21 January, Tue 2025
support@thecriticalscript.com
Blog image

চকলং আহোম বিবাহ পৰম্পৰা!

20 Oct,2024 12:52 PM, by: Ankita Gogoi
1 minute read Total views: 1562
0 Like 0.0

চক-লং হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিট নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান। টাই আহোম ভাষাত ইয়াৰ অৰ্থ হ’ল চ=যোৰা লগোৱা, ক্লঙ=পূজা।এই প্ৰথা লেংদনে প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা চীন দেশৰ মু'ঙ-ফীত আৰম্ভ কৰিছিল।স্বৰ্গদেও ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকুমাৰী কুৰঙ্গনয়নীক এনেদৰে বিয়া কৰাই আনিছিল। “চকলং”  বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ দোৱতা লেংদনে অক কাই মহুং দেৱতা ৰজাৰ জোষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে।

আহোম বিবাহ পৰম্পৰা তিনিদিন পতা হয়। প্ৰথম দিনা ৰিক খ্ৱন, দ্বিতীয় দিনা চাও বান আৰু তৃতীয় দিনা চকলং অনুষ্ঠিত হয়। আহোম সকলৰ বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩. প্ৰীতিভোজ, ৪. ৰিক্ খ্বান উৎসৱ, ৫. চাওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সুৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মুখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁজন দেৱতাক কৰা প্ৰাৰ্থনা। চকলং বিবাহ এক অনা-হিন্দু টাই বিবাহ প্ৰথা। নিয়ম অনুসৰি চকলঙত সেন্দূৰ, ওৰণি, উৰুলী প্ৰয়োগ কৰিব নালাগে। চকলংৰ নীতি নিয়ম সম্পূৰ্ণ বানফি ফুৰালুঙ ধৰ্মৰ অন্তৰ্গত।

চকলংৰ বেদিটো সাতোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে। আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি ১০১ গছ তেলৰ বান-ফাই জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহুৱায়। দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱায়। কইনাক ভিতৰত কোঠাত লগৰীয়াৰ সৈতে বহুৱাই ৰখা হয়। আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰপৰা জোৰা নাম গাই শৰাই বিচাৰে। ইয়াৰ পাছতে কইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙৰ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ-তামোলৰ শৰাই আগ বঢ়ালেহে কইনাৰ সমলীয়াই কইনাক চকলঙৰ গুৰিলৈ নিয়ে। কইনাক আনোঁতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আঁৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায়। ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থ সকলক শৰাইত কাপোৰ কাণি দি পাণ-তামোলৰ মান ধৰে। কইনাৰ বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মুখত ম-লুংজন বহে। দৰা আৰু কইনাৰ আগত সাত পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰা:- বিশেষকৈ টাই আহোম চকলং বিবাহ পদ্ধতিত দৰা-কইনাক সাত পুৰুষৰ কৰ্মাৱলীৰ বৰ্ণনা কৰে। আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল তংলতী পাত, তিল আৰু এখন ঘিঁউ বান-ফাই দৰা-কইনাৰ সন্মুখত ৰাখে।

চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। অ’ফ্ৰা বান চকলং চি চিম হিউ তিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছতে দৰা বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ জনমিং দিয়ে। ম-লুঙে দৰাৰ আৰু কইনা দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা দৰাই কন্যাক আৰু কন্যাই দৰাক পিন্ধাই।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.