লক্ষ্যধৰ চৌধুৰী: অসমীয়া সাহিত্য জগতৰ ধ্বজাবাহক
অসমীয়া সাহিত্য জগতৰ এক চিনাকী নাম হৈছে লক্ষ্যধৰ চৌধুৰী। একেধাৰে এজন অভিনেতা, গল্পকাৰ, চলচিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ এই গৰাকী শিল্পীয়ে অসমীয়া সংস্কৃতি জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
ৰাজনীতিতো দখল থকা লক্ষ্যধৰ চৌধুৰীয়ে একালত জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।সাহিত্যিক হিচাপে তেওঁ ১৯৯১ চনৰ অসম সাহিত্য সভাৰ ৫৮তম গোৰেশ্বৰ অধিবেশনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।তেওঁ অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ সভাপতিত্ব কৰিছিল৷
তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ'ল 'মানুহ বিছাৰি' আৰু 'মইনামতি'। প্ৰকাশিত অন্যান্য পুথিসমূহ হ’ল 'ৰাজনীতিৰ অ আ ক খ', 'মোৰ অভিনেতা জীৱনৰ কাহিনী' ইত্যাদি।
খুব কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অর্জন কৰা লক্ষ্যধৰ চৌধুৰীদেৱে কামাখ্যানাথ ঠাকুৰ, জলতিৰাম লহকৰ আদিৰ দৰে নাট্যকাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। নৱম শ্ৰেনীত পঢ়ি থাকোঁতেই তেওঁ 'একলব্য' নামৰ এখনি নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ ইংগিত দিছিল। তেওঁৰ ৰচিত উল্লেখযোগ্য নাটকবোৰ হ'ল 'ৰক্ষা কুমাৰ', 'আলিবাবা', 'ওমলা ঘৰ', 'নিমিলা অংক', 'যৱনিকাৰ আঁৰে আঁৰে' ইত্যাদি। তেওঁৰ গদ্য সাহিত্যই অসমীয়া সাহিত্য জগতত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ গল্পসমূহ চন্দ্রপ্রসাদ শইকীয়া সম্পাদিত মাহেকীয়া অসমীয়া আলোচনী 'প্রকাশ'ত নিয়মিয়াকৈ প্রকাশিত হৈছিল। লক্ষ্যধৰ চৌধুৰীৰ প্ৰথম প্ৰকাশিত গল্পটি হৈছে 'চণ্ডিকাই'।তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ'ল 'মানুহ বিছাৰি' আৰু 'মইনামতি'। তেওঁৰ প্ৰকাশিত অন্যান্য পুথিসমূহ হ'ল 'ৰাজনীতিৰ অ আ ক খ', 'মোৰ অভিনেতা জীৱনৰ কাহিনী' ইত্যাদি।এই গৰাকী শিল্পীয়ে দুখনকৈ অসমীয়া ছবি ক্ৰমে “নিমিলা অংক” আৰু “বদন বৰফুকন” ত অভিনয় কৰে। ইয়াৰ লগতে, “নিমিলা অংক” ছবিখনৰ পৰিচালক হিচাপেও আছিল লক্ষ্যধৰ। ১৯৬১ চনত মুক্তিপ্ৰাপ্ত ছবি “লাচিত বৰফুকন” ত প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনাও কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে।
তেওঁৰ বিষয়ে ভূপেনদাই কৈ যোৱা কথাকেইষাৰমান-
“লক্ষ্য দাৰ কথা সুঁৱৰিলেই মোৰ মনত পৰে শৈশৱলে’ । লক্ষ্য দা এতিয়া অনুপ্ৰেৰণা । শৈশৱত মোক চাইকেলত তুলি গান গাবলৈ নিয়া দিনবোৰৰ কথা মনত পৰে । লক্ষ্য দাই সঁচাকৈয়ে মোক মৰম কৰিছিল । মোৰ মনত আছে লক্ষ্য দাই এবাৰ চাইকেলত তুলি ভৰলুমুখৰ পৰা লৈ গৈছিল ।
২০০০ চনৰ ১৮ আগষ্টত এই গৰাকী মহান শিল্পীয়ে মৃত্যুবৰণ কৰে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments