27 July, Sat 2024
support@thecriticalscript.com
Blog image

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস

07 Jun,2023 06:18 PM, by: Ankita Gogoi
1 minute read Total views: 1127
0 Like 0.0

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা‌ অসমীয়া গীতিকাব্য-সাহিত্যৰ অন্যতম স্ৰষ্টা । আজি তেখেতৰ স্মৃতি দিৱস। পাৰ্বতি প্ৰসাদ বৰুৱা  আছিল অসমৰ এজন প্ৰসিদ্ধ কবিগীতিকাৰ আৰু নাট্যকাৰ ৷তেখেত অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। ১৯০৪ চনৰ ১৯ আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰত ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ ঘৰত তেওঁৰ জন্ম হৈছিল।তেখেত কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ বেছিভাগ কাল সোণাৰিতে কটাইছিল।সোণাৰিৰ সোণালী পামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল চিৰসেউজ বহু গীত আৰু কবিতা ।অসমীয়া ছবি জগতত‌ো তেওঁৰ অৱদান‌‌ উল্লেখনীয়। তেওঁ ১৯৪০ চনত চতুৰ্থখন অসমীয়া কথাছবি 'ৰূপহী'ৰো নিৰ্মাণ কৰিছিল।ৰূপহী ছবিখন সাতোটা গীতেই তেওঁ নিজেই লিখিছিল। তেখেত ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি আছিল।

পাৰ্ৱতি প্ৰসাদ আছিল এগৰাকী চাহ খেতিয়ক। ১৯২৯ চনত মোমায়েকৰ চাহ বাগান 'সৰু-চৰাই'ত কাম শিকি পাৰ্ৱতি বৰুৱাই এপ্ৰেণ্টিছ হৈ বাগিচাত কৰ্মজীৱন আৰম্ভ কৰে। যোৰহাটত পৰ্যায়ক্ৰমে তিনিখন বাগিচাৰ মেনেজাৰ পদত আছিল আৰু সাত বছৰ কাল তেওঁ ৰজাবাৰী বাগিচাৰ মেনেজাৰ হৈ থাকে। ১৯২১ চনত তেখেতে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। আই, এছ, চি পৰীক্ষা পাছ কৰাৰ পাছত তেখেতৰ মন বিজ্ঞানৰপৰা কলা শাখালৈ সলনি হয়। পাৰ্বতী প্ৰসাদে কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাত থকা কালত তেওঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ওপৰত আধাৰিত নাটক, নৃত্য নাটিকা আৰু অন্যান্য সংগীতঅনুষ্ঠান আদি চাই ভাল পাইছিল। তেওঁৰ ৰচিত কবিতা আৰু গীতৰ পুথিসমূহ হৈছে সোণৰ সোলেং,গুণগুণনি ,লুইতী, ভঙা টাকুৰিৰ সুৰ,লখিমী আৰু গদ্য ৰচনা কেইখনমান হৈছে কলা-সংস্কৃতি,সমিধান,ৰূপকোঁৱৰৰ কথা,সমিধান,ৰূপকোঁৱৰৰ কথা,সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ আৰু জোনাকী মেলইত্যাদি।তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্ৱতি সংগীত" বুলি কোৱা হয়।

পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে । পাৰমিতা দাসৰ দ্বাৰা কৰা তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ "ইফ লাইফ বি লষ্ট" আৰু "লাইফ এৱেকন্স" শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক ২০০৭ চনত সাহিত্য অকাডেমি সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল ।এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা-সংস্কৃতিৰ ধাৰক আৰু বাহকৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে মৃত্যু হয়। আজি তেওঁৰ স্মৃতিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম।

 

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

 

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

 

বালিত ভাতে ৰান্ধি খায়

 

সাউদৰ ডিঙৰা বগা পালে তৰা

 

উজনি দেশলৈ যায়।

 

হেৰ নাৱৰীয়া মেলি দে ডিঙৰা

 

তৰি দে শুকুলা পাল,

 

পশ্চিমৰ দিশৰে পছোৱা  আহিছে

বতাহ বলিছে ভাল।

 

পালতে লাগিব পশ্চিমৰ পছোৱা

 

তুল বুল কৰিব নাও

 

ঢৌউ চেৱে চেৱে নামে লগাই দিবি

হালিব জালিব গাৱ


তথ্য সংগৃহীত

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা‌ অসমীয়া গীতিকাব্য-সাহিত্যৰ অন্যতম স্ৰষ্টা । আজি তেখেতৰ স্মৃতি দিৱস। পাৰ্বতি প্ৰসাদ বৰুৱা  আছিল অসমৰ এজন প্ৰসিদ্ধ কবি, গীতিকাৰ আৰু নাট্যকাৰ ৷তেখেত অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। ১৯০৪ চনৰ ১৯ আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰত ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ ঘৰত তেওঁৰ জন্ম হৈছিল।তেখেত কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ বেছিভাগ কাল সোণাৰিতে কটাইছিল।সোণাৰিৰ সোণালী পামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল চিৰসেউজ বহু গীত আৰু কবিতা ।অসমীয়া ছবি জগতত‌ো তেওঁৰ অৱদান‌‌ উল্লেখনীয়। তেওঁ ১৯৪০ চনত চতুৰ্থখন অসমীয়া কথাছবি 'ৰূপহী'ৰো নিৰ্মাণ কৰিছিল।ৰূপহী ছবিখন সাতোটা গীতেই তেওঁ নিজেই লিখিছিল। তেখেত ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি আছিল।

পাৰ্ৱতি প্ৰসাদ আছিল এগৰাকী চাহ খেতিয়ক। ১৯২৯ চনত মোমায়েকৰ চাহ বাগান 'সৰু-চৰাই'ত কাম শিকি পাৰ্ৱতি বৰুৱাই এপ্ৰেণ্টিছ হৈ বাগিচাত কৰ্মজীৱন আৰম্ভ কৰে। যোৰহাটত পৰ্যায়ক্ৰমে তিনিখন বাগিচাৰ মেনেজাৰ পদত আছিল আৰু সাত বছৰ কাল তেওঁ ৰজাবাৰী বাগিচাৰ মেনেজাৰ হৈ থাকে। ১৯২১ চনত তেখেতে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। আই, এছ, চি পৰীক্ষা পাছ কৰাৰ পাছত তেখেতৰ মন বিজ্ঞানৰপৰা কলা শাখালৈ সলনি হয়। পাৰ্বতী প্ৰসাদে কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাত থকা কালত তেওঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ওপৰত আধাৰিত নাটক, নৃত্য নাটিকা আৰু অন্যান্য সংগীতঅনুষ্ঠান আদি চাই ভাল পাইছিল। তেওঁৰ ৰচিত কবিতা আৰু গীতৰ পুথিসমূহ হৈছে সোণৰ সোলেং,গুণগুণনি ,লুইতী, ভঙা টাকুৰিৰ সুৰ,লখিমী আৰু গদ্য ৰচনা কেইখনমান হৈছে কলা-সংস্কৃতি,সমিধান,ৰূপকোঁৱৰৰ কথা,সমিধান,ৰূপকোঁৱৰৰ কথা,সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ আৰু জোনাকী মেলইত্যাদি।তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্ৱতি সংগীত" বুলি কোৱা হয়।

পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে । পাৰমিতা দাসৰ দ্বাৰা কৰা তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ "ইফ লাইফ বি লষ্ট" আৰু "লাইফ এৱেকন্স" শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক ২০০৭ চনত সাহিত্য অকাডেমি সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল ।এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা-সংস্কৃতিৰ ধাৰক আৰু বাহকৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে মৃত্যু হয়। আজি তেওঁৰ স্মৃতিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম।

 

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

 

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

 

বালিত ভাতে ৰান্ধি খায়

 

সাউদৰ ডিঙৰা বগা পালে তৰা

 

উজনি দেশলৈ যায়।

 

হেৰ নাৱৰীয়া মেলি দে ডিঙৰা

 

তৰি দে শুকুলা পাল,

 

পশ্চিমৰ দিশৰে পছোৱা  আহিছে

বতাহ বলিছে ভাল।

 

পালতে লাগিব পশ্চিমৰ পছোৱা

 

তুল বুল কৰিব নাও

 

ঢৌউ চেৱে চেৱে নামে লগাই দিবি

হালিব জালিব গাৱ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.