ঐতিহ্যপূৰ্ণ বাসুদেৱ থান (নৰোৱা সত্ৰ)
বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত এখন বুৰঞ্জী
প্ৰসিদ্ধ থান।থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে।বৰ্তমান এই তীৰ্থস্থানখন বলাহী
চামপৰা আৰু সৌপাৰাৰ মাজৰ সোৱণশিৰি নামৰ ঠাইত অৱস্থিত।বাসুদেব থানৰ মূৰ্ত্তিসমূহ বহু
পুৰণি। পুৰণি বাসুদেৱ থানৰ মূৰ্তিভাগ চুতীয়া ৰজা সত্যনাৰায়ন দ্বাৰা প্ৰতিষ্ঠা
কৰা হৈছিল।পূৰ্বতে সত্ৰৰ ভূমি ১৩৯২ খ্ৰীষ্টাব্দত শদিয়া ৰাজ্যৰ
চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দ্বিজক দান কৰিছিল আৰু লগতে
মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু, বানপানীৰ কাৰণে মন্দিৰৰ স্থান বেলেগ হয় আৰু ১৪০১
খ্ৰীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়ণে নতুন মন্দিৰৰ প্ৰতিষ্ঠিত কৰে।
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম নৰোৱা সত্ৰ আছিল। এতিয়াৰ
সত্ৰখনৰ নামকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ
আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। এজন ব্ৰাহ্মণে
দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ
গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল। ১৭ শতিকাৰ আৰম্ভনিতে ৰামাকান্ত আতাই নামনিৰ বৰপেটাতে
থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকাণ্ড নামঘৰ সজোৱা হয়।
শ্ৰীমন্ত শংকৰদেৱেৰ মৃত্যুৰ সময়ত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী
শ্ৰী মাধৱদেৱৰ হাতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰি গৈছিল আৰু গুৰুৰ আজ্ঞা
মানি তেওঁ নিজৰ মৃত্যুৰ সময়ত শংকৰদেৱৰ বৰনাতি পুৰুষোত্তম ঠাকুৰৰ হাতত সেই দায়িত্বভাৰ
দি থৈ যায়। পুৰুষোত্তম ঠাকুৰে ধৰ্মভাৰ গ্ৰহণ কৰি কোচবিহাৰলৈ গৈ তাত সত্ৰ পাতি
ধৰ্ম প্ৰচাৰ কৰে। শেষত তেওঁৰ মৃত্যুৰ পিছত ধৰ্মপ্ৰচাৰৰ ভাৰ খুৰাকৰ পুত্ৰ চতুৰ্ভূজ
ঠাকুৰক দি যায়। তেখেতৰ জ্যেষ্ঠা ভগ্নী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজৰ
পুত্ৰস্বৰূপে তুলি লয় আৰু তেওঁৰ পাছতে দামোদৰ ঠাকুৰেই ধৰ্মপ্ৰচাৰৰ ভাৰ লাভ কৰে।
দামোদৰ ঠাকুৰ আৰু আই কনকলতাই মিলি অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰদেৱৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰে আৰু নতুনকৈ আৱিষ্কাৰ কৰা হেতু তেতিয়াৰ পৰা তেওঁ নৰোৱা গোঁসাই হিচাপে প্ৰসিদ্ধ হয় আৰু তেওঁ স্থাপন কৰা সত্ৰসমূহো নৰোৱা সত্ৰ হিচাপে পৰিগণিত হয়। বৰদোৱা থান উদ্ধাৰৰ পাচত দামোদৰ ঠাকুৰে নিজ পৰিয়ালক বৰদোৱা ঘাটত থৈ গড়গাঁৱলৈ যাত্ৰা কৰে। চৰিত পুথিৰ মতে,ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত বিষ্ণুৰ অৱতাৰ দেখি পিছদিনা ঠাকুৰৰ আগত অৱগত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ(শদিয়া) পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰা হয়। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামৰ ঠাইৰ বাসুদেৱ মন্দিৰৰ ভূমিত সত্ৰ স্থাপন কৰে। এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱা সত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা আতৰাই চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধ লাভ কৰে।লোকবিশ্বসানুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল, বাসুদেৱক নিজৰ পতি হিচাপে পাবলৈ। সেয়ে এই থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্ৰি আছে বুলি বিশ্বাস কৰা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম”ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে।অসমৰ দূৰ-দূৰণিৰ ভক্তৰ লগতে নেপালৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। কিন্তু থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments