
“অসমৰ প্ৰসিদ্ধ ঠাইসমূহ”
বিশ্বৰ অন্যতম বিশাল নদী ব্ৰক্ষ্মপুত্ৰ এই অসম ৰাজ্যৰ মাজেৰে প্ৰবাহিত হৈছে আৰু ইয়াৰ দুয়োপাৰে গঢ় লৈ উঠিছিল প্ৰাচীন সভ্যতাই। প্ৰাচীন কালত অসমক চিহ্নিত কৰা হৈছিল প্ৰাগ্জ্যোতিষপুৰ নামেৰে। জনপ্ৰিয় পৌৰাণিক কাহিনীয়ে অসম ৰাজ্যৰ ঐতিহ্যৰ বিষয়ে এনেদৰে বাখ্যা কৰে যে, চালে চকু ৰোৱা প্ৰাকৃতিক পৰিৱেশৰ লগতে অসমত থকা আপুৰুগীয়া সম্পদবোৰে দেশ-বিদেশৰ পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে। যাৰ বাবেই হয়তো দেশৰ পৰ্যটনৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমে। বহু ঐতিহ্যৰে সমৃদ্ধ উত্তৰ - পূৰ্বাঞ্চলৰ অসম ৰাজ্যত আছে হাজাৰ হাজাৰ বছৰীয়া পুৰণি ঐতিহ্যক্ষেত্ৰ তথা অসমক বিশেষ মৰ্য্যদা প্ৰদান কৰা প্ৰসিদ্ধ ঠাই। অসমত থকা উল্লেখনীয় ঐতিহাসিক প্ৰসিদ্ধ ঠাইসমূহৰ বৰ্ণনা তলত উল্লেখ কৰা হৈছে —
পোৱা মক্কা
উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মৰ লোকসকলৰ অন্যতম উপাসনাস্থলী পোৱা মক্কা।পোৱা মক্কা কামৰূপ গ্ৰাম্য জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত।এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ
কৰাইছিল।জনশ্ৰুতি মতে, মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল।ইছলাম ধৰ্মালম্বীসকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে।
ৰংঘৰ
ইতিহাসে গৰকা অসমত আহোমৰ ছশবছৰীয়া ৰাজত্বকালৰ সাক্ষী ৰংঘৰ। অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এক উল্লেখযোগ্য নাম হৈছে ৰংঘৰ। ৰংঘৰ এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। আহোম ৰাজত্বৰ চানেকি ৰংঘৰ শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ আঁতৰত অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰক এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন বুলিও আখ্যা দিয়া হয়।ৰংঘৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।
তলাতল ঘৰ
অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত আন এক উল্লেখযোগ্য নাম হ'ল তলাতল ঘৰ । তলাতল ঘৰ আহোম সাম্ৰাজ্যৰ স্মৃতি চিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। তলাতল ঘৰক ৰংপুৰ প্ৰাসাদ বুলিও জনা যায়।তলাতল ঘৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল।এই মহলটো আচলতে আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। তলাতল ঘৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্ব কালত ১৭৫১ চনৰ পৰা ১৭৬৯ চনৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল। এই ৰাজপ্ৰাসাদটোৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আছে। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন।ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা।এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে।
কাৰেং ঘৰ
অসমৰ ইতিহাসত সোণোৱালী আখৰেৰে লিপিবদ্ধ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত কাৰেং ঘৰ এক অন্যতম নিদৰ্শন, যাক কা-ৰৌণ বুলিও জনা যায়। কাৰেং ঘৰ বা কা-ৰৌণ হ'ল আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।[1] ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।[2] তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।
সূৰ্য পাহাৰ
সূৰ্য পাহাৰ গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ আৰু গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূৱ দিশত অৱস্থিত অসমৰ এক উল্লেখযোগ্য স্থান। এই ঠাইখন এক পাৰ্বত্য অঞ্চল। ইয়াত প্ৰায় এক কিলোমিটাৰ অঞ্চলজুৰি শিৱলিংগ আৰু হিন্দু, বৌদ্ধ তথা জৈনসকলৰ দেৱ-দেৱীক খোদিত কৰা আছে।স্থানীয় লোকসকলৰ মতে, এই ঐতিহাসিক স্থানত ৯৯,৯৯৯ টা শিৱ লিংগ আছে। সূৰ্য পাহাৰক বহুতো পুৰাতাত্ত্বিক অনুসন্ধানৰ বাবে পুৰাতত্ত্ববিদৰ সোণৰ খনি বুলি জনা যায়।
চৰাইদেউ
শিৱসাগৰ জিলাৰ সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰতে আছে চৰাইদেউ।চৰাইদেউ এসময়ৰ আহোম ৰাজপৰিয়াল তথা আহোমৰ উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী।মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ অৱশ্যে ব্ৰিটিছসকলে খান্দি লৈ যোৱা বুলি কোৱা হয়।স্থানীয় ৰাইজৰ মতে,চৰাইদেউৰ পাহাৰত আহোমৰ ৰজা আৰু ৰাণীৰ ৪২ টা সমাধি আছে।এই সমাধিসমূহৰ স্থাপত্য ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰা হয়।
চুকাফা সমন্বয় ক্ষেত্ৰ
চুকাফা সমন্বয় ক্ষেত্ৰ হৈছে অসমৰ অন্যতম তথা প্ৰসিদ্ধ উল্লেখযোগ্য ঐতিহাসিক স্থান।এই ক্ষেত্ৰখন অসমৰ প্ৰথম আহোম ৰজা চুকাফাৰ নামত উৎসৰ্গিত।চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাট আৰু দেৰগাঁৱৰ ওচৰৰ ম’হবন্ধা অৱস্থিত।চুকাফা আছিল আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক।
আহোমসকলে ছশ বছৰৰো অধিক কাল অসমত ৰাজত্ব কৰিছিল।
খাচপুৰ
অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত খাচপুৰ হৈছে আন এক নাম জ্বলা ঠাই। অসমৰ কাছাৰ জিলাৰ অন্যতম মূখ্য চহৰ শিলচৰৰ পৰা ২০ কিলোমিটাৰ দূৰত অৱস্থিত ঐতিহাসিক খাচপুৰ।পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু খাচপুৰ বৰাক নদীৰ পাৰত অৱস্থিত।খাচপুৰত ডিমাচা ৰাজ্যৰ ধ্বংসাৱশেষ পোৱা যায়। ইয়াত প্ৰাচীন ৰজাৰ মন্দিৰ, এখন টলায়ন গেট আৰু এখন ছান গেট আছে। এই গেট বোৰ বিশেষ কাৰু-কাৰ্যৰে নিৰ্মান কৰা হৈছে,যিয়ে দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আৰ্কষণ কৰে।
আজানপীৰ দৰগাহ
আজানপীৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। আজান পীৰ দৰগাহ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলৰ ওচৰৰ শৰাগুৰি চাপৰিত অৱস্থিত।শৰাগুৰি চাপৰিত এটা ডাঙৰ গড় আৰু এই গড়টোৰ ভিতৰত আন এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ, ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে।এই কবৰটোক আজানপীৰ কবৰ বুলি জনা যায়।এই কবৰটো অৱশ্যে পিছত পুনৰ নিৰ্মাণ কৰা হয়।ইয়াত এজোপা শৰা গছো আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰে তেওঁৰ সংগীসকলৰ লগত একেলগে জিকিৰ গোৱাৰ লগতে জিকিৰ ৰচনা আৰু চৰ্চা কৰিছিল। এই শৰা গছৰ পৰাই এই ঠাইখনিৰ নাম হ’লগৈ শৰাগুৰি চাপৰি।
অগ্নিগড়
অগ্নিগড় শোণিতপুৰ জিলাৰ সদৰ তথা প্ৰধান নগৰ তেজপুৰত অৱস্থিত।বাণ ৰজাই কন্যা ঊষাৰ সুৰক্ষাৰ স্বাৰ্থত এটা গড় নিৰ্মাণ কৰিছিল।এই গড়টোকে অগ্নিগড় নামেৰে জনাজাত।ইতিহাসৰ মতে, এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।তেজপুৰ অগ্নিগড়ৰ লগতে শৈল দ্বাৰ, চিত্ৰলেখা উদ্যান তথা জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতি চিহ্নৰ কাৰণেও বিখ্যাত।
লাডাই গড়
লাডাই গড় অসমৰ অন্যতম প্ৰসিদ্ধ ঐতিহাসিক স্থান।লাডাই গড় যোৰহাটৰ মহানগৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত অৱস্থিত।এই দুৰ্গটো তিনিটা ভাগত বিভক্ত।এই তিনিটা ভাগৰ প্ৰতিটোৰ নিজা শিৰোনাম আছে ।সেইকেইটা হৈছে মেৰা গড়, স্বলত গড় আৰু লাডাই গড়। আহোম ৰজা প্ৰতাপ সিনহাই এই দুৰ্গটো গাওঁবাসীক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰিছিল।
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ ( নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়।
উমানন্দ মন্দিৰ
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ।ই অসমৰ গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল।১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা। ১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল।১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।
মহামায়া ধাম
মহামায়া ধাম অসমৰ ধুবুৰী জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়।মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী।
ভিমেশ্বৰ ধাম
ভিমেশ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ শিৱ ধম হৈছে অসম ৰাজ্যৰ গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত (ডাইনী বাম) অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল। এইখন শিৱ ধামো অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এক উল্লেখযোগ্য নাম।এই ধামত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়। বৰঞ্চ ইয়াত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ থকা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায়। এই শিৱলিংগকে ইয়াত আৰাধনা কৰা হয়। এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মোহনীয়।
শুক্ৰেশ্বৰ মন্দিৰ
শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।
বশিষ্ঠ মন্দিৰ
বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল[1] আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
নৱগ্ৰহ মন্দিৰ অসমৰ
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ।এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়।
উগ্ৰতাৰা দেৱালয়
উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ। লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল। তিব্বতীয় বৌদ্ধ বিশ্বাস মতে অসমৰ উগ্ৰতাৰাক তীক্ষ্ণকণ্ঠ, একজঁটা হিচাপে গণ্য কৰা হয়। তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা" আৰু উগ্ৰ মানে ভয়ানক।
মহা মৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ।২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন।কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), বনৰীয়া ম’হ (Wild Asiatic Water Buffalo) আৰু দল-হৰিণা (Swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান'ত (biodiversity hotspot) অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়।
মানস ৰাষ্ট্ৰীয় উদ্যান
অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এক উল্লেখযোগ্য নাম হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত আৰু লগতে চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূতান- হিমালয়ৰপাদদেশৰ ভাৱৰ অঞ্চলত অৱস্থিত । এখন অতি পুৰণি মনোৰম পৰ্যতক ভুমি। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ১৯৯৯ চনত ইউনেস্ক’ৰ দ্বাৰা উদ্যানখনৰ ২৮৩৭ বৰ্গকিলোমিটাৰ বনভূমিক Biosphere Reserve অৰ্থাত্ জীৱমণ্ডলীয় সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্রজাতিৰ বন্য জীৱ-জন্তুৰ বিচৰণভূমি হিচাপে পৰিচিত। ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে।
দীঘলীপুখুৰী
দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়।গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল। পৰৱৰ্ত্তী কালত কামৰূপৰ আৰু কমতাৰ মহাৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল। তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল। পৰৱৰ্তীকালত আহোম সকলে এই পুখুৰী নাৱৰ চলাচল আৰু নৌকা বন্দৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায়।
উত্তৰ গুৱাহাটী
উত্তৰ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন সৰু নগৰ।উত্তৰ গুৱাহাটীক দুৰ্জয় বুলিও জনা যায়, যি পাল সাম্ৰাজ্যত[1] ঐতিহাসিক কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। মধ্যযুগৰ আৰম্ভণিভাগত ঠাইখিনিক কামৰূপ নগৰ বুলিও জনা গৈছিল। উত্তৰ গুৱাহাটী পৌৰাণিক মন্দিৰ, পথ, দলং, দুৰ্গ আৰু পৰিকল্পিত খাৱৈৰে পৰিপূৰ্ণ হৈ আছে। অশ্বক্লান্ত পাহাৰ ওপৰত দুটা মন্দিৰ অৱস্থিত। ওপৰ ভাগত অৱস্থিত মন্দিৰত অনন্ত শয্যাত থকা অৱস্থাত বিষ্ণুৰ চিত্ৰ আছে। এয়া প্ৰায় দ্বাদশ শতিকাৰ আৰম্ভণিৰ কামৰূপৰ ভাস্কৰ্য শিল্পৰ উত্তম নিদৰ্শন। এই নগৰৰ পশ্চিম ভাৰ্ক শিলসাঁকো বুলি কোৱা হয়।
বৰপেটা সত্ৰ
বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ।শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল।তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল।
বটদ্ৰৱা থান
বটদ্ৰৱা থান বা বৰদোৱা থান , চমুকৈ বৰদোৱা অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্য্যদা আছে। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে।
মাজুলী
মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ৮ ছেপ্টেম্বৰ ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হয়।পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। সেয়েহে মাজুলীক 'সত্ৰ নগৰী' বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ৮৮০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।
মোলাই কাঠনি
অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত মোলাই কাঠনি এক নৱপৰিচিত নাম। এইখন এখন ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেওঁৰ উপনাম 'মোলাই' নামেৰে নামকৰণ কৰি 'মোলাই কাঠনি' ৰখা হৈছে।
ইতিহাসে গৰকা অসমভূমিৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত উল্লেখযোগ্য নামসমূহ উক্ত প্ৰবন্ধৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছে। যিটো প্ৰবন্ধই বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মলৈ এক সুকীয়া পৰিচয় ডাঙি ধৰিবলৈ পথ বিচাৰি ল'বলৈ সক্ষম হ'ব।
সন্দৰ্ভ:
২. Wikipedia
৩.Travelsetu.com
৪.Assam history
-অপৰ্ণা ঠাকুৰীয়া
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments