12 August, Tue 2025
support@thecriticalscript.com
Blog image

ভাৰতলৈ ভাবুকি ট্ৰাম্পৰ

07 Aug,2025 04:52 PM, by: Ankita Gogoi
1 minute read Total views: 189
0 Like 0.0

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত প্ৰথমে ২৫ শতাংশ শুল্ক আৰোপ কৰে। তাৰ পিছতে তেওঁ এই শুল্ক দুগুণ কৰি ৫০ শতাংশ কৰে। এই শুল্কৰ সিদ্ধান্ত ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক লৈ লোৱা হৈছে। এই সিদ্ধান্ত অনুসৰি ৭ আগষ্টৰ পৰা ২৫ শতাংশ শুল্ক কাৰ্যকৰী হৈছে আৰু ২১ দিনৰ পাছত অতিৰিক্ত ২৫ শতাংশ শুল্ক যোগ হ’ব, যাৰ ফলত মুঠ শুল্ক ৫০ শতাংশ হ’ব। শুল্ক ঘোষণা কৰাৰ ৮ ঘণ্টাৰ ভিতৰত ট্ৰাম্পে পুনৰ ভাৰতক ভাবুকি দিয়ে আৰু কয় যে সৰু সৰু নিষেধাজ্ঞাও আৰোপ হ’ব পাৰে। হোয়াইট হাউচত এক সংবাদমেলত সাংবাদিকে সুধিছিল যে চীনেও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে, তেন্তে কেৱল ভাৰতকহে কিয় শাস্তি দিয়া হৈছে। উত্তৰস্বৰূপে ট্ৰাম্পে কয় – “কেৱল ৮ ঘণ্টাহে হ’ল। চাই থাককচোন কি হয়। আপোনালোকে আৰু বহুতো নিষেধাজ্ঞা দেখিব।” তেওঁ শুল্ক আৰোপৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি আৰু বাণিজ্যিক আইনৰ উল্লেখ কৰে আৰু কয় যে ভাৰতৰ দ্বাৰা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো আমেৰিকাৰ বাবে এটা ভাবুকি। হোৱাইট হাউছে ইতিমধ্যে এই শুল্ক বৃদ্ধিৰ আদেশ জাৰি কৰিছে। এই শুল্কৰ ফলত এতিয়া আমেৰিকাত আমদানিকৃত সকলো ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক জাপি দিয়া হ’ব। এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই পদক্ষেপক অন্যায় আৰু অযুক্তিকৰ বুলি অভিহিত কৰিছে আৰু স্পষ্টকৈ কয় যে ভাৰত নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.