03 May, Sun 2026
support@thecriticalscript.com
Blog image

খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ

02 May,2026 05:28 PM, by: Ankita Gogoi
1 minute read Total views: 23
0 Like 0.0

খৰ্গেশ্বৰ তালুকদাৰ আছিল ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ সময়ত তেওঁ বীৰত্বৰে প্ৰাণ আহুতি দিছিল।

১৯৭৯ চনৰপৰা ১৯৮৫ লৈ চলা ছবছৰীয়া অসম আন্দোলনৰ সময়ত মুঠ ৮৫৫ গৰাকী লোক ছহিদ হৈছিল৷ ইয়াৰ ভিতৰত বৰপেটাৰ ভৱানীপুৰ সমষ্টিৰ উজান বৰবড়ী গাঁওৰ খৰ্গেশ্বৰ তালুকদাৰক তদানীন্তন কালৰপৰাই সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ প্ৰথম ছহিদ হিচাপে স্বীকৃতি দি আহিছে।


খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম ২০ জুন ১৯৫৯ চনত  অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত হৈছিল |তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা।তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল।

অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেখেত নিহত হৈছিল। বৰপেটাৰ AASU ৰ ২২ বছৰীয়া সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক ভবানীপুৰত ঘাইপথৰ কাষতে খাৱৈত পেলাই দিয়া হয়।মৃত্যুৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰ সৰুপেটাৰ বি.এইচ.বি. মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ আছিল।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.