27 July, Sat 2024
support@thecriticalscript.com
Blog image

'No man's land' ৰ এটি বিশেষ দূৰ্গা পূজা

13 Oct,2023 05:44 PM, by: Ankita Gogoi
1 minute read Total views: 332
0 Like 0.0

শৰৎ মানেই শাৰদী ৰাণী দুৰ্গা মাৰ ধৰালৈ আগমনৰ সময় ৷ শাৰদীয় বতৰত শেৱালি ফুলৰ গোন্ধই সকলোকে আপ্লুত কৰি তুলে৷ শৰৎ আৰু দুৰ্গা পূজা এতিয়া সমাগত মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷সকলো ব্যস্ত এতিয়া দেৱী মাক আদৰিবলৈ। কি মৃৎশিল্পী, কি মণ্ডপ নিৰ্মাণ কৰ্তা নাইবা ঢাক প্ৰস্তুত কৰ্তাসকল ৷ আজি আমি এনে এক দূৰ্গা পূজা উদযাপনৰ কথা ক'ম যি পূজা‌ ন' মেনছ লেণ্ড অথবা কোনো মানুহ নোহোৱা ভূমিত পালন কৰা‌‌ হয়।

অসমৰ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰতি বছৰে এক বিশেষ দুৰ্গা পূজা অনুষ্ঠিত হয়। তাত থকা মাণিকপুৰ গাঁৱৰ বাসিন্দাসকলে ভাৰত-বাংলাদেশৰ সীমাৰ মাজৰ কোনো মানুহ নোহোৱা ভূমিত ছেপ্টেম্বৰঅক্টোবৰৰ মাহত সমগ্ৰ গাঁওখন একত্ৰিত হৈ প্ৰতি বছৰে দুৰ্গা মন্দিৰত পূজাৰ আয়োজন কৰে। স্থানীয় ৰাইজৰ অনুসৰি এই মন্দিৰটো ১৫০ বছৰতকৈও অধিক পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ১৯৯৪ চনত কাঁইটীয়া তাঁৰ স্থাপনৰ সময়ত মন্দিৰটো "কোনো মানুহ নোহোৱা মাটি"ত এৰি দিয়া হৈছিল। বাংলাদেশৰ ফালে বসবাস কৰা ভাৰতীয় গাঁওবাসীক মূল ভূখণ্ডলৈ সংস্থাপন কৰি মন্দিৰটো পৰিত্যক্ত কৰি দিয়া হয়।বিভাজনৰ সময়ত মন্দিৰটো ভাৰতৰ ভূখণ্ডৰ বাহিৰত পৰিল। এতিয়া অঞ্চলটোত কাঁইটীয়া তাঁৰ লগোৱা হৈছে আৰু সীমান্ত সুৰক্ষা বাহিনী আছে

এই মন্দিৰটো আছিল নৰেন্দ্ৰ মালাকাৰ নামৰ এজন ঘৰৰ মালিকৰ সম্পত্তিৰ অংশ। ইংৰাজৰ সময়ত তেওঁ এজন জমিদাৰ আছিলপূৰ্ৱতে ইয়াত দুৰ্গা পূজা এসপ্তাহজোৰা উদযাপন কৰিছিলকিন্তু স্বাধীনতাৰ কেইবছৰমান পিছতে নৰেন্দ্ৰ মালাকাৰৰ মৃত্যু হয় আৰু পৰিয়াল উদযাপন হ্ৰাস হয়১৯৯৪ চনত যেতিয়া পৰিয়ালটোৰ শেষ মৃতক হৃদয় ৰঞ্জন মালাকাৰৰ মৃত্যু হয়,তেতিয়া আনুষ্ঠানিকভাৱে পূজা বন্ধ কৰা হয়।২০০০ চনৰ ভিতৰত সীমা নিৰ্ধাৰণ অভিযানত ঘৰটো আৰু নৰেন্দ্ৰ মালাকাৰৰ দুৰ্গা মন্দিৰৰ মাজত সীমা অংকন কৰা হৈছিল। ২০০৮ চনত এই অঞ্চলটো সীমাৰ ভিতৰত আহিল আৰু ২০০৯ চনত বি এছ এফৰ জোৱানসকলৰ সহযোগত মন্দিৰটো গাঁওবাসীয়ে পুনৰ নিৰ্মাণ কৰে আৰু পৰিত্যক্ত মন্দিৰটো পুনৰ সজীৱ কৰি তুলেতেতিয়াৰ পৰাই সেই ঠাইত দুৰ্গা পূজা পালন কৰা হয় আৰু বি এছএফৰ বিষয়াসকলেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, ত প্ৰতি বছৰে উৎসৱৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।

দুৰ্গা পূজাৰ সময়ত বি এছ এফে প্ৰতিদিনে পুৱা ৫:০০ বজাৰ পৰা নিশা ১০:০০ বজালৈ সীমান্ত গেট মুকলি কৰে যত কেৱল ভক্তকহে প্ৰৱেশৰ অনুমতি দিয়া হয়।বি এছ এফৰ বিষয়াৰ সহযোগত মন্দিৰৰ চোৱা-চিতা কৰিবলৈ এখন স্থানীয় সমিতিও গঠন কৰা হৈছে। কৰ্তব্যৰত বি এছ এফৰ এজন বিষয়াৰ মতে তেওঁলোকেও এই মন্দিৰত পূজা কৰি নৱৰাত্ৰি উদযাপন কৰে। তেওঁলোকৰ সেনাবাহিনীত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আছে আৰু সীমাৰ সিপাৰৰ এই মন্দিৰে সকলোকে একত্ৰিত কৰে।

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.