21 November, Thu 2024
support@thecriticalscript.com
Blog image

অসমৰ ভাওনা সংস্কৃতি

01 Aug,2023 05:57 PM, by: Ankita Gogoi
1 minute read Total views: 3780
1 Likes 0.0

শ্ৰীমন্ত শঙ্কৰদেৱে আজিৰ পৰা পাঁচশ বছৰৰ আগতেই ধৰ্ম, শিক্ষা, ভাষা-সাহিত্য, শিল্প-কলা আদি সকলো দিশতেই অসমীয়া জাতিক শক্তিশালী ৰূপত গঢ় দি থৈ গৈছে৷ তেখেতে অসমৰ শিল্প-সংস্কৃতি তথা ধৰ্মীয় জগতলৈ অভিনৱ সম্পদভাওনা উপহাৰ দিছিল ৷ অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামাকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়।মাত্ৰ ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত সৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱে সপ্ত বৈকুণ্ঠৰ চিত্ৰপট আঁকি আজিৰ আধুনিক ৰঙ্গমঞ্চ বা কথাছবি শিল্পৰ লেখিয়াকৈ অভিনৱ পদ্ধতিৰে চিহ্নযাত্ৰানাট মঞ্চস্থ কৰি তেৰাৰ সুবিশাল সৃষ্টি প্ৰতিভাৰ পৰিচয় দিছিল৷ মহাপুৰুষ শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য হৈছে ধৰ্ম প্ৰচাৰ মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। তেওঁ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। লোক শিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু তৎকাৰ্যত সফলো হৈছিল। ভাওনাৰ লগত সম্বন্ধ নথকা, আগতে ভাওনা নেদেখা সমাজখনৰ লোকসকলক শিকাই-বুজাই, নিজে নাট কাটি, বাদ্যযন্ত্ৰ প্ৰস্তুত, আহাৰ্য ৰংবৰণকে আদি কৰি ভাওনা প্ৰদৰ্শনলৈকে যাবতীয় কাম-কাজ শংকৰদেৱে নিজেই কৰিবলগীয়া হৈছিল।ভাওনাৰ আগদিনা এভাগ শৰাই-শলিতা দি মাহ-প্ৰসাদেৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। গায়ন-বায়ন, সূত্ৰধাৰ আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা সত্ৰ বা ৰাজহুৱা নামঘৰত এটি পবিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়।

গায়ন-বায়ন আৰু সূত্ৰধাৰসকলে বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ পিন্ধে। ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘলীয়া ফোট, পিন্ধনত গেৰুৱা বা হালধীয়া ধুতি আৰু ৰঙীণ চেলেং চাদৰ। হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে। কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা,হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ-হাতত বগা, হালধীয়া আৰু কিছু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মূৰত কীৰিতি বা মুকুট, ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-কলা বৰণৰ, গাত অনুলেপন, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট পিন্ধা দেখা যায়।

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভাওনা সমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠ পট আঁকি দৰ্শকৰ আগত দেখুওৱা চিহ্নযাত্ৰাভাওনা স্থিৰ চিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল। যাৰ বাবে নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিবেশন কৰাইছিল।ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্য অৰ্থাৎ চামৰাৰে মুখ ঢকা আঙুলি বা কাঠি আদিৰে বজোৱা বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে। ঘন বাদ্য অৰ্থাৎ টান পদাৰ্থৰে আঘাত কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰতাল, বৰকাঁহ, খেৰেঙীতাল, খুটি তাল, মন্দিৰা আদি অন্যতম।ভাওনাত পূৰ্বে তাঁৰযুক্ত বা তত্‌ বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাবৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত।এই সমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে। ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি।


তথ্য সংগৃহীত



Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.