11 April, Sat 2026
support@thecriticalscript.com
Blog image

ইৰান-আমেৰিকাৰ সংঘাতৰ পৰা দেশৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ ভাৰতৰ পদক্ষেপ!

10 Apr,2026 02:42 PM, by: Ankita Gogoi
1 minute read Total views: 55
0 Like 0.0

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বিৰতি হোৱাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহত শক্তি যোগান, পৰিবহণ আৰু সামগ্ৰীৰ মূল্যত যথেষ্ট প্ৰভাৱ পৰিছে। দেশৰ অৰ্থনীতিক পুনৰ সুস্থ কৰিবলৈ ভাৰত চৰকাৰে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

*কৃষিখণ্ডত আটাইতকৈ ডাঙৰ পদক্ষেপ হৈছে সাৰত ৰাজসাহায্য বৃদ্ধি কৰা। 

*খাৰিফ শস্যৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য আঁচনিৰ বাবে ৪১,৫৩৩ কোটি টকা আবণ্টন।

*ইন্ধনৰ মূল্যৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰই আবকাৰী শুল্কও হ্ৰাস কৰিছে।

* পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক প্ৰায় ৩ টকা আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰায় শূন্যলৈ হ্ৰাস কৰা হৈছে। 

*একে সময়তে দেশৰ ভিতৰত ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ ডিজেল আৰু বিমান টাৰবাইন ইন্ধনৰ ওপৰত ৰপ্তানি শুল্ক আৰোপ কৰা হৈছে যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত যোগানৰ সংকট আহিলেও দেশৰ ভিতৰত ইন্ধনৰ নাটনি নহয়।

*আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ উপাদানৰ মূল্য বৃদ্ধিৰ বাবে কৃষকৰ ওপৰত হেঁচা হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। প্ৰায় ২.৫ লাখ কোটি টকাৰ 'ঋণ নিশ্চয়তা আঁচনি'ৰ পৰিকল্পনা কৰা হৈছে, যাৰ জৰিয়তে কোম্পানীসমূহে সহজে ঋণ লাভ কৰিব পাৰিব। জানিব পৰা মতে, এই আঁচনিৰ অধীনত চৰকাৰে ৯০ শতাংশ পৰ্যন্ত নিশ্চয়তা দিব পাৰে।

*জানিব পৰা মতে, দেশৰ শোধনাগাৰসমূহত পৰ্যাপ্ত খাৰুৱা তেল মজুত ৰখা হৈছে আৰু ঘৰুৱা LPG উৎপাদনো বৃদ্ধি কৰা হৈছে। 

খবৰ অনুসৰি, যোৱা ৭ এপ্ৰিলত এদিনতে ৫৩.৫ লাখতকৈ অধিক গেছ চিলিণ্ডাৰ যোগান ধৰা হৈছে। বিশুদ্ধ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ৰিজাৰ্ভ বেংকেও ৰপ্তানিকাৰকসকলৰ বাবে ৰপ্তানি ঋণৰ সময়সীমা ২৭০ দিনৰ পৰা ৪৫০ দিনলৈ আৰু পৰিশোধৰ সময়সীমা ৯ মাহৰ পৰা ১৫ মাহলৈ বৃদ্ধি কৰা হৈছে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.