13 October, Tue 2026
support@thecriticalscript.com
India Flag INDIA ASIAN GAMES MEDAL MONITOR  ·  India: 🥇 0 | 🥈 0 | 🥉 0 | Total: 0
Blog image

ত্যাগ আৰু সহনশীলতাৰ স্বৰূপঃ সতী জয়মতী

05 Feb,2022 06:23 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 5188
4 Likes 0.0

ছশবছৰীয়া আহোমৰ ৰাজত্বকালৰ বিষয়ববীয়া বৰগোহাঞি বংশৰ লাইথেপেনা বৰগোহাঞি আৰু চন্দ্ৰদাৰু বৰগোহাঞিৰ জীয়ৰী জয়মতী কুৱঁৰী। জয়মতীৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছ অসমৰ ইতিহাসত। শিৱসাগৰ জিলাৰ পৰা ৯ কিলোমিটাৰ নিলগত অৱস্থিত মাদুৰী গাঁৱত জন্ম হৈছিল জয়মতীৰ। জয়মতী আছিল লাইথেপেনা বৰগোহাঞিৰ বৰ জীয়ৰী। সাতোটা ল’ৰাৰ পিছত জয়মতীৰ জন্ম হৈছিল আৰু তেওঁৰ তলত আছিল আৰু আঠ গৰাকী ভগ্নী। সকলোৱে যথেষ্ট আব্দাৰ কৰিছিল যদিও জয়মতী যথেষ্ট সাহসী, দৃঢ়মনা আৰু সকলো কামতে আগ্ৰহী আছিল। দেউতাকৰ মুখৰ পৰা জয়মতীয়ে বিভিন্ন ৰণ আৰু তাৰ বীৰত্বৰ কথাবোৰ শুনিছিল। তেতিয়াৰ দিনত বিশ্বাস কৰা হৈছিল কৱচ কাপোৰ পৰিধান কৰিলে ৰণত জয়লাভ হয় বুলি। মাহীমাকৰ মুখেৰে কথাবোৰ শুনি জয়মতীয়েও কাপোৰ ববলৈ শিকিছিল। কথাবোৰে জয়মতীৰ মনত যথেষ্ট সাঁচ বহুৱাই গৈছিল।

এদিন জয়মতীয়ে ভায়েক ভনীয়েকে খেলা নাওখেল চাই আছিল আু তেনেতে টিংখাঙৰ পৰা গেলেকী বৰবিললৈ অহা গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰৰ ভোক আৰু পিয়াহ লগাত জয়মতীৰ ঘৰত সোমাল। জয়মতীৰ ঘৰত সকলোৰে আপ্যায়ণত মুগ্ধিত হৈ গদাপাণি উভতিল। কিছু দিনৰ পিছত গদাপাণিয়ে জয়মতীক বিয়া কৰাই নিব বিচাৰে, সেই খবৰ পঠিয়াই। লাইথেপেনা বৰগোহাঞিয়ে আপোচ নকৰিলে কথাষাৰত। আৰু দিন বাৰ ঠিক হ’লত, জয়মতীয়ে দিয়া কৱচ কাপোৰ আৰু হেংদাং গ্ৰহণ কৰি গদাপাণিয়ে চকলং প্ৰতাৰে জয়মতীক বিয়া কৰালে। স্বামী আৰু স্বামীৰ জীৱনক সকলোতকৈ বেছি প্ৰাধান্যতা দি জয়মতীয়ে গদাপাণিৰ পানি গ্ৰহণ কৰিলে। লাই আৰু লেচাই নামে দুটি পুত্ৰ সন্তানৰো জন্ম হৈছিল জয়মতী আৰু গদাপাণিৰ যুগ্ম জীৱনৰ সাক্ষীস্বৰূপে।

সেই সময়ত দেশৰ ৰাজ-সিংহাসনক লৈ ৰজা, বিষয়ববীয়া আৰু আন ৰাজবিষয়াসকলৰ মাজত যথেষ্ট খাম-খেয়ালি চলি আছিল। তেতিয়াৰ দিনত অংগক্ষত হোৱা যিকোনো কোঁৱৰে ৰাজসিংহাসনত বহিব নোৱাৰে আৰু সেয়েহে ৰাজবিষয়া লালুকসোলা বৰফুকনে ৰাজ্যৰ কোঁৱৰ সকলক অংগক্ষত কৰাবলৈ মানুহ পঠিয়াই। লালুকসোলা বৰফুকনে তেতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজ ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ ল’ৰাৰজাক ৰজা পাতে। বৰগোহাঞিৰ পুত্ৰ হোৱাৰ লগতে ৰূপ-গুণ, বল-বীৰ্য, সকলো ফালৰ উপযুক্ত গদাপাণিৰ অংগক্ষত কৰিবলৈয়ো বৰফুকনে চুলিকফাক পঠিয়াইছিল। এই খবৰ গদাপাণি আৰু জয়মতীৰ কানত পৰাত জয়মতীয়ে গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰিলে। গদাপাণিয়ে জয়মতীৰ কথা ৰাখি দুই পুত্ৰৰ সৈতে কাষৰীয়া নগাপাহাৰৰ ফালে গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে। চুলিকফা আৰু তেওঁৰ সৈন্যই গদাপাণিক নাপাই জয়মতীক নি জেৰেঙা পথাৰত বান্ধি থয়। সৌকা আৰু চমতাৰে কোবাই গৰম পানী ঢালি দিয়া হৈছিল জয়মতীৰ শৰীৰত। শৰীৰত ঢৌ ফুটিছিল জয়মতীৰ। কেইবাদিনো ধৰি আশুৰিক অত্যাচাৰ কৰাৰ পিছতো জয়মতীয়ে গদাপাণি লুকাই থকা ঠাইৰ নাম নল’লে। অৱশেষত সকলো দুখ সহ্য কৰি জয়মতীৰ মৃত্যু হয়।

স্বামী আৰু সন্তানৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰিলে জয়মতীয়ে। এই কথা অসমৰ ইতিহাসত চিৰস্থায়ী হৈ ৰ’ব যুগে যুগে। ত্যাগৰ প্ৰতীক স্বৰূপ জয়মতী আৰু অসমৰ গৌৰৱ জয়মতী। জয়মতীৰ দৰে সাহসী আৰু মহীয়ান নাৰী প্ৰত্যেক ঘৰতে থাকক, হয়তো তেতিয়া নাৰীৰ প্ৰতি পুৰুষৰ দৃষ্টিভংগী সকলোৰে সলনি হ’ব আৰু সন্মানপূৰ্বক ব্যৱহাৰ কৰিব।


উৎস সমূহঃ

1) https://as.wikipedia.org/wiki

2)  https://as.vikaspedia.in/

3) https://www.dailyassam.com/

4) http://aad.assam.org/ 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.