08 September, Sun 2024
support@thecriticalscript.com
Blog image

ইভা আছাও কোন জানেনে?

21 May,2024 05:56 PM, by: Ankita Gogoi
1 minute read Total views: 241
0 Like 0.0

১৯৫৪ চনত ‘পিয়লি ফুকন’ চলচ্চিত্রৰ যোগেদি মাত্র চৈধ্য বছৰ বয়সতে অসমীয়া চলচ্চিত্র জগতত ভৰি দিছিল।ইভা আচাওৰ জন্ম হৈছিল ১৯৪০ চনৰ ১০ এপ্রিল তাৰিখে। পিতৃ আছিল চীনা মুলৰ আৰু মাতৃ আছিল অসমীয়া।তেওঁ ফিল্মফেয়াৰ আলোচনীৰ কভাৰত প্ৰদৰ্শন হোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী।১৯৫৮ চনত ফিল্মফেয়াৰ আলোচনীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় 'প্ৰতিভা-সন্ধানী প্ৰতিযোগিতা'ত মহিলা শাখাত ইভা আচাওৱে শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰে। ইয়াৰ পিছত ইভা আচাওৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু বলীউদৰ প্ৰখ্যাত ছবি নিৰ্মাতা বিমল ৰয়ৰ পৰা তেওঁৰ আগন্তুক ছবি 'সুজাতা'ত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও ৰক্ষণশীল পৰিয়ালৰ পৰা অহা বাবে ইভা আচাওৱে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।১৯৫৬ চনত ডঃ ভুপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’ৰ যোগেদি প্রভূত জনপ্রিয়তা অৰ্জন কৰে ইভা আচাওয়ে। শকুন্তলা, লাচিত বৰফুকন, কেঁচাসোণ, মনিৰাম দেৱান, ভাইটি, মমতা, নৰকাসুৰ, প্রতিধ্বনি আদি অলেখ ছবিত অভিনয় কৰি সেই সময়ৰ এগৰাকী অপ্রতিদ্বন্দী নায়িকাত পৰিণত হয়।ইয়াৰ উপৰিও ইভা আচাওৱে বঙালী চলচ্চিত্ৰ বাঘিণী, পাগলাবাবু আৰু তৃষ্ণাত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও সেই একে কাৰণতেই তেনে প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰে। ১৯৬০ চনত তেওঁ উৰ্দু চিনেমা "দূৰ হেই সুখ কি গাওঁ"-ত অভিনয় কৰাৰ সুযোগ পায়।১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ দাম্পত্য জীৱনৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আছিল। ১৯৭২ চনত পুনৰ 'ভাইটি' চিনেমাৰ দ্বাৰা ছবিজগতত আত্মপ্ৰকাশ কৰে। ভাইটি চিনেমাখন আছিল প্ৰথম অসমীয়া পূৰ্ণ-দৈৰ্ঘ্যৰ ৰঙীণ ছবি। ইয়াৰ পিছত ইভাই 'মমতা', 'পৰিণাম' আৰু 'সন্তান' ছবিত অভিনয় কৰে।

অসমৰ নাট্য জগতৰ লগতো তেখেত জড়িত আছিল। ১৯৮৮ চনৰ ১৪ জুন তাৰিখে মাত্র ৪৮ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।এইগৰাকী সাহসী অভিনেত্রীয়ে অসমীয়া চলচ্চিত্র জগতলৈ সেই তাহানিৰ দিনতে যি অৱদান আগবঢ়াই গ’ল সেইয়া সঁচাকৈয়ে অতুলনীয়।


তথ্য সংগৃহীত


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.