30 April, Wed 2025
support@thecriticalscript.com
Blog image

হলীৰাম ডেকা উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ

18 Mar,2025 05:52 PM, by: Ankita Gogoi
1 minute read Total views: 215
0 Like 0.0

হলীৰাম ডেকা আছিল প্ৰথম অসমীয়া ব্যক্তি যিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এজন খ্যাতনামা সাহিত্যিকো আছিল। তেওঁ ১৯০১ চনৰ ১৯ জুন তাৰিখে নামনি অসমৰ সৰ্থেবাৰী নামৰ স্থানত জন্ম গ্ৰহণ কৰিছিল। গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাতাসহ বিভিন্ন সামাজিক কার্য্যত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল। বিশেষকৈ নতুন প্ৰতিভাক স্বীকৃতি দিয়া আৰু উল্লেখযোগ্য গুণাগুণ চিনাক্ত কৰা আৰু বিশেষভাৱে ডেকাসকলক কৰ্মমুখী, স্বাস্থ্যসম্মত আৰু দেশপ্ৰেমিক মানসিকতাৰে উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত হলীৰাম ডেকা অত্যন্ত দক্ষ আছিল।

তেওঁৰ পিতৃ জয়ৰাম ডেকা পেচাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হৈও মূলত সমাজ সেৱক হিচাপে অধিক সুনাম অৰ্জন কৰিছিল। ওচৰ-চুবুৰীয়াৰ মাজত তেওঁ এজন গণ্য মান্য ব্যক্তি আছিল। হলীৰাম ডেকা আছিল জ্যেষ্ঠ সন্তান। যদিও জয়ৰাম ডেকা শিক্ষক আছিল, তথাপি সদায় অভাৱ-অনাটনৰে জীয়াই আছিল। পৰিয়ালৰ জ্যেষ্ঠ সন্তান হিচাপে হলীৰামেও শৈশৱৰ পৰাই কিছু দায়িত্ব বহন কৰিবলৈ বাধ্য হৈছিল। হলীৰাম ডেকাৰ সুযোগ্য সন্তান আছিল অসমীয়া সাহিত্যৰ অন্যতম বিশিষ্ট গল্পকাৰ প্ৰণৱজ্যোতি ডেকা।

তেখেতে শিক্ষাজীৱন আৰম্ভ কৰিছিল জন্মস্থান সৰ্থেবাৰীত। অৰ্থিক অসুবিধাৰ বাবে বিভিন্ন বিদ্যালয় সলাই ফুৰিব লগীয়া হৈছিল যদিও অৱশেষত তেওঁ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সফলতা লাভ কৰে।তাৰ পাছত কটন কলেজত আই.এ. সম্পন্ন কৰে। গণিত বিষয়ত অনাৰ্ছসহ সংস্কৃতত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি বি.এ. ডিগ্ৰী অৰ্জন কৰে। সেই বছৰৰ বি.এ. ফলাফলত কোনো ছাত্ৰই প্ৰথম শ্ৰেণীৰ স্থান লাভ নকৰা বিশেষত্ব আছিল।

স্নাতকোত্তৰ অধ্যয়নৰ বাবে হলীৰাম ডেকাই অসম চৰকাৰৰ বিশেষ বৃত্তি লাভ কৰি শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হয়। যদিও ইঞ্জিনিয়াৰিংত তেখেতৰ বিশেষ আগ্ৰহ নাছিল, উচ্চ শিক্ষাৰ অন্য বিকল্প নথকাৰ বাবে বৃত্তি পাই সেই বিষয়তে পঢ়া আৰম্ভ কৰে। দুখজনকভাৱে জ্বৰত আক্ৰান্ত হোৱাৰ ফলত তেওঁ শিৱপুৰৰ পৰা উভতি আহিব লগীয়া হয়।

পাছত আইনৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ গুৱাহাটী আৰ্ল ল কলেজত ভৰ্তি হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰাৰ পাছত এম.এ. ডিগ্ৰী লাভৰ উদ্দেশ্যে কলকাতালৈ গতি কৰে। ১৯২৫ চনত হলীৰাম ডেকাই বাংলা ভাষাত এম.এ. পৰীক্ষাত প্ৰথম শ্ৰেণীত পঞ্চম স্থান অধিকাৰ কৰে। সেইসময়তে তেওঁ আইনৰ ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হয়।

হলীৰাম ডেকাই শিক্ষা সমাপ্তিৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। প্ৰায় পাঁচ-ছয় বছৰ ওকালতি চলাই থকা অৱস্থাতে তেওঁৰ পৰিচয় হয় কলিকতা উচ্চ ন্যায়ালয়ৰ খ্যাতনামা অধিবক্তা ড° বিদ্যা বিনোদ পালৰ সৈতে। তাৰ পিছতে হলীৰামে কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। ১৯৩১ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ কলিকতাত সফলতাৰে ওকালতি কৰি এজন প্ৰতিষ্ঠিত আৰু দক্ষ অধিবক্তা হিচাপে খ্যাতি লাভ কৰে। সেই সময়তে কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অংশকালীন অধ্যাপক হিচাপেও তেওঁ নিযুক্তি লাভ কৰে।

১৯৪৬ চনত অসম চৰকাৰে ৰেভিনিউ ট্ৰিবিউনেলৰ সদস্য হিচাপে নিযুক্তিৰ প্ৰস্তাৱ দিলে হলীৰাম ডেকাই শ্বিলঙলৈ স্থানান্তৰ হয়। ১৯৪৮ চনত গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপিত হোৱাৰ সময়ত তেওঁক প্ৰথমগৰাকী পঞ্জীয়কৰূপে নিযুক্তি কৰা হয়। ১৯৪৯ চনত তেওঁ যোৰহাট জিলাৰ ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰে। ১৯৫০ চনত হলীৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু এক দশকলৈ এই দায়িত্ব সুচাৰুৰূপে পালন কৰে।

১৯৬১ চনত হলীৰাম ডেকাই প্ৰথমগৰাকী অসমীয়া হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে আসন গ্ৰহণ কৰে। সেইবছৰেই তেওঁ অৱসৰ গ্ৰহণ কৰে। আইনী ক্ষেত্ৰত দক্ষতাৰে সমাদৃত হলীৰাম ডেকাই বিচাৰকৰূপেও যথেষ্ট সুনাম অৰ্জন কৰিছিল।

১৯৬২ চনৰ ২০ ডিচেম্বৰত হলীৰাম ডেকাই শেষ নিশ্বাস ত্যাগ কৰে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.