26 June, Thu 2025
support@thecriticalscript.com
Blog image

ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা!

13 Jun,2025 12:00 AM, by: Ankita Gogoi
1 minute read Total views: 138
0 Like 0.0

ৰেণুকা দেৱী বৰকটকী আছিল এগৰাকী প্ৰতিভাৱান ৰাজনীতিবিদ, সমাজকৰ্মী। অসম তথা ভাৰতীয় ৰাজনীতিত তেওঁৰ অৱদান এক অতুলনীয় উদাহৰণ। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।

ৰেণুকা দেৱী বৰকটকীৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল তেখেত কটন কলেজত অধ্যয়ন কৰা সময়ছোৱাত। তেওঁ তেতিয়াই যুৱ কংগ্ৰেছৰ সদস্য হিচাপে ৰাজনীতিৰ সৈতে সম্পৰ্ক স্থাপন কৰে। সততা, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু নেতৃত্বদানেৰে তেখেত অতি কম সময়তে নিজক এক গুৰুত্বপূর্ণ ৰাজনৈতিক ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

ৰাজনৈতিক যাত্ৰা

১৯৬২ চনত ৰেণুকা দেৱীয়ে প্ৰথমবাৰৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়। তাৰ পিছত, ১৯৭২ চনত হাজো বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নির্বাচিত হয়।

১৯৭৭ চনত জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তেওঁ পুনৰাই লোকসভালৈ নিৰ্বাচিত হয়। এই সময়ত তেওঁ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ নেতৃত্বৰ জনতা চৰকাৰত শিক্ষা, সমাজকল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হিচাপে ৰেণুকা দেৱীয়ে ইতিহাস সৃষ্টি কৰিছিল।

সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা পদক্ষেপ

ৰাজনীতিৰ বাহিৰতো ৰেণুকা দেৱী বৰকটকী সমাজ সেৱাৰ ক্ষেত্ৰত সক্ৰিয় আছিল। তেওঁ ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ অসম শাখাৰ সম্পাদক আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। মানুহৰ দুখ-দুৰ্দশা আৰু সমাজৰ প্ৰতি তেওঁৰ দায়িত্ববোধে তেওঁক এজন আদৰ্শ সমাজকৰ্মী হিচাপে গঢ়ি তুলিছিল।

সাহিত্যক্ষেত্ৰত অবদান

তেওঁৰ স্বামী মুনীন বৰকটকী আছিল এগৰাকী বিশিষ্ট সাহিত্যিক। তেওঁৰ মৃত্যুৰ পিছত ৰেণুকা দেৱীয়ে মুনীন বৰকটকীৰ স্মৃতি সংৰক্ষণৰ বাবে মুনীন বৰকটকী স্মাৰক ন্যাস প্ৰতিষ্ঠা কৰে। ন্যাসৰ অধীনত মুনীন বৰকটকীৰ অপ্ৰকাশিত সাহিত্য প্ৰকাশৰ লগতে তৰুণ লেখক-লেখিকাসকলক উৎসাহিত কৰিবলৈ "মুনীন বৰকটকী বঁটা" প্ৰদান আৰম্ভ কৰে।

দেহাৱসান

২০১৭ চনৰ ১২ আগষ্টত ৰেণুকা দেৱী বৰকটকী অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল। অৱশেষত, ১৪ আগষ্ট ২০১৭ তাৰিখে তেখেতৰ মৃত্যু হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.