
নাও খেল অসমৰ এক পৰম্পৰাগত খেল!
নাও খেল, অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ এই খেলত নাৱত উঠি বহু খেলুৱৈয়ে বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰে। অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে ঠায়ে ঠায়ে এই নাও খেল অনুষ্ঠিত কৰা হয়৷ ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷ নাও খেলৰ লগত এবিধ লোকগীতি সাহিত্যৰো অসমত সৃষ্টি হৈছে৷ নামনি অসমৰ বৰপেটা, কলগাছিয়া, গোৱালপাৰা, শুৱালকুছি, হাজো আদি ঠাইৰ উপৰি বিভিন্ন চৰ-চাপৰি অঞ্চলত নাও খেল অনুষ্ঠিত হয়৷
কোনো কোনো লোকৰ মতে, দক্ষিণ কামৰূপৰ কুলশী নৈত ছান্দ সদাগৰে অনুষ্ঠিত কৰা নাও খেলক অসমৰ প্ৰথম নাও খেল বুলি কোৱা হয়। উজনি অসমৰ দিখৌ নৈত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত প্ৰথমবাৰৰ বাবে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত নাওখেল অনুষ্ঠিত কৰা হৈছিল বুলি জনা যায়। অসমত নাও খেলৰ পৰম্পৰাৰ অতি প্রাচীন ইতিহাস সন্দৰ্ভত কোনো বৰ্ণনা নাই। নাওখেলৰ লগত জড়িত হৈ আছে অসমৰ লোক সাহিত্যৰ অভিনৱ সম্পদ নাওখেলৰ গীত বা নাৱৰীয়া গীত। এই গীতবোৰত ৰামায়ণ, মহাভাৰত, কীর্তন, ভাগৱতৰ লগতে বেউলা-লক্ষীন্দাৰৰ কাহিনীৰ ধৰ্মীয় প্ৰভাৱ থাকিলেও নাৱৰীয়া গীত কর্ম আৰু সমাজ জীৱনৰ লগত ওতঃপ্রোত ভাৱে জড়িত।
অসমৰ বিভিন্ন ঠাইত স্থানীয় নিয়ম মতে নাও খেল পতা হয়৷ সকলো ঠাইতে ইয়াৰ নিয়ম বেলেগ বেলেগ হ'ব পাৰে। কিন্তু নাও খেলৰ বাইচাৰ সংখ্যা বেলেগ হ’লেও মাঝি বা গুৰিয়াল এজন থাকে আৰু প্ৰত্যেক দলৰ বাইচাসকলে মাঝি বা গুৰিয়ালৰ নিৰ্দেশনা মানি ল’ব লাগে৷ নাৱৰ দীঘ অনুপাতে বাইচাৰ সংখ্যা কম বেছি হয়৷ নাৱৰ বাইচাসকলৰ মাজত এজন গীত গোৱা লোক থাকে, যাক বয়াতী বোলে৷ এই গীতবোৰ ব’ঠাৰ ছন্দত তাল মিলাই গোৱা হয়৷ গোৱালপাৰাত জমিদাৰী প্ৰথা থকাৰ সময়ত যোৰা নাও দুবিধ আছিল, সাৰেংগা আৰু কোছা সাৰেংগা৷ ব’ঠাও দুবিধ আছিল, এবিধ ৪ ফুটমান দীঘল আৰু নিম্নাংশ চেপেটা-বহল৷ ইয়ে পানী কাটি নাওখন আগলৈ লৈ যায়৷ আনবিধ ৭ ফুটমান দীঘল৷ নাৱৰ দুয়ো দাঁতিত দুহাতৰ অন্তৰে অন্তৰে দুজনকৈ বাইচা বহে৷ গুৰিয়ালজন নাৱৰ পিছফালে গুৰিত বহে বা থিয় হৈ থাকি “হাইল’’ ধৰে৷ তেওঁ এখন ভৰিপতাৰ ওপৰেদি গামোচাৰে গলাইত আঁটিলকৈ বান্ধি লয়৷ এনেকৈ বান্ধি লোৱাৰ কাৰণ হ’ল যাতে নাওখন খুন্দিয়া-খুন্দি খাই বাগৰি নপৰে৷ হাইল থিকমতে ধৰাজনেই ভাল মুখ্য গুৰিয়াল৷ প্ৰতিযোগিতাত নমাৰ আগে আগে পাঁচজনী অকুমাৰী ছোৱালী নাৱৰ গলাইত এঁৱা গাখীৰ ঢালি নাওখন সামান্য ঠেলি দিয়ে৷ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নৈখনৰ আঢ়ৈ কিলোমিটাৰমান নিলগত দুখন নিচান অঁৰা থাকে৷ প্ৰথম নিচানে আগজাননী আৰু দ্বিতীয় নিচানে শেষ সিদ্ধান্ত দিয়ে৷ প্ৰতিযোগী নাওবোৰ সীমাৰ মাজ অংশ পোৱাৰ লগে লগে ঝুনা আৰম্ভ হয়৷ ব’ঠাৰ চাবে চাবে গোৱা গীদালৰ গীতত বাইচাসকলৰ উৎসাহ বাঢ়ে৷ গন্তব্যস্থান পালে সকলোৱে ব’ঠা দুহাতে ওপৰলৈ তুলি “হেইও-পাপ্-পেইয়া- হে এ এ হৈ এ’’ ধ্বনি দি উল্লাসিত হয়৷ বিজয়ী নাওখনক পাৰলৈ অহাৰ পিছত বাইচাসকল নাৱৰ পৰা নমাৰ আগতে পাঁচজনী অকুমাৰী ছোৱালীয়ে সেন্দূৰৰ ফোঁট দি বেঢ়ি ধৰে।
তথ্য সংগৃহীত।।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments