29 March, Fri 2024
support@thecriticalscript.com
Blog image

সহজ পদ্ধতিৰে গ্ৰীষ্মকালত শীতল কৰি ৰাখক আপোনাৰ শৰীৰ

06 May,2023 05:35 PM, by: Ankita Gogoi
1 minute read Total views: 535
1 Likes 0.0

এতিয়া গ্ৰীষ্মকাল। লাহে লাহে ইয়াৰ তাপমাত্ৰা আৰু অধিক হব। আমাৰ ইয়াত বায়ুৰ আৰ্দ্ৰতা বেছি বাবে গৰমত ঘামো বেছিকৈ ওলায়। এই অসহনীয় উত্তাপে গ্ৰীষ্মকালীনত বহুতো ৰোগ সৃষ্টি কৰে যেনে - ষ্ট্ৰোক, দত মূৰৰ বিষ, নাকত ৰক্তক্ষৰণ, পানীলগা, মহৰ দ্বাৰা হোৱা ৰোগ ইত্যাদি।সেইয়ে গৰমত নিজৰ শৰীৰটো ঠাণ্ডা কৰি ৰখা অত্যন্ত প্ৰয়োজনীয় ।তলত কেইটামান সহজ পদ্ধতি   আগবঢ়োৱা হ

হাইড্ৰেটেড হৈ থাকক

গৰমৰ পৰা হাত হাৰিবলৈ হাইড্ৰেটেড হৈ থকাটো এটা সহজ উপায়যিমান পাৰে পানী খোৱা কৰক। পানী খালে আপোনাৰ শৰীৰত থকা তৰল পদাৰ্থৰ পৰিমাণ ধৰি ৰখাত সহায় কৰে যিটো গৰমৰ ঘাম সহজে হেৰাই যোৱা পৰিলক্ষিত হয়। প্ৰতিটো ঋতুতে প্ৰতিজন ব্যক্তিয়ে ২ লিটাৰ পানী খোৱাটো প্ৰয়োজনীয়। ৰস, নাৰিকল পানী আৰু হাইড্ৰেটিং ফল খাব লাগে।

লঘু আহাৰ গ্ৰহণ কৰক

গধুৰ আহাৰ খোৱাতো শৰীৰত তাপ সৃষ্টি কৰি অস্বস্তি অনুভৱ কৰিব পাৰে। বেছি আহাৰ খোৱাৰ পিছত আপোনাৰ শৰীৰে খাদ্য হজম আৰু বিপাকীয় ক্ৰিয়াৰ বাবে অধিক কষ্ট কৰিবলগীয়া হয়। ইয়াৰ ফলত অৱশেষত আপোনাৰ মূল উষ্ণতা বৃদ্ধি পায়। গৰমৰ দিনত লঘু আৰু সদ্য সিজোৱা খাদ্য খাব লাগে।

চাহ আৰু কফি পৰিহাৰ কৰক

কেফেইন আৰু নিকোটিন সেৱন কৰিলেও শৰীৰৰ মূল উষ্ণতা বৃদ্ধি পাব পাৰে। ইহঁতে ৰক্তবাহী নলী সংকুচিত কৰে যিয়ে তেজ গৰম কৰে আৰু আপোনাক গৰম আৰু ঘামুচি অনুভৱ কৰায়। নাৰিকল পানীনেমুৰ পানী আৰু ফলৰ ৰস আদি শীতল পানীয় খাব লাগে। অত্যধিক মদ্যপান কৰাটোও পৰিহাৰ কৰিব লাগে।

গৰম পানীৰে গা ধোৱা

গৰমৰ দিনত ঠাণ্ডা পানীৰে গা ধুলে শান্তি অনুভৱ কৰা হয় যদিও বিজ্ঞানীসকলে কয় যে ইয়াৰ ফলত আচলতে গৰম অনুভৱ হয়। কাৰণ ঠাণ্ডা পানীৰে গা ধুলে শৰীৰে পুনৰ গৰম হবলৈ অধিক কষ্ট কৰিবলগীয়া হয়। অধ্যয়নত দেখা গৈছে যে গৰম পানীয়ে আপোনাৰ তেজ সঞ্চালন ঠাণ্ডা কৰে। এনে পৰিস্থিতিত গৰম পানীৰে গা ধোৱাটো এটা উত্তম বিকল্প।

ভৰিৰ তলি ঠাণ্ডা কৰক

যদি আপুনি অতিমাত্ৰা গৰম অনুভৱ কৰিছে তেন্তে আপোনাৰ উষ্ণতা হ্ৰাস কৰাৰ এটা সহজ উপায় হল ভৰিৰ তলি ঠাণ্ডা কৰা। ভৰি দুখন শীতল পানীত কিছু সময় তিয়াই ৰাখিলে আৰাম পোৱাত সহায়ক হয় আৰু গৰম কম অনুভৱ হয়। ঢিলা কপাহী কাপোৰ পিন্ধিব লাগে

ঢিলা, পাতল ৰঙৰ কাপোৰ

টাইট ফিট আৰু গাঢ় ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ ঘাম বেছি উলায়। যদি আপুনি শীতল হৈ থাকিব বিচাৰে আৰু অত্যধিক ঘামচিৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ঢিলা, পাতল ৰঙৰ কপাহী কাপোৰ বাছি লওক। ডাঠ কাপোৰ পিন্ধিলে অধিক গৰম লাগিব, ইয়াৰ উপৰিও গাঢ় ৰঙে পোহৰৰ অধিক তৰংগদৈৰ্ঘ্য শোষণ কৰে, যাৰ ফলত আপুনি বহুত গৰম অনুভৱ কৰে।

কিছু সতেজ ফল খাব

গ্ৰীষ্মকালীন ফল যেনে তৰমুজ, আম, আনাৰস খালে আপোনাক সতেজ কৰাই নহয়, শক্তিশালী পুষ্টিও প্ৰদান কৰে। যিহেতু এই ফলবোৰত তৰল পদাৰ্থ বেছি থাকে, গতিকে ই আপোনাক হাইড্ৰেট ৰাখিব।  এই ফলবোৰে আপোনাৰ স্বাস্থ্যৰ বাবে বহু ভাল কাম কৰিব পাৰে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব আৰু গ্ৰীষ্মকালীন ৰোগৰ বিৰুদ্ধে যুঁজিব, আপোনাৰ ৰক্তচাপ সুস্থিৰ কৰিব

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.