মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অভিনৱ সৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’
বৃন্দাবনী বস্ত্ৰৰ আক্ষৰিক অৰ্থ হৈছে ‘বৃন্দাবনৰ কাপোৰ’। ১৬ শ শতিকাত
উত্তৰ-পূব ভাৰতৰ অসমত ইয়াৰ সৃষ্টি হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবন অৰণ্যত থকাৰ
সময়ৰ প্ৰাথমিক জীৱনৰ দৃশ্যপট বয়ন কৰা হৈছে। প্রায় ১৮০ ফুট আৰু বহলে প্রায় ৯০ ফুট আকাৰৰ। প্ৰকৃত
বৃন্দাৱনী বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত
আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
মহাপুৰুষ শংকৰদেৱৰ অসমৰ জাতীয় জীৱনলৈ যি অৱদান আগবঢ়াইছে
সেইয়া সকলবোৰ অদ্ভূত। অঙ্কীয়া নাট ভাওনাৰ পৰা আৰম্ভ কৰি বৰগীত, সত্রীয়া গীতলৈকে তেখেতৰ যি এক বিশাল
পৰিসৰ সেয়া চিৰস্মৰণীয়। তেখেতৰ এই মহৎ কৰ্মৰাজি বোৰৰ ভিতৰতে আছিল এক অনুপম তথা
অভিনৱ সৃষ্টি হৈছে বৃন্দাবনী বস্ত্র। কোচৰজা মহাৰাজ নৰনাৰায়ন আৰু চিলাৰায়ৰ
অনুৰোধ মৰ্মে গুৰুজনাই এই বিশাল কাম আৰম্ভ কৰিবলৈ বৰপেটাৰ পাটবাউসীত বাহৰ পাতিছিল। পাটবাউসীৰ
ওচৰতে থকা তাঁতীকুছিত বৃন্দাবনী বস্ত্রৰ কাম আৰম্ভ হৈছিল আৰু এই
বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল।
কোঁচবিহাৰলৈ যাওঁতে শংকৰদেৱৰ পৰা শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ কথা
শুনি সেই সকলোবোৰ ওচৰৰ পৰা চাবৰ বাবে মহাৰাজ নৰনাৰায়ণে হাবিয়াস কৰে।
সেইয়ে তেওঁৰ নিজৰ মনোভাৱ শংকৰদেৱৰ আগত প্ৰকাশ কৰে আৰু বৃন্দাবনৰ সমস্ত চিত্ৰৰ
বস্ত্ৰ এখনত বোৱাই তেখেতক দেখুৱাবলৈ অনুৰোধ জনায়। শ্ৰীকৃষ্ণৰ
সৰুকালৰ পৰা আৰম্ভ কৰি লীলালৈকে অঙ্কিত হোৱা এই বস্ত্রত বৰ্ণনাসমূহো সূতাৰেই
শিপিনীয়ে তুলি ধৰিছিল। গুৰুজনাই শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সকলোবোৰ চিত্ৰ
প্ৰস্তত কৰে।সেই চিত্ৰ সমূহ বস্ত্ৰত অংকন কৰি তাত বলাবলৈ ৰঙৰ বাবে বৰপেটাৰ
আশে পাশে থকা বনাঞ্চল সমূহৰ পৰা প্ৰাকৃতিক উপাদান, যেনে,
গছৰ ছাল, ফুল, ফল, গুটি,
পাত, মূল
আদিৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি সূতাবোৰত বুলাই সাজু কৰিছিল।সূতাবোৰ ৰঙা, ক’লা, হালধীয়া, সেউজীয়া, পাতল নীলা, শ্যামবৰণ আদি বিভিন্ন ৰঙেৰে
বোলোৱা হ’ল৷ তেখেতে
কাপোৰ বোৱা তাঁতী সকলক চোৱাৰ দায়িত্ব
মাধৱদেৱক দিছিল। দীঘলে প্রায় ১৮০ ফুট আৰু বহলে প্রায় ৯০ ফুট আকাৰৰ এই বস্ত্র
খন ডাঙিবলৈ, আৰু বান্ধিবলৈ
প্রয়োজন হৈছিল একেলগে ৬০ জন লোকৰ। এই বস্ত্র খন নাওত কঢ়িয়াই গুৰুজনাই চিলাৰায়ৰ হাতত
অৰ্পণ কৰিছিল।
বয়নৰ সমত সেই অঞ্চলত বহু আলৌকিক ঘটনা ঘটিছিল ৷ যিবোৰ ঘটনাৰ আলমত মানুহে ভাবিবলৈ বাধ্য হৈছিল যে গুৰুজনা সামান্য মানৱ নহয় ,তেখেত ভগৱান শ্ৰীকৃষ্ণৰ মানৱ অৱতাৰ।সম্পূৰ্ণ ছমাহ এই বয়ন কাৰ্য্য চলি আছিল ৷পাটবাউসী সুন্দৰীদিয়া আদি দাঁতিকাষৰীয়া গাঁও বোৰত কথাটো প্ৰচাৰ হোৱাৰ পাছত সকলোৱে সেই অনুপম সৃষ্টিক চকুৰে চোৱাৰ হাবিয়াস কৰাত শংকৰদেৱে ৰাইজক প্ৰথম বাৰৰ বাবে দেখুৱালে ৷তাৰ এবছৰৰ পাছত সেইখন নৰনাৰায়ণৰ ৰাজ সভালৈ ৰজাক প্ৰদান কৰা হয় ৷বস্ত্ৰখনৰ ৰং, ৰূপ, বয়ন কৌশল আৰু চিত্ৰবোৰ দেখি অভিভূত হৈ পৰিল।এই বস্ত্র বহুদিনলৈ কোচবিহাৰৰ মধুপুৰ সত্রত থাকে। কিন্তু তাৰ পাছত অন্তৰ্ধান হয়। কোনেও নাজানিলে বস্ত্রখন ক’ত হেৰাল। তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান এই বস্ত্রখনৰ সম্পুৰ্ণ ৰূপটো নাই।কিন্তু এটা অংশ লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments