21 December, Sat 2024
support@thecriticalscript.com
Blog image

নীলপৱন-দীপালী এক সচাঁ প্ৰেমৰ নিদৰ্শন

29 Oct,2022 05:48 PM, by: Ankita Gogoi
1 minute read Total views: 1253
0 Like 0.0

প্ৰেমৰ সচাঁ অৰ্থ শিকাই থৈ যোৱা নীলপৱন বৰুৱা আৰু আমাৰ মাজত নাই। ৰং তুলিকাৰ সৈতে জীৱন উপভোগ কৰা নীলপৱন বৰুৱা বহু দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অৱশেষত অসমৰ শিল্পজগতক কন্দুৱাই থৈ যশস্বী অসম সন্তানগৰাকীয়ে বিদায় মাগিলে। স্পৰ্শবিহিন হৈ ৰল বহু কেনভাচ আৰু উকা হৈ পৰিল তেওঁৰ মৰমৰ বাসগৃহ 'বসুন্ধৰা'। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ তামুলীছিঙা গাঁৱত। তেওঁৰ পিতৃ আছিল ধ্বনি কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ আছিল লাৱণ্যপ্ৰভা বৰুৱা। টীয়কত তেওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল। তাৰপিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ শান্তিনিকেতনত শিক্ষা গ্ৰহণ কৰিবৰ বাবে কলিকতালৈ আহে। প্ৰথমে তেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ মন মেলিছিল, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা আৰম্ভ কৰে। ১৯৬৬ চনত শিল্পকলাৰ স্নাতক ডিগ্ৰী সমাপ্ত কৰে আৰু পিছলৈ তেখেত নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।

১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকতা কৰে। ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে আৰু লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামেৰে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছিল।২০২১ চনত অসম চৰকাৰে তেওঁক ‘অসম সৌৰভ বঁটা’ প্ৰদান কৰে।

 

এক অসাধাৰণ প্ৰেম কাহিনি

দীপালী বৰঠাকুৰৰ সৈতে নীলপৱন বৰুৱাৰ সম্পৰ্ক আছিল আদৰ্শৰ অন্য এক নাম। সেই সময়ৰ সকলো অসমবাসীৰ প্ৰিয় খ্যাতনামা কণ্ঠশিল্পী অসমৰ নাইটিংগেল নামে জনাজাত প্ৰয়াত দীপালী বৰঠাকুৰ আছিল নীলপৱন বৰুৱাৰ সহধৰ্মিনী। তেওঁলোকৰ প্ৰেম আছিল এক আদৰ্শ, এক উদাহৰণ। মাত্ৰ ৩০ টা গীতত কণ্ঠ দি তেওঁ জনপ্ৰিয় হৈ পৰিছিল। দীপালী বৰঠাকুৰে বহুতো জনপ্ৰিয় গীত আৰু বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। কিন্তু ২১ বছৰ বয়সতে তেওঁ নিজৰ জীৱনৰ শেষৰটো গান গাইছিল। মাত্ৰ ২৭ বছৰ বয়সতেই তেওঁ ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে খোজ কৰাৰ ক্ষমতাও হেৰুৱাই পেলাই ‘হুইল চেয়াৰ’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল। সেই সময়তেই দীপালী বৰঠাকুৰৰ জীৱনলৈ আহে নীলপৱন বৰুৱা। এনে অৱস্থাতে নীলপৱন বৰুৱাই দিপালী বৰঠাকুৰক বিয়া কৰোৱাৰ প্ৰস্তাৱ লৈ কাষ চাপিছিল দিপালী বৰঠাকুৰৰ জেষ্ঠ ভাতৃ মহেন্দ্ৰ বৰঠাকুৰৰ কাষলৈ। কিন্তু তেতিয়া নীলপৱন বৰুৱাক দিপালী বৰঠাকুৰৰ ভাতৃয়ে আৱেগেত বশবৰ্তী হৈ সিদ্ধান্ত নল’বলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে, ‘আৱেগ শেষ হৈ গ’লে তুমি যদি ভুল কৰিলো বুলি নিজৰ কপালক দোষ দিয়া, তেনেহ’লে আমি কষ্ট পাম। তায়ো যদি ভাবিবলগীয়া হয় যে তুমি তাইক পুতৌ কৰিলা, তেনেহ’লে কথাটো মাৰাত্মক হ’ব। আকৌ এবাৰ ভাবি চোৱা। দিপালীৰ মতামতো আমি বিচাৰিব লাগিব।’ কাৰণ দিপালী বৰঠাকুৰ তেতিয়া আগৰ দৰে হৈ থকা নাছিল আৰু খোজটোও ভালকৈ পেলাব নোৱাৰা অৱস্থাত আছিল। পিছদিনা পুনৰ নীলপৱন বৰুৱাই নিজৰ সিদ্ধান্তত অটল থকাৰ কথা অৱগত কৰে। তাৰ পিছত ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত তেওঁ বিবাহ-পাশত আৱদ্ধ হয় আৰু এক অসাধাৰণ প্ৰেমবিবাহ সম্পন্ন হয়। এই গধুৰ দায়িত্বক তেওঁ মৰমেৰে আকুঁৱালি ললে। তাৰপিছৰ পৰাই নীলপৱন বৰুৱাই কোনোদিনেই দীপালী বৰঠাকুৰক অকলশৰীয়া কৰা নাছিল। নীলপৱন বৰুৱা দীপালী বৰঠাকুৰৰ ছাঁৰ দৰে আছিল। বিয়াৰ পিছৰ পৰাই মৃত্যু পৰ্যন্তলৈকে তেওঁৰ যত্ন ললে। সুখ দুখ সকলো ক্ষণতে দুয়ো একেলগে আছিল অৱশেষত ২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে  দীপালী বৰঠাকুৰ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটালত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। নীলপৱন বৰুৱাৰ জীৱনলৈ যেন নামি আহিল কাল অমানিশা। তেতিয়াৰ পৰাই যেন নীলপৱন বৰুৱা অকলশৰীয়া হৈ পৰিল। অৱশেষত নীলপৱন বৰুৱাৰ মৃত্যুত দুয়ো প্ৰেমৰ পক্ষীৰ যেন চিৰদিনৰ বাবে মিলন হল। তেওঁলোকৰ প্ৰেম সচাঁই অমৰ আৰু সকলোৰে বাবে এক সুন্দৰ আদৰ্শ।

যি ভালপোৱা নীলপৱন বৰুৱাই জানে সেই ভালপোৱা তোমাক ভাল পাওঁবুলি কোৱা বহুতেই নাজানে-মনালিছা শইকীয়া

 

সহায় লৈ

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.