মিছিং সম্প্ৰদায়ৰ লোকগীত আৰু শিশু মাছৰ জনপ্ৰিয় লোকগাথা
১) ভূমিকা: মিছিং সম্প্ৰদায়ৰ লোকগীত
Na:ne' Bi': Oi........
Usatak
Pinbag Oiyoi Apinki
Pinbag Oiyoi Apinauki
Ba:bu Oi Usatak Torji' Porang Ongoki
Bi'ro Bi'rme' Oi........
Bi'satak
Li'ne Gene Pe:reki
Li':ne' Gene Pe:reyauki
Kumri Ko:ri' Bi'satak Me':nyok Ma:nam Ayangki Oiya........
(Mising Kaban)
মিছিং সম্প্ৰদায়ৰ এই লোকগীত নদী, প্রকৃতি আৰু জীৱনৰ সংগীত। সিহঁতৰ সংগীতত দেখা যায় প্রেম, বিৰহ, কল্পনা আৰু বিশ্বাসৰ মিশ্রণ। নদী-পাহাৰৰ মাজত জীৱন কটোৱা মিছিং জনগোষ্ঠীৰ সংস্কৃতি, জীৱনধাৰা আৰু বিশ্বাস ইয়াৰেই অংশ।এই সম্প্ৰদায়ৰ ধাৰণা অনুসৰি, নদী কেৱল পানীৰে ভৰা নহয়, ই জীৱনক লৈ যায়, আকৌ নতুন জীৱন কঢ়িয়াই আনে। তেনে এক বিশ্বাসৰে মিছিং সমাজত শিহু মাছক এক পরিত্র প্রাণী হিচাপে গণ্য কৰা হয়। শিহু মাছৰ বিষয়ে তেওঁলোকৰ মাজত এখন জনপ্রিয় লোকগাথা আছে-যি দুখ, অন্যায় আৰু পুনর্জন্মৰ কাহিনী। ইয়াত এক দুখৰ কাহিনী আছে, যে কেনেকৈ সমাজৰ কু-সংস্কাৰে এগৰাকী নীৰিহা গাভৰুক শাস্তি দিয়ে, আৰু সি প্ৰকৃতিৰ অংশ হৈ পৰে।
২) ঘৃণাসুতি পাৰৰ কাহিনী
বহু বছৰৰ আগৰ কথা। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ঘৃণাসুতি গাঁও নামৰ এখন সৰু মিছিং গাঁৱৰ কথা। এই গাঁৱত য়াকচি নামেৰে এগৰাকী গাভৰু বাস কৰিছিল। য়াকচি ছিল অতি সুন্দৰী, কিন্তু সেয়া তেওঁৰ অভিশাপ হৈ পৰিল। মিছিং সমাজৰ বহুজনৰ বিশ্বাস আছিল-ইমান সুন্দৰী গাভৰু কোনো সাধাৰণ মানুহ নহব পাৰে, নিশ্চয় তেওঁ কোনো অপদেবতাৰ সন্তান।
য়াকচিৰ জন্ম হৈছিল এক দুখৰ সময়ত। তেওঁৰ মাক জন্মৰ কিছুদিনৰ ভিতৰতে ইহসংসাৰ ত্যাগ কৰে। দেউতাও বর্তি নাথাকিলে, তাইৰ লালন-পালন চলিছিল কাকাতীয়ে। য়াকচি আছিল স্বাভাৱিকতে নৰম, মনৰ ভিতৰ গভীৰ অনুভৱ থকা এগৰাকী গাভৰু। তাই নদীৰ কাষত বহি নিজে নিজে গান গাবলৈ ভাল পাইছিল-
"আবু নিভুন, লেগা নিভুন,
পানী কি মিৰি, আবু নিভুন..."
তেওঁ নদীৰ ঢৌবোৰৰ সৈতে কথা পাতিছিল, ঢৌবোৰত নিজৰ দুখ উজাৰ কৰিছিল। নদীৰ পানীৰ দৰে তাইৰ জীৱনটোও আছিল একাকী, অসীম।
কিন্তু গাঁওখনৰ কিছুমান লোকে এই গাভৰুটোৰ ওপৰত সন্দেহ কৰি থাকিল। তেওঁলোকে ভাবিলে, য়াকচি নিশ্চয় কিছুমান অলৌকিক শক্তিৰ অধিকাৰী, হয়তো অপদেবতা। যেতিয়া গাঁওখনত দুর্ঘটনা, বন্যা, বা কোনোরে অসুখ কৰাত ধৰিছিল, গাঁওবাসী তাকেই দোষী সাব্যস্ত কৰিছিল।
(৩) অপবাদ আৰু শাস্তি
এদিন, গাঁওখনত এক বৃহৎ বানপানী আহিল। বহু কেইটা ঘৰ পানীৰে ধুয়াই গ'ল, গোৱা-ভোঁজা গরু-বাখৰ নদীত সোমাই গ'ল। বয়স্কসকলে ভাবিলে, ই নিশ্চয় কিবা অলৌকিক শক্তিৰ ফল। তাৰ পিছতে, গাঁওৰ মোহৰমীয়া, বুঢ়া-বুঢ়ীৰ মাজত ৰহস্য ক' তচোৱা হৈ থাকিল-য়াকচিয়েই এই অপায়ৰ মূল!
লোকে জোৰকৈ সিদ্ধান্ত ল' লে-এই অপদেবীক গাঁৱৰ পৰা দূৰ কৰিব লাগিব। তাৰ বাবে, তেওঁলোকে য়াকচিক ধৰিবলৈ গ'ল। গাঁৱৰ মানুহে মিলি তেওঁৰ ঘৰত সোমাল আৰু তাক বাহিৰলৈ উলিয়াই আনিলে। যেতিয়া য়াকচি কাঁইটৰ দৰে চেঁচা পানীত পেলাবলৈ ল' লে, তাই বুকুত হাত দি ক'লে-
"তোমালোকে মোক বুজা নাই,
কিন্তু আমি তোমালোকৰ মাজতে থাকিম..."
এই বুলি ক'লে আৰু তাইক পানীত পেলাই দিয়া হল। তাইৰ সৈতে তাইৰ তাঁতৰ কাপোৰ, অলংকাৰবোৰো পানীত পেলাই দিয়া হল।।
৪) শিহু মাছৰ ৰূপ
গাঁওবাসী ভাবিলে, কার্য সম্পন্ন হ' ল। কিন্তু অলপ সময়ৰ পিছতে, নদীৰ বুকুত এক অদ্ভুত পৰিবৰ্তন ঘটিল। ঢৌবোৰ গৰজি উঠিল, পানীৰ সিপাৰৰ পৰা যেন এটা গান শুনা গ'ল-
বৃদ্ধসকলে চমকি গ'ল। তেওঁলোকে দেখিলে, পানীৰ মাজত এটা সুন্দৰ শিহু মাছ উঠি আহিছে! মাছটোৱে ঢৌবোৰৰ মাজত খেলি থাকিল, গাঁওবাসীৰ ফালে চাই চাই যেন কিবা ক' ম বিচাৰিলে।
সেই দিনৰ পিছৰ পৰা, গাঁওবাসীৰ মাজত ভয় খেদি আহিল। তেওঁলোকে বুজিলে, য়াকচিয়েই শিহু মাছ হৈ নদীত পুনৰ জন্মল' লে। সেই দিনৰ পৰা, শিহু মাছক পৱিত্ৰ বুলি গণ্য কৰা হ'ল, আৰু তেওঁলোকে কেতিয়াও ইয়াক শিকার নকৰে।
৫) শিক্ষা আৰু এই সাধুটোৰ অৰ্থ
য়াকচিৰ কাহিনী মিছিং সমাজত এটা গভীৰ শিক্ষা দিয়ে-
- কোনো ব্যক্তিক অন্যায়ভাবে অপবাদ দিয়া উচিত নহয়।
প্ৰকৃতিৰ মাজত প্রকৃত প্রেম থাকিব লাগে।
- শিহু মাছ পৱিত্ৰ আৰু ই প্ৰকৃতিৰ এক অংশ।
আজিও, ব্ৰহ্মপুত্ৰৰ পাৰত মিছিং জনগোষ্ঠীয়ে এই কাহিনী নতুন প্রজন্মক কয়। তেওঁলোকে শিহু মাছক পৱিত্ৰ জ্ঞান কৰে আৰু ইয়াক হত্যা নকৰে। শিহু মাছ যেন য়াকচিৰ আত্মাৰ প্ৰতিচ্ছবি, যিয়ে এই নদীত, এই ভূমিত সজীৱ হৈ আছে।
Chirojyoti Pamegam
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments