16 June, Tue 2026
support@thecriticalscript.com
Blog image

আমেৰিকা-ইৰানৰ শান্তি চুক্তি ১৯ জুনত কৰা হ'ব চুক্তি স্বাক্ষৰ!

15 Jun,2026 06:05 PM, by: Ankita Gogoi
1 minute read Total views: 13
0 Like 0.0

মধ্যপ্ৰাচ্যত তিনি মাহতকৈও অধিক সময় ধৰি চলি থকা সংঘাতৰ অৱসান ঘটাৰ ইংগিত পোৱা গৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে এক শান্তি চুক্তি স্বাক্ষৰৰ লগতে লেবাননকে ধৰি সকলো গোটৰ বিৰুদ্ধে সামৰিক অভিযান তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰাৰ বাবে সন্মত হৈছে। 

এই গুৰুত্বপূৰ্ণ কথা প্ৰথমে মধ্যস্থতাকাৰী পাকিস্তানৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত ৱাশ্বিংটন আৰু তেহৰাণ উভয়েই এই কথা নিশ্চিত কৰে। দুয়োখন দেশে অহা ১৯ জুনত ছুইজাৰলেণ্ডৰ জেনেভাত এখন শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ জৰিয়তে সামৰিক অভিযান বন্ধ হোৱাৰ লগতে হৰমুজ প্রণালীৰ পুনৰ মুকলি হোৱাৰ পথ সুগম হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ট্ৰুথ ছ’চিয়েলত এই চুক্তিৰ কথা ঘোষণা কৰি কয়, "ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ সৈতে চুক্তি এতিয়া সম্পূৰ্ণ হৈছে।"

অহা ১৯ জুনত ছুইজাৰলেণ্ডত এক আনুষ্ঠানিক স্বাক্ষৰ হ'ব ১৪ দফীয়া বুজাবুজি চুক্তি

*সকলো ক্ষেত্ৰত যুদ্ধ আৰু সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰা।

*ইৰানৰ আভ্যন্তৰীণ বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি।

*ইৰানৰ জব্দ হৈ থকা প্রায় ২৪ বিলিয়ন ডলাৰ মুক্ত কৰাৰ প্ৰস্তাৱ।

*৩০ দিনৰ ভিতৰত নৌ-অৱৰোধ সম্পূৰ্ণভাৱে উঠাই লোৱা।

*৩০ দিনৰ ভিতৰত হৰমুজ প্রণালী পুনৰ মুকলি কৰা।

*ইৰানৰ তেল আৰু পেট্ৰ'কেমিকেল খণ্ডৰ ওপৰত আৰোপিত নিষেধাজ্ঞা স্থগিত কৰা।

*ইৰানৰ চাৰিওফালৰ অঞ্চলৰ পৰা আমেৰিকান বাহিনী প্রত্যাহাৰ।

*তেল নিষেধাজ্ঞা স্থগিত আৰু জব্দ ধন মুক্ত কৰাৰ পিছতহে চূড়ান্ত আলোচনা আৰম্ভ হ'ব।

*ইৰান পুনৰ নিৰ্মাণৰ বাবে কমেও ৩০০ বিলিয়ন ডলাৰৰ পুনর্গঠন পৰিকল্পনা দাখিল।

*পাৰমাণৱিক কাৰ্যসূচী আৰু নিষেধাজ্ঞা সম্পর্কীয় বিষয়ত ৬০ দিনীয়া আলোচনা।

*পাৰমাণৱিক অস্ত্র উৎপাদন নকৰাৰ বিষয়ে ইৰানৰ পুনৰ প্ৰতিশ্রুতি।

*আলোচনাৰ সময়ছোৱাত নতুন নিষেধাজ্ঞা বা সামৰিক শক্তি বৃদ্ধি নকৰাৰ আমেৰিকাৰ আশ্বাস।

*চুক্তি ৰূপায়ণৰ বাবে তদাৰকি ব্যৱস্থা গঠন।

*চূড়ান্ত চুক্তিক United Nations Security Councilৰ প্ৰস্তাৱৰ জৰিয়তে অনুমোদন।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.