15 May, Thu 2025
support@thecriticalscript.com
Blog image

কেৱল নীলাচলতে নহয়, কামকূট পাহাৰতো আছে মা কামাখ্যাৰ দ্বিতীয় দেৱালয়!

22 Apr,2025 06:33 PM, by: Ankita Gogoi
1 minute read Total views: 88
0 Like 0.0

প্ৰতিদিনেই দেশ-বিদেশৰ সাধু, সন্ন্যাসী তথা ভক্তৰ লানি নিচিঙা শাৰী হয়  নীলাচলৰ বুকুত থকা মা কামাখ্যা মন্দিৰত। কিন্তু কেৱল নীলাচলতে নহয়, কামকূট পাহাৰতো আছে মা কামাখ্যাৰ দ্বিতীয় দেৱালয়। নগাঁৱৰ শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি জনা যায়। অৱশ্যে নীলাচল পাহাৰৰ দৰে শিলঘাটৰ কামাখ্যা দেৱালয়ত হাজাৰ হাজাৰ ভক্তৰ আগমণ নঘটে। ৰাজ্যৰে বহু লোকে নাজানে শিলঘাটৰ এই কামাখ্যা দেৱালয়ৰ বিষয়ে।

নীলাচালৰ বুকুত থকা মা কামাখ্যা দেৱালয়ৰ দৰেই ইয়াতো বছৰ বছৰ ধৰি অব্যাহত আছে পূজা অর্চনা।

লোকবিশ্বাস অনুসৰি অষ্টম শতিকাতে শালস্তম্ভবংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্যা পাহাৰত স্থাপন কৰিছিল এই কামাখ্যা মন্দিৰ। প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পাছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্রীষ্টাব্দত স্বৰ্গদেউ প্রমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে।তেতিয়াৰে পৰা অনুষ্টুপীয়াকৈ ইয়াত মা কামাখ্যাৰ আৰাধনা চলি আহিছে। তাৎপর্যপূর্ণ যে, অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়, ভৱিষ্যতে এই মন্দিৰক এক ধর্মীয় পর্যটন ক্ষেত্র হিচাপে গঢ় দিব পৰা যাব।

তাৎপর্যপূর্ণ যে, ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগেও কামকূট পাহাৰৰ প্রাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই দেৱালয়ৰ বিষয়ে প্ৰচাৰত বৰ বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়, ভৱিষ্যতে এই মন্দিৰক এক ধর্মীয় পর্যটন ক্ষেত্র হিচাপে গঢ় দিব পৰা যাব আৰু এই মন্দিৰতো ভক্তৰ সংখ্যা বৃদ্ধি হ'ব।


  তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.