16 October, Wed 2024
support@thecriticalscript.com
Blog image

মংৰি ওৰাং (মালতী মেম) ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শ্বহীদ।

11 Sep,2024 06:51 PM, by: Ankita Gogoi
1 minute read Total views: 102
0 Like 0.0

বৃটিছৰ বিৰুদ্ধে দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত ভাগ লৈছিল অগণন দেশবাসীয়ে। সমগ্ৰ দেশতেই ইংৰাজ শাসন ওফৰাই স্বাধীন ভাৰতৰ পতাকা উৰুৱাবলৈ বদ্ধ পৰিকৰ হৈছিল ভাৰতবাসী। দেশৰ স্বাধীনতা সংগ্ৰামত অসমতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। এই সংগ্ৰামত পুৰুষ-মহিলা উভয়েই জপিয়াই পৰিছিল। দেশৰ স্বাৰ্থত বহুতে নিজৰ প্ৰাণকো আহুতি দিছিল। তাৰে ভিতৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বুলি কোৱা হয় মংৰি ওৰাং (মালতী মেম)। অসমৰ চাহ বাগিচাৰ তেওঁ শ্ৰমিক আছিল। চাহ বাগিচাৰ শ্ৰমিক হিচাপে চাহ বাগিচাত আৰু ১৯২১ চনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়তে আফিং বিৰোধী অভিযানৰ অন্যতম আগশাৰীৰ সদস্য হিচাপে তেওঁ পৰিগণিত হয়।ভাৰতৰ বাহিৰত নিৰ্মিত সামগ্ৰী যেনে আফিং আৰু মদ বৰ্জন কৰা স্বাধীন আন্দোলনৰ লগত জড়িত আছিল তেওঁ।

বিদেশী সুৰা আৰু আফিংৰ বিৰুদ্ধে নিষেধাজ্ঞা অভিযানত ১৯২১ চনত দৰং জিলাৰ লালমাটিত কংগ্ৰেছ স্বেচ্ছাসেৱকক নিষেধাজ্ঞা অভিযানত সহায় কৰাৰ বাবে চৰকাৰী সমৰ্থকে গুলীয়াই হত্যা কৰে মঙৰি ওৰাঙক। কিন্তু লাহে লাহে ইতিহাসৰ পাটত এই নাম নোহোৱা হৈ গৈছে যদিও তেওঁৰ স্মৃতি ৰূপে ২০১৯ বৰ্ষত শ্বহীদ মাংৰী ওৰাংৰ  ডিব্ৰুগড়ত প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.