30 April, Wed 2025
support@thecriticalscript.com
Blog image

ভাইৰেল ঘিবলীৰ অৰ্থ আৰু ইয়াৰ আৰঁৰ ব্যক্তিজনৰ বিষয়ে জানেনে?

08 Apr,2025 06:49 PM, by: Ankita Gogoi
1 minute read Total views: 88
0 Like 0.0

চৌদিশে এতিয়া Ghibli ট্ৰেণ্ড। জাপানৰ ষ্টুডিঅ’ ঘিবলী (Ghibli)ক ষ্টুডিঅ’ জিবুৰো বুলি কোৱা হয়, যাক হিন্দী আৰু ইংৰাজীত ঝিবলী বা ঘিবলী বুলিও কোৱা হয় । ষ্টুডিঅ’ ঘিবলী হৈছে জাপানীজ এনিমেচন ষ্টুডিঅ’ যাৰ ছবিয়ে আনকি অস্কাৰ বঁটাও লাভ কৰিছে।

ঘিবলী শব্দৰ আচলতে অৰ্থ হ’ল গৰম, প্ৰবল আৰু শুকান বতাহ, যিটো সাধাৰণতে চাহাৰা মৰুভূমিৰ বতাহক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই শব্দটো ষ্টুডিঅ’টোৰ প্ৰতিষ্ঠাপকে এই ধাৰণাৰে উদ্ভাৱন কৰিছিল যে তেওঁ জাপানৰ এনিমেচনৰ জগতখনলৈ এক নতুন আৰু সতেজ শক্তি আনিব। এই নামৰ উদ্দেশ্য আছিল যে ষ্টুডিঅ’টোৱে সেই একে শক্তি আৰু সৃষ্টিশীলতা আগবঢ়াব লাগে যিদৰে প্ৰচণ্ড বতাহে তেওঁলোকৰ পথৰ সকলো বস্তু সলনি কৰে।

ষ্টুডিঅ’ ঘিবলী কোনে আৰু কেতিয়া আৰম্ভ কৰিছিল?

১৯৮৫ চনত দুজন জনপ্ৰিয় জাপানী চলচ্চিত্ৰ পৰিচালক হায়াও মিয়াজাকি আৰু ইজিৰোঅ' তাকাহাতাই ষ্টুডিঅ’ ঘিবলী আৰম্ভ কৰিছিল। তেওঁলোকে একেলগে এটা নতুন এনিমেচন ষ্টুডিঅ’ গঠন কৰে, যাৰ উদ্দেশ্য আছিল উচ্চমানৰ, হৃদয়স্পৰ্শী আৰু এনিমেটেড ছবি নিৰ্মাণ কৰা। এই ষ্টুডিঅ’টোৱে কেৱল জাপানতে নহয়, সমগ্ৰ বিশ্বতে এনিমেচনৰ খণ্ডত এক নতুন দিশ দিছে।

এতিয়া ChatGPT ৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো ফটো  Ghibli Style ত ৰূপান্তৰিত কৰিছে । অনলাইন প্লেটফৰ্মত ঘিবলী ছবিৰ উজান উঠিছে আৰু ইটোৰ পিছত সিটো ভাইৰেল মিম ঘিবলী ষ্টাইলত দেখা গৈছে । 

২০০৩ চনত মুক্তি পোৱা ষ্টুডিঅ’ ঘিবলীৰ "স্পিৰিটেড এৱে" ছবিখনে শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ হিচাপে অস্কাৰ বঁটা লাভ কৰি বিশ্বৰ চলচ্চিত্ৰ জগতত এক গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ পিছত, ২০২৩ চনত হায়াও মিয়াজাকিৰ পৰিচালনাত নিৰ্মিত "The Boy and the Heron" ছবিখনে ৯৬ সংখ্যক অকাডেমী বঁটাত শ্ৰেষ্ঠ এনিমেটেড ফিচাৰৰ অস্কাৰ জয় কৰে।

ষ্টুডিঅ’ ঘিবলীৰ ছবিবোৰৰ বিশেষত্ব মাথোঁ এনিমেচনতেই সীমাবদ্ধ নহয়—ইয়াৰ গল্পবোৰো অসাধাৰণ।এই সকলো কাৰণতে ষ্টুডিঅ’ ঘিবলী আজি বিশ্ব চলচ্চিত্ৰৰ এক উজ্জ্বল নক্ষত্র হিচাপে পৰিগণিত।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.