
অসমৰ প্ৰসিদ্ধ ঠাইসমূহৰ মাজেৰে আমি বিশ্ব দৰবাৰত লাভ কৰা এক অনন্য চানেকি!
আজি ইণ্টাৰনেটৰ যুগত অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইসমূহে যি প্ৰচাৰ সমগ্ৰ বিশ্বতে লাভ কৰিছে, প্ৰতিজন অসমীয়াই যেন নিজৰ ঠাইখন লৈ গৌৰৱান্বিত।তথ্য-প্ৰযুক্তিৰ বিকাশৰ ফলত এই কথাও আমি জানো অসমৰ বিভিন্ন ঠাইত যিবোৰ প্ৰসিদ্ধ ঠাই আছে সকলোৰে আলোচনা মাত্ৰ এটা প্ৰবন্ধত সামৰি লোৱা সম্ভৱ নহয়; সেয়ে উপস্থাপনৰ সুবিধাৰ্থে প্ৰবন্ধটো কেইটামান ভাগত বিভক্ত কৰা হৈছে-ধৰ্মীয় উপাসনা স্থলসমূহ,আহোম স্থাপত্যৰ বিস্ময় ,অসমৰ সত্ৰসমূহ,অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ ।
ধৰ্মীয় উপাসনা স্থলসমূহ: ধৰ্মীয় উপাসনা স্থলী সমূহত আলোকপাত কৰিবলৈ যাওঁতে আমি এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব যে অসমত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ভাতৃত্ববোধৰ পৰিচয় দি আহিছে। ধৰ্মীয় উপাসনা স্থলৰ কথা ক’লে প্ৰথমে মনলৈ আহে শক্তিপীঠ কামাখ্যা মন্দিৰ।
শক্তিপীঠ কামাখ্যা মন্দিৰ: অসমৰ নাম সমগ্ৰ বিশ্বজুৰি প্ৰসিদ্ধ হোৱাৰ আৰঁত আছে জাগ্ৰত শক্তিপীঠ কামাখ্যা। প্ৰবাদ অনুসৰি প্ৰজাপতি দক্ষৰ কন্যা সতীয়ে যজ্ঞস্থলীতে নিজৰ স্বামী শিৱৰ অপমান সহিব নোৱাৰি আত্মজাহ দিছিল। এই বিয়োগ সহিব নোৱাৰি যেতিয়া মহাদেৱে সতীৰ অগ্নিদগ্ধ মৃতদেহ কোলাত তুলি পৃথিৱীত ঘুৰি ফুৰিছিল; তেখেতৰ কষ্ট দূৰ কৰিবলৈ ভগৱান বিষ্ণুই সতীৰ শৰীৰ সুদৰ্শন চক্ৰৰ দ্বাৰা বিভক্ত কৰিছিল, পৃথিৱীৰ যি ঠাইত মা সতীৰ শৰীৰৰ অংশ পৰে সেই ঠাইসমূহত শক্তিপীঠ ৰূপে প্ৰসিদ্ধি লাভ কৰে। মা সতীৰ যোনী অংশক কামাখ্যাত পূজা আগবঢ়োৱা হয় বাবে, এই স্থান যোনী পীঠ ৰূপেও জনাজাত। ভাৰতৰ ৫১ খন শক্তি পীঠৰ অন্যতম কামাখ্যা শক্তি পূজা, তন্ত্ৰ সাধনা আৰু অম্বুবাচী মেলাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কলা পাহাৰে এই মন্দিৰ ধ্বংস কৰে আৰু পৰৱৰ্তী সময়ত কোচ ৰাজবংশীয় ৰজা বীৰ চিলাৰায়ে পূনৰ নিৰ্মাণ কৰে। এই পীঠত মাৰ সুন্দৰী, ত্ৰিপুৰা, তাৰা, ভূৱনেশ্বৰী, বগলামুখী আৰু চিন্নমস্তা ৰূপৰ আৰাধনা কৰা হয়।এই পীঠত আয়োজিত অম্বুবাচী মেলা সমগ্ৰ বিশ্ববাসীৰ বাবেই এক কৌতুহল। অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয় আৰু দৰ্শনাৰ্থীৰ বাবে শক্তিপীঠ বন্ধ থাকে। কিন্তু বিভিন্ন দেশ-বিদেশৰ সাধকসকলে বিশেষ সাধনাৰ বাবে কামাখ্যা দেৱীৰ আৰাধনা কৰিবলৈ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা পীঠলৈ আহে। অম্বুবাচীৰ প্ৰক্ৰিয়া অতি গোপনীয়। অম্বুবাচীৰ নিবৃত্তিৰ পিছত পুৰোহিতে ৰীতি-নীতিৰে মা কামাখ্যাৰ পূজা সমাপন কৰাৰ পিছত ভক্তবৃন্দৰ বাবে দৰ্শন মুকলি কৰা হয়।
নৱগ্ৰহ মন্দিৰ: হিন্দু ধৰ্মত সৌৰমণ্ডলত অৱস্থিত নটা গ্ৰহৰ পূজাৰ বিশেষ মান্যতা আছে। চিত্ৰ শাল পাহাৰত অৱস্থিত এই মন্দিৰত ৯ টা শিৱ লিংগৰ সহায়ত প্ৰতীকাত্মক ৰূপে পূজা আগবঢ়োৱা হয়। মন্দিৰৰ দেৱালৰ শিলালিপিয়ে ১৮ শতিকাত এই মন্দিৰৰ উৎপত্তিৰ ইংগিত দিয়ে। এই মন্দিৰ গুৱাহাটীৰ জ্যোতিষ চৰ্চাৰ এক অন্যতম প্ৰাণকেন্দ্ৰ।
উগ্ৰতাৰা দেৱালয়: গুৱাহাটীৰ উজানবজাৰত অৱস্থিত এই মন্দিৰটো আহোম ৰজা শিৱসিংহই ১৭২৫ চনত নিৰ্মাণ কৰিছিল। এক কিংবদন্তি অনুসৰি এই স্থানতেই মা সতী নাভিৰ অংশ পৰিছিল। মা উগ্ৰতাৰা পাৰ্বতীৰেই এক অন্য ৰূপ।এই মন্দিৰত নৱৰাত্ৰি বিশেষ ভাৱে আয়োজন হয়। এই মন্দিৰৰ পূব দিশত অৱস্থিত যোৰপুখুৰীৰ পৰা বিবাহ আদি মাঙ্গলিক কাৰ্যত পানী তোলা লোকাচাৰৰ বাবেও ৰাইজসকল আহে।
বশিষ্ঠাশ্ৰম: গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিৰ আশ্ৰমৰ পৰিৱেশে মনক অনাবিল প্ৰশান্তি প্ৰদান কৰে। এই মন্দিৰ আহোম ৰজা ৰাজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা ১৮ শতিকাৰ দ্বিতীয়াৰ্ধত নিৰ্মাণ কৰোৱা হৈছিল। এই আশ্ৰমখন সন্ধ্যা, ললিতা, আৰু কান্তা নদীৰ সংগম স্থলীত অৱস্থিত।
পঞ্চ তীৰ্থ হাজো: হাজো হিন্দু, মুচলমান আৰু বৌদ্ধসকলৰ মাজত থকা সম্প্ৰীতিৰ বাবে বিখ্যাত। হয়গ্ৰীৱ মাধৱ, কেদাৰ, কামেশ্বৰ, কমলেশ্বৰ আৰু গণেশ এই পাঁচখন তীৰ্থস্থলীৰ বাবে হাজোক পঞ্চ তীৰ্থ বুলি কোৱা হয়।
হয়গ্ৰীৱ মাধৱ মন্দিৰ: হাজোত অৱস্থিত এই মন্দিৰত বিষ্ণুৰ হয়গ্ৰীৱ ৰূপৰ আৰাধনা কৰা হয়। সংস্কৃতত হয় শব্দৰ অৰ্থ ঘোঁৰা আৰু গ্ৰীবা মানে ডিঙি । সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বেদ মধু আৰু কৈটব নামৰ অসুৰ দুজনে চুৰি কৰাত ব্ৰহ্মাই বিষ্ণুক নিদ্ৰাৰ পৰা জগাই সহায় বিচাৰে; হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি বিষ্ণুই বেদ উদ্ধাৰ কৰি এই অঞ্চলত নিদ্ৰামগ্ন হয়। হয়গ্ৰীৱ অৱতাৰ ধাৰণ কৰি শ্ৰীহৰি বিষ্ণুই মধু আৰু কৈতৱক বধ কৰিছিল।
পোৱামক্কা: হাজোৰ গৰুড়াচলত অৱস্থিত অসমৰ সৰ্বপ্ৰথম মছজিদ পোৱামক্কা দৰগাহ। জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল।ইছলাম ধৰ্মালম্বীসকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য অৰ্জন কৰে বুলি গণ্য কৰে। লুৎফুল্লা শ্বিৰাজীয়ে ১৬৫৭ ত এই মছজিদ স্থাপন কৰে।ইয়াত চুফী সাধক শ্বেখ জালালুদ্দিনে বাণী প্ৰচাৰ কৰে। তেখেতৰ মৃত্যুত এক মাজাৰ স্থাপন কৰা হয়।
আহোম স্থাপত্যৰ বিস্ময়সমূহ: আহোম স্বৰ্গদেউসকলৰ ৬০০ বছৰীয়া ৰাজত্ব কালত অসমৰ যি সামাজিক তথা সাংস্কৃতিক উত্তৰণ ঘটিছিল সেয়া আছিল অতি লেখত ল’বলগীয়া দিশ। বিশেষকৈ আহোম ৰাজত্বত স্থাপত্যৰ কলাৰ যি অভূতপূৰ্ব আৰু দৃষ্টিনন্দন নিদৰ্শন পোৱা যায় সেয়া অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়।
ৰংঘৰ: “কলচিয়াম অৱ দ্য ইষ্ট” ৰূপে ৰং ঘৰক অভিহিত কৰা হয়। আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৪ চনৰ পৰা ১৭৫১ খ্ৰীষ্টাব্দৰ ভিতৰত ইয়াৰ নিৰ্মাণ কৰোৱাইছিল। অসমৰ শিৱসাগৰত অৱস্থিত এই এম্ফিথিয়েটা, এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি বাচি থকা এম্ফিথিয়েটাৰসমূহৰ ভিতৰত এটা। ই আছিল এক ৰাজকীয় ক্ৰীড়া মণ্ডপ য’ত আহোম ৰজা আৰু সম্ভ্ৰান্ত লোকসকলে ৰঙালী বিহু উৎসৱৰ সময়ত বিভিন্ন খেল চাইছিল। ইয়াৰ নিৰ্মাণত উদ্ভাৱনীমূলক কৌশল ব্যৱহাৰ কৰা হৈছিল- অমিতাৰ পেষ্ট, চাউল, হাঁহৰ কণীৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, যিয়ে ইয়াৰ স্থায়িত্বত অৰিহণা যোগাই আহিছে।
চৰাইদেউ মৈদাম: ২০২৪ চনৰ ২৬ জুলাইত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে। মাটি দাইল, গুৰ, বৰালিমাছ, চূণ, শামোকৰ খোলা আদিৰে নিৰ্মিত মৈদামসমূহত আহোম স্বৰ্গদেউসকলক সমাধিস্থ কৰা হৈছিল। চৰাইদেউ মৈদামত প্ৰথমে চাওলং চুকুফাক সমাধি দিয়াৰ কথা জানিব পাৰি। মৈদামসমূহ আহোমসকলৰ আধ্যাত্মিক বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।
তলাতল ঘৰ: আহোমসকলৰ সামৰিক ঘাঁটিৰ লগতে ৰাজপ্ৰসাদ ৰূপে তলাতল ঘৰ বনোৱা হৈছিল। ঘনশ্যাম খনিকৰ তলাতল ঘৰৰ স্থপতিবিদ আছিল। এইটো ৭ মহলীয়াকৈ বনোৱা হৈছিল যদিও মাটিৰ ওপৰৰ ৪ মহলা থাকিলে ব্ৰিটিছে মাটিৰ তলৰ ৩ মহলা ছীল কৰি দিছিল। ৰুদ্ৰ সিংহই ইয়াৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিলেও বৰ্তমানৰ গাঠনিতো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল।
কাৰেং ঘৰ: শিৱসাগৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত কাৰেং ঘৰ অৱস্থিত। কাঠ আৰু শিলৰ ব্যৱহাৰ কৰি এই ৰাজপ্ৰসাদৰ নিৰ্মাণ কৰা হৈছিল।
জয় দৌল: স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিজৰ মাতৃ জয়মতী স্মৃতি আৰু সন্মানৰ প্ৰদৰ্শনৰ বাবে জয় দৌল স্থাপন কৰিছিল ১৬৯৮ চনত । জয়সাগৰ পুখুৰীৰ পাৰত এই দৌল অৱস্থিত।
শিৱ দৌল: অসমৰ আটাইতকৈ ওখ দৌল। ৰুদ্ৰ সিংহৰ পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশত ১৭৩১ ত এই দৌল নিৰ্মাণ কৰা হৈছিল যাৰ উচ্চতা ১৮০ ফুট।
বিষ্ণু দৌল: এই দৌলৰ নিৰ্মাণৰো আঁৰত আছিল ৰুদ্ৰ সিংহৰ পত্নী অম্বিকা কুঁৱৰী। অষ্টভুজ আকৃতিৰ এই দৌল আজিও পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী।
অসমৰ সত্ৰসমূহ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধিবলৈ একশৰণ নামধৰ্ম প্ৰতিষ্ঠা কৰিছিল। এই ধৰ্মৰ চৰ্চা, বৰগীত, অংকীয়া ভাওনা আদিৰ প্ৰচাৰৰ প্ৰাণকেন্দ্ৰ ৰূপে সত্ৰসমূহ গঢ়ি তুলিছিল মহাপুৰুষজনাৰ লগতে তেওঁৰ বিভিন্ন শিষ্যসকলে। গড়মূৰ সত্ৰ, কমলাবাৰী সত্ৰ আৰু আউনীআটী সত্ৰ অসমৰ প্ৰধান সত্ৰসমূহৰ অন্যতম।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দূৰদৰ্শী চিন্তাই অসমৰ সাংস্কৃতিক জগতখনকো সমৃদ্ধি কৰি থৈ গৈছে। তেখেতে ধৰ্মৰ জটিল কথাবোৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ বোধগম্য হোৱাকৈ উপস্থাপন কৰাৰ প্ৰয়াস কৰোঁতে বৰগীত, অংকীয়া ভাওনা আৰু সত্ৰীয়া নৃত্যৰ সহায় লৈছিল যাতে সাধাৰণ ৰাইজক বিনোদনৰ মাজেৰে ভক্তিৰসৰ সৈতে পৰিচয় কৰাই দিব পাৰি।
সত্ৰীয়া নৃত্য: প্ৰথম অৱস্থাত সত্ৰৰ ভিতৰত পুৰুষসকলে (বৈষ্ণৱ ধৰ্মৰ চৰ্চা কৰা সকলে) এই নৃত্যৰ জড়িয়তে কৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিছিল। সময় বাগৰাৰ লগে-লগে নাৰীয়েও এই নৃত্যৰ চৰ্চা আৰম্ভ কৰে । ২০০০ চনত এই এই নৃত্যই শাস্ত্ৰীয় নৃত্য ৰূপে সাহিত্য অকাডেমিৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সফলতা লাভ কৰে।
মুখা শিল্প আৰু ভাওনা: ভাওনাত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কলাত্মক মুখাৰ সহায় লোৱা হয়। এই মুখা তৈয়াৰ শৈলী অনুপম আৰু বছৰি বহু দেশী-বিদেশী পৰ্যটকৰ মাজুলীলৈ আগমণ ঘটে। প্ৰকৃততে অসমৰ সত্ৰসমূহ জ্ঞানৰ আলয়, য’ত প্ৰতি মুহূৰ্ত্ততে ভক্তিৰসৰ মায়াজালে ভক্তগণক মোহাচন্ন কৰি ৰাখে। অসমৰ সত্ৰীয়া সংস্কৃতিয়ে আমাৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ লগতে সমাজলৈ একতাৰ বাণী পঠিয়াই আহিছে।
অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধি আৰু অবৈধ চিকাৰ ৰোধ কৰিবলৈ ১৯০৮ চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্থাপিত ৰাষ্ট্ৰীয় উদ্যানখনে আজি UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। এই সফলতাৰ ক্ষণত ভাৰতৰ ভাইচৰয়ৰ পত্নী মেৰী কাৰ্জনৰ প্ৰচেষ্টাক আন্তৰিকতাৰে মনত পেলোৱা উচিত। এই উদ্যান গোলাঘাট আৰু নগাঁৱত অৱস্থিত। ১৯১৬ চনত গেম অভয়াৰণ্য স্বীকৃতি দিয়াৰ লগতে ১৯৩৮ চনত চিকাৰ সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰি দৰ্শনাৰ্থীৰ বাবে এই উদ্যান মুকলি কৰা হয়। ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়।৫০০ৰো অধিক প্ৰজাতিৰ অৰ্কিড, ১৩২ বিধ টেঙা ফল আৰু পাতল শাক-পাচলি, ৪৬ প্ৰজাতিৰ বাঁহ, আৰু বন্যপ্ৰাণীৰ এক সমৃদ্ধ শৃংখল আছে। ৪৯০ প্ৰজাতিৰ চৰাইৰ লগতে ২৪ টা বিপন্ন প্ৰজাতি উপলব্ধ হৈছে। এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰয়াস যঠেষ্ট আশাপ্ৰদ কিয়নো বিংশ শতিকাৰ আৰম্ভণিত মাত্ৰ কেইডজন গঁড়ৰ সৈতে প্ৰত্যাহ্বান পূৰ্ণ সংৰক্ষণৰ পৰিকল্পনাৰ জটিলতা নেওচি ২৬১৩ কৈ অধিক গঁড় আছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যান: মানাহক ১৯২৮ ৰ ১ অক্টোবৰত অভয়াৰণ্যৰ মৰ্যদা দিয়া হৈছিল। ১৯৭৩ চনত এই উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানো এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই উদ্যান ২২টা বিপন্ন স্তন্যপায়ী প্ৰাণী- ভাৰতীয় গঁড়, বংগ বাঘ, এছিয়ান হাতীৰ নিৱাসী স্থান। ইয়াত পিগমি হগৰ দৰে বিপন্ন প্ৰজাতিৰ সংৰক্ষণৰ প্ৰচেষ্টা লোৱা হৈছে।
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান: তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ যাক ১৯৯৯ চনত স্থাপিত কৰা হৈছিল।এই অৰ্ধচিৰসেউজ অৰণ্য, পৰ্ণপাতী অৰণ্য, ঘাঁহনি আদি বিভিন্ন পৰিৱেশ তন্ত্ৰৰ বাবে জনাজাত। উদ্যানখন অসংখ্য প্ৰজাতিৰ আশ্ৰয়স্থল, বিশেষকৈ বিলুপ্তপ্ৰায় বগা পাখি থকা কাঠ হাঁহ আৰু বন্য ঘোঁৰা। ইয়াৰ জলাশয়বোৰে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰে, যাৰ বাবে ই চৰাই চোৱাচিতাৰ স্বৰ্গ। ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীয়ে উদ্যানখনৰ দৃশ্যপট বৃদ্ধি কৰে, নদী ক্ৰুজ আৰু বন্যপ্ৰাণী ছাফাৰী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য: মৰিগাঁও জিলাৰ এই অভয়াৰণ্যত গঁড়ৰ ঘনত্ব বেছি হোৱাৰ লগতে ২০০০ ৰো অধিক পৰিভ্ৰমী চৰাই আগমণে পৰ্যটকক আকৰ্ষিত কৰে। এই অভয়াৰণ্য ৩৮.৮ মাটিকালি জুৰি আছে।
ডিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান: ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত ডিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ২৩১.৬৫ বৰ্গ কিলোমিটাৰ। ২০২১ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে অধিসূচিত হোৱা এইখন অসমৰ একমাত্ৰ বৰ্ষাৰণ্য, ইয়াৰ অনন্য জৈৱ বৈচিত্ৰ্যৰ বৈশিষ্ট্য। উদ্যানখনত বিলুপ্তপ্ৰায় হুলক গিবনকে ধৰি সাতটা প্ৰজাতিৰ প্ৰাইমেট দেখিবলৈ পোৱা যায়। ইয়াত এছিয়ান হাতী, বংগ বাঘ, ডাৱৰীয়া নাহৰফুটুকী, মালয় সূৰ্য্য ভালুক আদি স্তন্যপায়ী প্ৰাণীও আছে। পক্ষীৰ বৈচিত্ৰ্য উল্লেখযোগ্য, বগা পাখি থকা কাঠ হাঁহ, গ্ৰেট হৰ্ণবিল, আৰু বিভিন্ন ৰেপ্টৰ আদি প্ৰজাতি আছে। উদ্যানখনৰ চহকী উদ্ভিদত হলং, মেকাই, আৰু নাহৰৰ দৰে প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ইয়াক এক গুৰুত্বপূৰ্ণ পৰিৱেশ অঞ্চল হিচাপে মৰ্যাদাত অৰিহণা যোগাইছে।
তেজপুৰে ৰিঙিয়াই: ঊষা-অনিৰুদ্ধৰ শ্বাস্বত প্ৰেমৰ সাক্ষী তেজপুৰ চহৰ প্ৰেমৰ চহৰ ৰূপেও পৰিচিত। অসমলৈ পৰ্যটকসকলক আকৰ্ষণ কৰে তেজপুৰ চহৰে। এই চহৰৰ অগ্নিগড়, চিত্ৰলেখা উদ্যান, বামুণী পাহাৰ, মহাভৈৰৱ মন্দিৰ।
অগ্নিগড়: বানাসুৰ নামৰ অসুৰ নিজ কন্যা ঊষাক বাহ্যিক পৃথিৱীৰ পৰা লুকুৱাই ৰাখিবলৈ সাজি উলিয়াইছিল। এই গড়টোৰ বিশেষত্ব আছিল এয়ে যে সকলো সময়তে এই গড় জুয়ে আগুৰি ৰাখিছিল যাতে ৰজাৰ অনুমতি নোহোৱাকৈ কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে। তেওঁৰ জীয়ৰী ঊষাই সপোনত এক সুদৰ্শন যুৱকৰ সপোন দেখে কিন্তু তেওঁ এই কথা নাজানিছিল যে সেই যুৱকজনেই আছিল ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। ঊষাৰ সখী চিত্ৰলেখাই যাদুকৰী চিত্ৰকলাৰ সহায়ত অনিৰুদ্ধৰ ছবি অংকনৰ কৰাৰ লগতে নিজৰ মায়াবী শক্তিৰে ঊষাৰ ওচৰলৈ অনিৰুদ্ধক লৈ আনিছিল। ক্ষোভত শিৱ ভক্ত বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰে আৰু কৃষ্ণ তথা শিৱৰ মাজত যুদ্ধ হ’লেও শিৱকো কৃষ্ণই বুজাবলৈ সফল হয় যে অনিৰুদ্ধক বন্দী কৰা আৰু শিৱক দ্বাৰপাল ৰূপে নিয়োজিত কৰাতো বাণ ৰজাৰ ভুল আছিল। অৱশেষত বাণ ৰজাই ঊষা- অনিৰুদ্ধৰ বিবাহত সন্মতি প্ৰদান কৰিবলৈ বাধ্য হৈছিল।
কল পাৰ্ক: ১৯০৬চনত ব্ৰিটিছ কমিছনাৰ কোলে নিৰ্মাণ এই পাৰ্ক নিৰ্মাণ কৰে। বাণ ৰজাৰ কন্যা ঊষাৰ সখী চিত্ৰলেখা উদ্যান নামেৰে অধিক জনপ্ৰিয়। ১৯৯৬ চনত এম জি কে ভানূই পুনৰ নিৰ্মাণ কৰে।
মহাভৈৰৱ মন্দিৰ: এই মন্দিৰত ভগৱান শিৱৰ আৰাধনা কৰা হয়। বাণ ৰজাই প্ৰতিষ্ঠা কৰা এই মন্দিৰৰ শিৱলিংগ জীৱন্ত শিলৰ পৰা নিৰ্মিত যিটোৰ আকাৰ প্ৰতি বছৰে বাঢ়ি গৈ থাকে।
বামুণী পাহাৰ: বামুণী পাহাৰৰ ধ্বংসাৱশেষবোৰ কলাত্মক ভাৱৰ পৰিচায়ক। এই ভাস্কৰ্যৰ নৱম দশম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে।
দ পৰ্বতীয়া মন্দিৰৰ দূৱাৰ: তেজপুৰৰ পৰা কিছু নিলগত অৱস্থিত এই মন্দিৰৰ দূৱাৰৰ পুৰণি ভাস্কৰ্য প্ৰাৰম্ভিক গুপ্তকালৰ ।
অসমৰ চাহ উদ্যোগে কঢ়িয়াই অনা পৰ্যটনৰ সুযোগ
এটি কলি দুটি পাত ৰতনপুৰ বাগিছাত
লহপহীয়া হাতেৰে কোনেনো চিঙিলে
অ’ কোনেনো চিঙিলে”
ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড° ভূপেন হাজৰিকাদেৱৰ এই অমৰ সৃষ্টিয়ে আমাক সোঁৱৰাই দিয়ে অসমৰ চাহ শিল্পৰ কথা। অসমৰ বিশ্বমুখী যাত্ৰাৰ আঁৰত চাহ শিল্পৰ অৱদান অপৰিসীম। অসমৰ চাহ বাগিচাক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগতোক শক্তিশালী কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।
মোনাবাৰী চাহ বাগিছা: বিশ্বনাথ জিলাৰ এই চাহ বাগিছাখন এচিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা ৰূপে পৰিচিত।
হালমাৰী চাহ বাগিছা: হালমাৰী চাহে প্ৰতিনিধিত্ব কৰিছে এক ১০০ বছৰীয়া গৌৰৱোজ্জল ইতিহাসৰ। হালমাৰী চাহ বাগিচা তথা দুলীয়াবাম চাহ বাগিচা ডাগা পৰিয়ালৰ মালিকানাধীন। চাহ উৎপাদনত প্ৰদৰ্শন কৰা উচ্চ মানদণ্ডৰ বাবে হালমাৰী আজি বিশ্বৰ ৯ টা শ্ৰেষ্ঠ কোম্পানীৰ ভিতৰত অন্যতম। হালমাৰী চাহে একেৰাহে ২০১৫, ২০১৬, ২০১৭, ২০১৮ আৰু ২০১৯ চনত গ্ল’বল টী চেম্পিয়নশ্বিপ জয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সফল হৈছে। ৫৩৪ হেক্টৰ মাটিকালি আগুৰি থকা চাহ বাগিছাখনে ১৯১৩ চনৰ পৰাই ৰাইজৰ বিশ্বাসক সাৰথি কৰি আগুৱাই যাবলৈ সক্ষম হৈছে।
মংগলম চাহ: শিৱসাগৰ জিলাৰ মাজমজিয়াত অৱস্থিত মংগলম চাহ বাগিচাখন ১৯৭৩ চনত স্থাপিত কৰা হৈছিল। ১১৮ হেক্টৰ মাটিকালি জুৰি থকা এই বাগিচা উৎপাদনৰ উদ্ভাৱনীমূলক চাহ ৰোপন কৰাৰ বাবে জনাজাত।
জুনকটল্লী চাহ বাগিচা: ২০ লাখ কিলোগ্ৰামতকৈ অধিক চাহ উৎপাদনৰ ক্ষমতা থকা এই চাহ বাগিচা ডিব্ৰুগড়ত ৪৮৫ হেক্টৰ মাটিত বিস্তৃত হৈ আছে।
টোকোলাই চাহ গৱেষণা কেন্দ্ৰ: ১৯১১ চনত প্ৰতিষ্ঠিত এই কেন্দ্ৰটো যোৰহাট জিলাত অৱস্থিত। বিশ্বৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰ ৰূপে ই স্বীকৃতি লাভ কৰিছে।পৰিতাপৰ কথা এয়ে যে প্ৰদূষণৰ বাবে অসমৰ চাহৰ গুণগত মানদণ্ডৰ হ্ৰাস পাবলৈ ধৰিছে। চাহ বাগানৰ শ্ৰমিকসকলে মূল্য বৃদ্ধি আৰু অন্য বহু সমস্যাৰ বাবে ভৱিষ্যতৰ বাবে শংকিত হৈছে। শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত তেওঁলোকে চৰকাৰ আৰু বাগানৰ মালিক পক্ষৰ সহযোগ পালেহে আগবাঢ়ি যাবলৈ পাৰিব। অসমত থকা ঐতিহাসিক ঠাইসমূহ, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহে ভ্ৰমণৰ সৈতে জড়িত বিভিন্ন ব্যৱসায় আৰু কামৰ দ্বাৰা স্থানীয় যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ সম্ভাৱনা আছে। কিন্তু এই ক্ষেত্ৰত সচেতনতা আৰু প্ৰশিক্ষণৰ অভাৱ দৃষ্টি গোচৰ হয়।
আন এক চিন্তা হৈছিল বুৰঞ্জী প্ৰসিদ্ধ ঠাই সমূহৰ আৰু বিজ্ঞান সম্মত ভাৱে সংৰক্ষণৰ পৰিকল্পনাৰ অভাৱ। চৰকাৰী বিভাগে প্ৰস্তুত কৰা আঁচনি সমূহ ব্যৱহাৰিক দিশত ৰূপায়ণ নহয়। পৰ্যটকৰ বাবে পৰ্যটন স্থলী সমূহত প্ৰয়োজনীয় সা-সুবিধা পৰ্যাপ্ত নহয়। পৰ্যটন স্থলী সমূহত জাৱৰ নিষ্কাষণৰ ব্যৱস্থাও আধুনিক নহয়। স্থানীয় লোক ৰূপে আমিও ফুৰিবলৈ গ’লে ঠাইখন লেতেৰা কৰাত অৰিহণা যোগাই আহোঁ, যিটো গ্ৰহণযোগ্য নহয়। চৰকাৰে কাম ভালকৈ তেতিয়াহে কৰিব পাৰে যেতিয়া ৰাইজো সচেতন হয়।
অসমৰ ঐতিহাসিক ঠাইসমূহৰ প্ৰতি আমাৰ প্ৰতিজনৰে নিশ্চয় দ্বায়িত্ব আছে; যিটো পালন কৰি আমি অসমৰ পৰ্যটন উদ্যোগৰ বিকাশত সচেতন নাগৰিক ৰূপে নিজৰ ভূমিকা সফলতাৰে পালন কৰিব পাৰিম।
References:
[Kaziranga National Park Blog](https://www.kaziranga-national-park.com/blog/rhino-population-at-kaziranga/)
- [Greater One-Horned Rhino Population Reaches New High](https://rhinos.org/blog/greater-one-horned-rhino-population-reaches-new-high/)
- [Save the Rhino](https://www.savetherhino.org/asia/india/greater-one-horned-rhinos-on-the-rise/)
- [Assam's Rhino Population Surges to 3000 as Poaching Falls](https://www.optimistdaily.com/2024/10/assams-rhino-population-surges-to-3000-as-poaching-falls/)
- [India Today](https://www.indiatoday.in/india/story/india-one-horned-asian-rhino-population-triples-four-decades-2604986-2024-09-23)
UNESCO World Heritage Centre - Kaziranga National Park: [https://whc.unesco.org/en/list/337/](https://whc.unesco.org/en/list/337/)
Archaeological Survey of India - Rang Ghar: [https://asi.nic.in/rang-ghar/](https://asi.nic.in/rang-ghar/)
UNESCO World Heritage Centre - Manas Wildlife Sanctuary: [https://whc.unesco.org/en/list/338/](https://whc.unesco.org/en/list/338/)
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments