26 August, Tue 2025
support@thecriticalscript.com
Blog image

বৈজয়ন্তী দেৱী অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ

21 Aug,2025 05:32 PM, by: Ankita Gogoi
1 minute read Total views: 62
0 Like 0.0

অসম আন্দোলনৰ প্ৰথম আৰু শোণিতপুৰৰ প্ৰথম শ্বহীদ বুলি জানিব পৰা  বৈজয়ন্তী দেৱী শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিৰ এটি সৰু পৰিয়ালত ১৯৫৯ চনৰ ১৯ জুলাইত জন্ম হয়। তেখেতৰ দেউতাৰ নাম অমৰ উপাধ্যায় আৰু মাকৰ নাম শান্তি দেৱী। তেওঁ স্পষ্টবাদী, অমায়িক, মিতব্যয়ী আৰু সাহসী আছিল। সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা ৮৫৫ জন শ্বহীদৰ ভিতৰত বৈজয়ন্তী দেৱীৰ নাম উল্লেখযোগ্য।

বৈজয়ন্তী দেৱী তিনিজনী কন্যাৰ ভিতৰত দ্বিতীয়। প্রাথমিক শিক্ষাৰ পাছত তেখেতে শ্বিলংৰ জেইল ৰোডৰ ছোৱালী হাইস্কুলত আৰু তাৰ পাছত তেজপুৰৰ বহুমুখী ছোৱালী কন্যাবিদ্যালয়ত অধ্যয়ন কৰিছিল। বাল্যকালৰ পৰা বৈজয়ন্তীৰ সাংস্কৃতিক মনোভাৱ স্পষ্ট আছিল। শিক্ষাৰ লগে লগে তেখেতে নৃত্য, গীত পৰিৱেশন আৰম্ভ কৰিছিল আৰু অসমৰ বিভিন্ন স্থানত প্রশংসা লাভ কৰিছিল। ১৯৭৫ চনত অৰুণাচলত অনুষ্ঠিত ‘অসম-অৰুণাচল ছাত্ৰ সাংস্কৃতিক বিনিময় সন্মিলনত’ অসমৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। ১৯৭৬ চনত গুৱাহাটীত অনুষ্ঠিত অসম গোর্খা সন্মিলনত তেখেতে বিহু আৰু বিভিন্ন গীত-নৃত্য প্ৰদৰ্শন কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। সেই সময়ত তেখেতৰ নৃত্য দেখি মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিঙে কৈছিল, “বৈজয়ন্তী দেৱীৰ দৰে কলা সংস্কৃতিক বিকাশৰ কৰা চেষ্টা অন্যান্য জনগোষ্ঠীকো অনুপ্ৰাণিত কৰিব।”

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ চান্দমাৰী স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় সদস্যা বৈজয়ন্তী দেৱী অসম আন্দোলনৰ আৰম্ভণিৰ পৰা প্ৰতিটো কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ৰণশিঙা দিৱসত শঙ্খ বজাই আন্দোলনকাৰীক উৎসাহিত কৰাৰ সময়ত তেখেত আঘাত প্ৰাপ্ত হয় আৰু ১৯৮০ চনৰ ১৬ আগষ্টত তেজপুৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটে।শিল্পী আৰু সংস্কৃতিক ব্যক্তি হিচাপে বৈজয়ন্তীৰ প্ৰতিভা, জেদী মনোভাব, সাহসী প্ৰকৃতি, আৰু সামাজিক কামৰ প্ৰতি অটুট মনোভাব তেওঁৰ ব্যক্তিত্বৰ বিশেষত্ব। 

বৈজয়ন্তী দেৱীৰ মৃত্যুত অসমে এগৰাকী শিল্পী আৰু সক্ৰিয় আন্দোলনকাৰীক হেৰুৱাইছিল। তেওঁৰ আত্মত্যাগ আৰু সাহস আজি অসমৰ সকলোৱে স্মৰণ কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.