কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী
আমি নজনা এনে বহু প্ৰাণী আছে যিবোৰৰ জীৱনৰ
প্ৰতি এতিয়া ভাবুকি আহি পৰিছে আৰু যিবোৰ এতিয়া বিলুপ্তপ্ৰায় প্ৰাণীৰ শাৰীত পৰিছে৷ তাৰে
বিষয়ে আজি তলত উল্লেখ কৰা হৈছে-
উলূম’ৰা
উলূম’ৰা এবিধ বিৰল প্ৰজাতিৰ চৰাই৷ ইয়াক বিশেষকৈ দক্ষিন পূব এছিয়াত দেখিবলৈ পোৱা যায়৷ Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি৷ উলূম’ৰাই মুকলি আৰু ওখ ঘাঁহনিত বাস কৰে৷ ইয়াৰ সংখ্যা বৰ্তমান এহেজাৰৰো কম বুলি ধাৰণা কৰা হৈছে৷ পূৰ্ণবয়স্ক উলূম’ৰাৰ দেহৰ দৈৰ্ঘ্য ৬৬ - ৬৮ ছে মি আৰু উচ্চতা ৫৫ ছেমি মান৷ মতা উলূম’ৰাৰ মুৰৰ পৰা ডিঙি পৰ্যন্ত বৰণ ক’লা আৰু মুৰত এটা দীঘল মুকুট থাকে৷ঠেং হালধীয়া আৰু ঠোঁট গাঢ় বৰণৰ৷ মাইকী উলূম’ৰা আকাৰত মতা উলূম’ৰাতকে ডাঙৰ হয়৷ভাৰতত উলূম’ৰা উত্তৰ প্ৰদেশ, নেপাল অসম আৰু অৰুণাচলত পোৱা যায়৷ উলূম’ৰাই মুকলি আৰু ওখ ঘাঁহনিত বাস কৰে৷
হক্সবিল
হক্সবিলৰ দৈৰ্ঘ্য ৩০ৰ পৰা ৩৮ ইঞ্চি। ইহঁতৰ মুখৰ গঠনৰ লগত বাজ চৰাইৰ ঠোটৰ বহুখিনি মিল আছে। বাজ চৰাইৰ ইংৰাজী নাম ‘হক’ ‘বিল’। সেইবাবেই এই কাছবিধক হক্সবিল বোলা হয়। সমুদ্ৰত থকা এইবিধ কাছৰ প্ৰধান শত্ৰু হ’ল মানুহ। হক্সবিল কাছৰ গাৰ খোলাটো বৰ সুন্দৰ আৰু এই বাবেই মানুহে ইহঁতক হত্যা কৰি আহিছে।কিন্তু এই কাচবিধ বেচি সময় পানীৰ তলত থাকিব নোৱাৰে। উশাহ-নিশাহ ল’বলৈ পানীৰ ওপৰলৈ আহিবই লাগে। তেতিয়াই কাছবোৰক মানুহেৰ চিকাৰ কৰে। কেতিয়াবা আকৌ মাছ ধৰা বৰশীত ইহঁতবোৰ লাগি ধৰে। বহুতে বৰশীত লাগি ধৰা কাছবোৰ এৰি দিয়ে যদিও জাল-বৰশীত লাগি আহত হোৱা কাছবোৰ পানীৰ ওপৰলৈ উঠি আহিব নোৱাৰে। পানীত ডুবি সিহঁতৰ মৃত্যু হয়।
নল গাহৰি
পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ
বনৰীয়া গাহৰি। নল গাহৰিৰ বৈজ্ঞানিক নাম Porcula salvania ৷ঘোৰ
সংকটগ্ৰস্থ (Critically Endangered) তালিকা
ভুক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে কোনো ঠাইত পোৱা নাযায়। এটা সময়ত এই গাহৰি নেপাল
উত্তৰ প্ৰদেশ, আৰু অসমত পোৱা
গৈছিল৷ লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল
আৰু উত্তৰ বংগৰ ঘাহঁনিত নল গাহৰিৰ প্ৰজাতি বিলুপ্ত হোৱা দেখি এই আপুৰুগীয়া গাহৰি
বিধ বিলুপ্ত হৈছে বুলি ধৰি লোৱা হৈছিল, যদিও
অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ইয়াক দেখা পোৱা যায়৷৫০০ টাতকৈ কম নল গাহৰি কেৱল
অসমৰ হাবিত জীয়াই আছে৷
ক’লা বান্দৰ
ক’লা বান্দৰ দৈৰ্ঘ্য মাত্ৰ ডেৰ ফুট। ইয়াৰ নেজ
ডাল প্ৰায় আঢ়ৈ ফুটমান দীঘল। দেহৰ তুলনাত হাত-ভৰিবোৰ যথেষ্ট দীঘল। দক্ষিণ আমেৰিকাৰ
আমাজন নদীৰ অৱবাহিকাৰ ৰেইন ফৰেষ্টত ইহঁতৰ ঘৰ। গৱেষণাত প্ৰমাণিত হৈছে যে এইবোৰ
বুদ্ধিমান প্ৰাণী। এই বান্দৰো নি:শেষ হোৱাৰ পথত।
সোণালী বান্দৰ(Golden Langur)
সোণালী বান্দৰৰ দেহৰ বৰণ সোণালী,
মুখখন ক’লা আৰু নেজদাল যথেষ্ট দীঘল৷ দীঘল
নেজদালে দেহৰ ভাৰসাম্য ৰখাত সহায় কৰে৷ ইহঁত তৃণভোজী প্ৰাণী--প্ৰধানত ফলমূল,
গছৰ পাত, গুটি
আৰু ফুল খায় জীয়াই থাকে৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো পশ্চিম অসম আৰু ভূটানৰ
পৰ্বত অঞ্চলত পোৱা যায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন(১৯৭৮) অনুসৰি
সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই জন্তুবিধৰ হত্যা,
চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা
হৈছে৷ সাধাৰণতে এই বিধ বান্দৰে ৮ ৰ পৰা ৫০ টা প্ৰাণীৰ দলত বাস কৰে আৰু এবাৰত এটাকৈ
পোৱালী জন্ম দিয়ে৷ ঘোৰ সংকটৰ মাজত থকা এই প্ৰাণীবিধৰ সংৰক্ষণৰ বাবে আমাৰ যুৱ
প্ৰজন্মই চিন্তা কৰিব লাগে৷ সোণালী বান্দৰ হৈছে মধ্য আফ্ৰিকাৰ ভিৰুঙ্গা
আগ্নেয়গিৰি পৰ্বতমালাত পোৱা পুৰণি বিশ্বৰ বান্দৰৰ এটা প্ৰজাতি,
যাৰ ভিতৰত আছে চাৰিখন ৰাষ্ট্ৰীয় উদ্যান
দক্ষিণ-পশ্চিম উগাণ্ডাৰ, মগাহিঙ্গা উত্তৰ-পশ্চিম ৰৱাণ্ডাত আগ্নেয়গিৰি;
আৰু পূৱ গণতান্ত্ৰিক গণৰাজ্য কঙ্গোত ভিৰুঙ্গা
আৰু কাহুজি-বিয়াগা।পৃথিৱী বিখ্যাত সোণালী বান্দৰৰ ৰম্যভূমি বুলি পৰিচিত বঙাইগাঁও
জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল৷ অসমত সৰ্বাধিক সোণালী বান্দৰ পোৱা যায় এই
বনাঞ্চলত৷কাকৈজানা পাহাৰত খাদ্যৰ নাটনিৰ বাবে মৃত্যুমুখত পৰিব লগা হৈছে এই সোণালী
বান্দৰসমূহ৷
দেওহাঁহ ( White-winged
wood duck)
দেওহাঁহ এবিধ ডাঙৰ আকাৰৰ হাঁহৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাইৰূপে অভিহিতি কৰা হৈছে। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয়৷ ইহঁতৰ দেহৰ দৈৰ্ঘ্য ৬৬-৮১ ছে মি আৰু ডেউকাৰ দৈৰ্ঘ্য ১১৬-১৫০ ছে মি হয়৷ মাইকী হাঁহ মতা হাঁহতকৈ সৰু৷দেওহাঁহ উত্তৰ-পূৱ ভাৰত, বাংলাদেশৰ পৰা জাভা, ছুমুত্ৰালৈকে বিস্তৃত আছিল। বৰ্তমান ই বিলুপ্ত হৈছে । ভাৰতবৰ্ষত বৰ্তমান কেৱল অসম আৰু অৰুণাচলতহে দেখা যায়। 2002 বৰ্ষৰ এটা সমীক্ষা অনুসৰী সমগ্ৰ বিশ্বত মাত্ৰ আঠ শ ( 800 ) মান দেওহাঁহ আছে। ইয়াৰে প্ৰায় 450 টা ভাৰতবৰ্ষকে ধৰি বাংলাদেশ আৰু ম্যানমাৰত আছে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments