21 January, Tue 2025
support@thecriticalscript.com
Blog image

অসমীয়া চলচ্চিত্ৰত কাম কৰা প্ৰথমজন পেছাদাৰী প্ৰশিক্ষিত অভিনেতা আছিল সকলোৰে প্ৰিয় 'নিপন গোস্বামী'! যি বিগ বিৰ সৈতেও কৰিছিল 'দো অঞ্জানে'ত কাম!

13 Sep,2024 06:04 PM, by: Ankita Gogoi
1 minute read Total views: 178
0 Like 0.0

পুনেস্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াত  (এফটিআইআই)ত বলীউডৰ চলচ্চিত্ৰ পৰিচালক সুভাষ ঘাই আৰু অভিনেতা শত্ৰুঘন সিনহা,সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি আমাৰ সকলোৰে প্ৰিয় অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ সহপাঠী  আছিল।‌ তেখেত পুনে ফিল্ম ইনষ্টিটিউটৰ ষাঠিৰ দশকৰে স্নাতক আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে।১৯৭৬ চনৰ হিন্দী ছবি ‘দো অঞ্জানে’ত অমিতাভ বচ্চনৰ সৈতেও তেওঁ কাম কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোস্বামীৰ বিশেষ সম্পৰ্ক। ১৯৮৪ চনত তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘ককাদেউতা নাতি আৰু হাতী’ত তেওঁ ‘ককাদেউতা’ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী নাতিৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪২ চনত অসমৰ তেজপুৰত জন্মগ্ৰহণ কৰিছিল। নিপন গোস্বামীয়ে ঘৰতেই সাংস্কৃতিক পৰিৱেশ এটা পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিতভাৱে চলি থকা নাটক চাই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।অসমীয়া চলচ্চিত্ৰত কাম কৰা প্ৰথমজন পেছাদাৰী প্ৰশিক্ষিত অভিনেতা আছিল সকলোৰে প্ৰিয় 'নিপন গোস্বামী'।

মৃত্যুৰ আগলৈকে তেখেতে চলচ্চিত্ৰ আৰু ভিচিডি ছবিত অভিনয় কৰি গৈছিল। তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগতো কিছু বছৰ চাকৰি কৰিছিল। তেখেতৰ মন আছিল ক্ৰিকেটাৰ হোৱাৰ।যদিও পিছলৈ তেওঁৰ আগ্ৰহ ছবিৰ প্ৰতি সলনি হয়। ১৩ বছৰ বয়সত ১৯৫৫ চনত ফণী শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘পিঅলি ফুকন’ ছবিত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। ব্ৰজেন বৰুৱাৰ পৰিচালিত আৰু ১৯৬৯ চনত মুক্তি পোৱা "ড° বেজবৰুৱা" ছবিখনত গোস্বামীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰি বলিষ্ঠ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পিছত তেওঁ পিছলৈ ঘূৰি চাবলগীয়া নহ'ল। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়। ডক্তৰ বেজবৰুৱা‌ ২ তেখেতৰ শেষ অভিনীত ছবি।অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ সাতখন হিন্দী ছবি আৰু কেইখনমান বাংলা ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল, য’ত ‘তুষাৰতীৰ্থ অমৰনাথ’ আৰু ‘দেবাঞ্জলি’ আদি আছিল। বলীউডৰ বিখ্যাত অভিনেতা আশীষ বিদ্যাৰ্থীৰ সৈতেও তেওঁ কাম কৰিছে। নিপন দা নামেৰে বেছি পৰিচিত তেখেতে ২০০১ চনত মুক্তি পোৱা হিন্দী ছবি "দমন: এ ভিক্টিম অৱ মেৰিটেল ভিলেন্স"ত বলীউডৰ অভিনেতা ছায়াজী শিণ্ডে আৰু ৰবীনা টেণ্ডনৰ সৈতে আৰু ২০১৪ চনত মুক্তি পোৱা '১৮.১১' ছবিত গুলচন গ্ৰভাৰৰ সৈতে কাম কৰিছিল লগতে কাম কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চতো আধিপত্য বিস্তাৰ কৰি অভিনয়েৰে লাখ লাখ মানুহৰ তেওঁ হৃদয় জয় কৰিছিল।অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ গৰাকী হাস্পতালত ২০২২ চনৰ ২৩ অক্টোবৰ তাৰিখে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.