পদ্মশ্ৰী ৰেৱকান্ত মহন্ত - অসমৰ মুখা শিল্পী
শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰত জন্মগ্ৰহণ কৰি ৰেৱকান্ত মহন্তই সত্ৰীয়া মুখা নিৰ্মাণৰ কলাৰ বিশেষজ্ঞ হোৱাৰ লগতে সত্ৰীয়া সংগীত, নৃত্য, খোল বাদন আৰু সঁজুলি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল।দহ বছৰ বয়সতে সত্ৰত পতা এখন ভাওনাৰ বাবে এটা গাইগৰু আৰু এটা পোৱালিৰ মুখা সাজি এই যাত্ৰাৰ পাতনি মেলিছিল ।তেওঁ সৰুতে পিতৃৰ নিৰ্দেশনাত মুখা নিৰ্মাণৰ কলা শিকিবলৈ আৰম্ভ কৰিছিল।
২০০৩ চনৰ ভাৰতৰ গণৰাজ্য দিৱস পেৰেডত তেওঁৰ মুখায়ে অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। সেই বছৰ প্ৰতীকপটৰ মুখ্য বিষয় অসমৰ মুখা নিৰ্মাণ পৰম্পৰাৰ ওপৰত আধাৰিত আছিল।
তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৭০খন মুখা দান কৰাৰ উপৰিও তেওঁ নিৰ্মাণ কৰা এখন নৰসিংহৰ বৰমুখা তেজপুৰ বিশ্ববিদ্যালয়ত, ৭০খন মুখা ইণ্ডিয়ান মিউজিয়াম অব কলকাতাত, পাঁচখন মুখা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত, সাতখন মুখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন নেশ্যনেল মিউজিয়ামত, দুখন মুখা অষ্ট্ৰেলিয়াৰ সংগ্ৰহালয়ত আৰু পাঁচখন মুখা ৰাছিয়া আৰু জাপানৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।
২০০৮ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা শিল্পগুৰু বঁটা,মুখাশিল্পৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১৪ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে আৰু ২০২৫ বৰ্ষত তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.














Related Comments