30 April, Tue 2024
support@thecriticalscript.com
Blog image

হেম সৰস্বতী প্ৰাক্ শংকৰী যুগৰ অসমীয়া কবি

10 Nov,2023 06:12 PM, by: Ankita Gogoi
1 minute read Total views: 1443
2 Likes 0.0

হেম সৰস্বতী খ্ৰীষ্টিয় চতুৰ্দশ শতিকা, অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি। হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতী সংস্কৃতজ্ঞ আছিল। হেম সৰস্বতীয়ে কমতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱত তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰআৰু হৰ-গৌৰী সংবাদৰচনা কৰে। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰএখনি সৰু বৰ্ণনাত্মক কাব্য। ইয়াত সূক্ষ্ম কলাবোধ আৰু সুদূৰপ্ৰসাৰী কল্পনাৰ পৰিচয় পোৱা নাযায়, কিন্তু পৰিস্থিতি আৰু ঘটনাৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে।

হেম সৰস্বতীয়ে বামন-পুৰাণৰ পৰা এশ পদবিশিষ্ট "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷ ইয়াত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তিৰ বাবে কৰা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বৰ্ণনা পোৱা যায়। মাজে মাজে কাব্যখনত বিষ্ণু-ভক্তিৰ মাহাত্ম্য আৰু তত্বমূলক উপদেশ আছে। সেইবাবে 'প্ৰহ্লাদ চৰিত্ৰ'ক "প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ" বুলি কালিৰাম মেধিয়ে অভিমত প্ৰকাশ কৰিছে।কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে। হেম সৰস্বতীয়ে বামণ পুৰাণচাই প্ৰহ্লাদ চৰিত্ৰকাব্যখনি ৰচনা কৰে বুলি উল্লেখ কৰিছে যদিও বৰ্তমান পোৱা বামণ পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহলাদৰ বিষ্ণু ভক্তিৰ বিৱৰণ পাবলৈ নাই। চতুৰ্দশ শতিকাত প্ৰচলিত বামণ পুৰাণত হয়তো এই আখ্যান সংযুক্ত আছিল।

হেম সৰস্বতীৰ ৮৯৯ টা পদবিশিষ্ট হৰ-গৌৰী সংবাদত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বিৱৰণ পোৱা যায়। এই কাব্যগ্ৰন্থখনি কবিয়ে পৰিণত বয়সত ৰচনা কৰা বুলি ধাৰণা হয়। এই প্ৰকাশিত কাব্যখনি প্ৰকাশ হলে হেম সৰস্বতীৰ কাব্য প্ৰতিভাৰ বিশেষ পৰিচয় পোৱা যায়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.