22 October, Tue 2024
support@thecriticalscript.com
Blog image

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

28 Oct,2023 06:09 PM, by: Ankita Gogoi
1 minute read Total views: 1636
1 Likes 0.0

ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত।জনশ্ৰুতি অনুসৰি ১৫২৮ চনত(১৪৫০ শক) মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল।মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ ৪৯৪ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। 

ঢেকীয়াখোৱা বৰনামঘৰৰ লগত কেইবাটাও কাহিনী জড়িত আছে। কোৱা হয় যে, নামঘৰৰ মূল খুঁটাটো শাল গছৰে নিৰ্মিত। এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে, বৰনামঘৰৰ কাষেৰে বৈ যোৱা নৈখন (ঢেকীয়াখোৱা জান নামেৰে জনা যায়) সুঁতিৰ বিপৰীতে বৈ গৈছে আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শাল গছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে নিৰ্মাণ কৰিলে।

বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ দুজনাক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায় ৷ ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে ৷ বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেঁকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে ৷ ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল ৷ আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে ৷ ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে ৷ যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে ৷

তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। মাধৱদেৱে প্ৰজ্বলন কৰি যোৱা সেই বন্তি গছি বৰ্তমানেও জ্বলি আছে ৷ 

প্ৰায় ৪৮৫ বছৰ একেৰাহে জ্বলি থকা বন্তিগছিয়ে বৰ্তমান India Book of Records আৰু Asian Book of Records-ত স্থান লাভ কৰিছে ৷


তথ্য সংগ্ৰহ

অসমীয়া ৱিকিপিডিয়া

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.