বোলে। গাভৰুসকলে কঁকালত চ্যু আৰু গাত চিন পিন্ধে। গাত তেওঁলোকে ফাফৈক অৰ্থাৎ বগা চাদৰ এখন ছাটি মাৰি লয়। তেওঁলোকে বিবাহিতা মহিলাৰ দৰে নাংৱাত নিপিন্ধে।

 টাই ফাকে সমাজত পুৰুষসকলে গাত চ্যু (চোলা)পিন্ধে। তেওঁলোকে কঁকালত ফানুং (লুঙী) পৰিধান কৰে। মহিলাসকলৰ চিনৰ দৰে ফাক সমাজত পুৰুষসকলে পৰিধান কৰা ফানুংখনৰ বয়নশৈলীও যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে এই ফানুংখন বেঙুনীয়া, সেউজীয়া হালধীয়া, বগা, লা আৰু গুলপীয়া ৰঙৰ সূতাৰ সমাহাৰত প্ৰস্তুত কৰা হয়। ৰঙীন সূতাৰে গাৰি দি বোৱা এই ফানুখনৰ প্ৰধান বৈশিষ্ট্য হল প্ৰতিটো গাৰি ঘৰ সৃষ্টি কৰা সূতাৰ আঁচ দুডালৰ সংযোগস্থলত একোটা সৰু সৰু বুটাৰ সৃষ্টি হয়। এই বুটাবোৰক তেওঁলোকে লুংগ্বোলে। পুৰুষসকলে গাত মেৰাই লোৱা বগা চাদৰখনক ফাফৈকবোলে। তেওঁলোকে ডিঙিত ৰঙীন গামোচা (প-কং-খ) মেৰাই লয়। ফাকে সমাজত বয়সস্থসকলে মূৰত পাগুৰি (ফাহু) মাৰে। তেওঁলোকে কান্ধত এখন ৰঙীন মোনা (থুং) আৰি লয়।


তথ্য সংগৃহীত

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.