কৌশিক বৰা : এৰী বস্ত্ৰ উৎপাদনেৰে কোটি টকাৰ ব্যৱসায় কৰা লক্ষীমপুৰ ধলপুৰৰ যুৱক
এৰী আৰু মুগা অসমৰ এক অন্যতম জনপ্ৰিয় ৰেচম। মুগা একমাত্ৰ
উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায় আৰু ইতিমধ্যেই ভৌগোলিক সূচ্যাংক লাভ কৰিছে । তুঁহ আৰু
তুঁহ নথকা ৰেচম উৎপাদন অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ উদ্যোগ। গ্ৰাম্য জনগোষ্ঠীৰ
আৰ্থ-সামাজিক বিকাশত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, মুগা আৰু এৰি ৰেচম অসমীয়া
সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ। নিয়োগৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীলতাৰ
পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক বৃদ্ধিৰ বাবে কৌশলগত পৰিকল্পনা আৰু উদ্যোগীকৰণ কাৰ্যসূচী
ৰূপায়ণৰ জৰুৰী প্ৰয়োজন। গ্ৰাম্য উদ্যোগত উদ্যোগীকৰণক প্ৰসাৰিত কৰাটোৱে গ্ৰাম্য
জনসাধাৰণৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে এক আশাব্যঞ্জক সমাধান প্ৰদান কৰে। বহু
যুৱ ব্যক্তিৰ উদ্ভাৱনীমূলক ব্যৱসায়িক ধাৰণা থকাৰ পিছতো সম্পদ আৰু সুযোগৰ অভাৱে
তেওঁলোকৰ সফল উদ্যোগ স্থাপনৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰে। কিন্তু এচাম লোকে এই
প্ৰাচীন ৰেছম শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰি
আহিছে।
মুগা আৰু এৰী শিল্পৰ দ্বাৰা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য
বৰঙনি আগবঢ়াব পাৰি। বহুতো উদ্যোগীয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। এৰী লেটাক
পাৰ্শ্ব উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিব পাৰি । পৰম্পৰাগত এৰী চাদৰৰ উপৰিও
টাই, মাস্ক, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, কোট, জেকেটৰ উপৰিও নৱ প্রজন্মৰ পছন্দৰ
প্ৰতি লক্ষ্য ৰাখি টি চাৰ্ট,
চুৰিদাৰ জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে ।
এৰী বস্ত্ৰ উৎপাদনেৰে উত্তৰ-পূবৰ বজাৰ দখল কৰি বছৰি চাৰে চাৰি কোটি টকাৰ ব্যৱসায় কৰি আহিছে লক্ষীমপুৰ ধলপুৰৰ যুৱক কৌশিক বৰা।অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ এৰী শিল্পত এক নতুন মাত্রা প্রদান কৰিছে। তেখেত নিজে সংস্থাপিত হোৱাৰ লগতে আৰু বহু লোকক ইয়াত সংস্থাপন দিছে। তেখেতে প্রথম অৱস্থাত ঘৰে ঘৰে ঘৰে গৈ এৰী কাপোৰ বিক্ৰী কৰিছিল। তাৰপিছত যুৱকজনে ২০১০ চনত ধলপুৰত 'আদর্শ সেৱা সংঘ' নামৰ এটা বেচৰকাৰী সংগঠন খুলে আৰু আগলৈ 'অহিংসা ছিল্ক এক্সপ'ট' নামব এটা উদ্যোগ স্থাপন কৰে। যুৱকজনে এৰীপালকসকলৰ পৰা এৰী লেটা ক্ৰয় কৰাৰ উপৰি এৰী কাপোৰ, টুপী আদি উদ্যোগটোত তৈয়াৰ কৰিবলৈ লয়। উদ্যোগটোত এৰী লেটাৰ পৰা সূতা কটাৰ ব্যৱস্থা নথকাত সূতা কাটিবৰ বাবে সেইসমূহ বিহাৰলৈ প্রেৰণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ উদ্যোগটোত কাপোৰ বোৱা শাল আৰু চিলাই কৰাৰ দুটা গোট স্থাপন কৰি এৰী কাপোৰৰ কোট, ফেঞ্চি বেগ, আৰু বহুতো বস্তু প্রস্তুত কৰিবলৈ লয়। উদ্যোগটোৰ বিষয়ে জানি অৰুণাচল প্ৰদেশৰ জনজাতীয় লোকসকলে তেওঁলোকে পৰিধান কৰা পৰম্পৰাগত কাপোৰ ক্ৰয় কৰিবৰ বাবে আগ্রহ প্রকাশ কৰে। ক্ৰমাৎ অৰুণাচল প্ৰদেশৰ লগতে নাগালেণ্ড, মিজোৰাম, মেঘালয়, সকলোতে এই উদ্যোগটোৰ উৎপাদিত বস্ত্ৰৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। এৰী বস্ত্র উৎপাদনৰ উপৰি যুৱকজনে নামৰূপ, কাকপথাৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মেৰাপানী আদি ঠাইৰ পৰা এৰী লেটা সংগ্ৰহৰ কাম আৰম্ভ কৰে, যাৰ বাবে তেওঁ বিভিন্ন স্থানত পাঁচশৰো অধিক এজেন্ট নিয়োগ কৰে। যুৱকজনৰ মতে বিত্তীয় বর্ষত তেওঁ ৪৩ টন এৰী লেটাৰ ব্যৱসায় কৰে। আনহাতে যোৱা বিত্তীয় বর্ষত তেওঁ চাৰে চাৰি কোটি টকাৰ ব্যৱসায় কৰা বুলি জানিবলৈ দিয়ে। কেন্দ্রীয় ছিল্ক ব'র্ডে এৰী উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰে যদিও এৰী লেটাসমূহ এৰীপালকসকলৰ পৰা সঠিক মূল্যত ক্ৰয়ৰ ব্যৱস্থা নকৰাৰ ফলতেই এৰীপালকসকলে পৰম্পৰাগত শিল্পটোৰ প্রতি অনীহা প্রকাশ কৰিবলৈ লৈছে। তেওঁ প্ৰকাশ কৰিছিল যে,চৰকাৰৰ সদিচ্ছা অবিহনে অসমৰ স্বাভিমান আৰু ঐতিহ্য জড়িত হৈ থকা এৰী-মুগা শিল্প জীয়াই নাথাকে।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments