25 April, Thu 2024
support@thecriticalscript.com
Blog image

তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

11 Mar,2023 02:17 PM, by: Ankita Gogoi
1 minute read Total views: 2734
0 Like 0.0

হাজো হৈছে অসমৰ অতি উল্লেখযোগ্য ইতিহাসপ্ৰসিদ্ধ ঠাই লগতে পৰ্যটনৰো এক সম্ভাৱনাময় ক্ষেত্ৰ।হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ এই ত্ৰিধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ পুণ্যভূমি।ইয়াৰে অন্যতম পূণ্যতীৰ্থ হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণিপৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত।ইয়াত বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱৰ পূজা- অৰ্চনা কৰা হয়সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'। সেয়েহে এই মন্দিৰটোক 'হয়গ্ৰীৱ মন্দিৰ' বুলি কোৱা হয়। বৌদ্ধধৰ্মীসকলৰ বাবেও ই এক পবিত্ৰ স্থান। তেওঁলোকে বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে 'মোক্ষ' বা 'নিৰ্বাণ' লাভ কৰিছিল।

হয়গ্ৰীৱ মাধৱ মন্দিৰটো ভাঙি যোৱা বাবে ১৫৪৩ খ্ৰীষ্টাব্দত কোঁচ ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। আন কিছুসংখ্যক বুৰঞ্জীবিদৰ মতে পাল ৰাজবংশৰ ৰজাই ষষ্ঠ শতিকাত এই মন্দিৰ নিৰ্মাণ কৰিছিল।

হয়গ্ৰীৱ মাধৱ মন্দিৰত অসমৰ স্থাপত্য শিল্পৰ সুন্দৰ নিদৰ্শন পোৱা যায়। এই মন্দিৰটো শিলেৰে নিৰ্মিত আৰু বাটচ'ৰাটো গ্ৰেনাইট শিলেৰে নিৰ্মিত।মন্দিৰটোৰ গাত হাতীৰ প্ৰতিমূৰ্তি এলানি আছে।মন্দিৰৰ গঠনটো ইটাৰ স্তম্ভৰ ওপৰত আছে মন্দিৰটো তিনিটা ভাগত বিভক্ত।মন্দিৰৰ ভিতৰত কোঁচৰজা, ৰঘুদেৱ আৰু আহোমৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ দিনৰ শিলালিপি আছেশিখৰ অংশটো পিৰামিড আকৃতিৰসন্মুখৰ কোঠালিটো শিলেৰে সজা। কোঠালিটোৰ দুয়োফালে পদুম আকৃতিত কটা শিলৰ দুখন দেৱাল আছে।মন্দিৰৰ বাহিৰফালে বিষ্ণুৰ দহটা অৱতাৰ বৰ্ণনা কৰা ভাস্কৰ্য আছে যাৰ ভিতৰত বুদ্ধ নৱম। আন ভাস্কৰ্যসমূহ চিনাক্ত কৰিব পৰা নাযায় যদিও বেছিভাগেই পুৰুষাকৃতিৰ আৰু হাতত ত্ৰিশূল লৈ থকা। মূল মন্দিৰটোৰ কাষতে আহোম ৰজা প্ৰমত্ত সিংহ‍ই নিৰ্মাণ কৰা এটা সৰু মন্দিৰ আছে। ইয়াত প্ৰতিবছৰে দৌলোৎসৱ ধুমধামেৰে পালন কৰা হয়। মাধৱ মন্দিৰৰ ওচৰত 'মাধৱ পুখুৰী' নামৰ এটা ডাঙৰ পুখুৰীও আছে।

কিংবদন্তি অনুসৰি 'মধু' আৰু 'কৈতৱ' নামৰ দুটা অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা সেইসমূহ চুৰ কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক টোপনিৰপৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। তেতিয়া বিষ্ণুৱে 'হয়গ্ৰীৱ'ৰ ৰূপ ধাৰণ কৰি ৰসাতললৈ যায় আৰু বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। ইয়াৰ পিছত বিষ্ণুৱে উত্তৰ-পূবলৈ আহি হয়গ্ৰীৱ ৰূপতে শুই পৰে। মধু আৰু কৈতৱ ঘূৰি আহি বিষ্ণুক যুদ্ধলৈ মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক পৰাস্ত কৰি হত্যা কৰে।

কালিকা পুৰাণ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা ঔৰ্বঋষি। ভগৱান বিষ্ণুৱে ঔৰ্বঋষিৰ তপস্যা ভঙ্গকাৰী জ্ববাসুৰ, হয়াসুৰ আদি পাঁচজন অসুৰক বধ কৰি হয়গ্ৰীৱ মাধৱ নামৰ এই পৰ্বতত অৱস্থান কৰি আছে    

হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌলোৎসৱ, বিহু আৰু জন্মাষ্টমী পালন কৰা হয়। প্ৰতিবছৰে বিশেষকৈ মাঘ বিহুৰ সময়ত মন্দিৰ দৰ্শনৰ বাবে বহুতো ভক্তৰ সমাগম ঘটে  ।

 

 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.