অসমৰ ঐতিহ্যমণ্ডিত মুগা বয়ন শিল্পক বিশ্ব দৰবাৰত সুকীয়া পৰিচয় প্ৰদান কৰাৰ লক্ষ্যৰে নতুন দিল্লীত শুভাৰম্ভ কৰা হয় ৪১১ কোটি ‘মিছন চেনেহজৰী'!
'মিছন চেনেহজৰী' হৈছে অসমৰ ঐতিহ্যমণ্ডিত মুগা শিল্পক বিশ্বৰ বজাৰত প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা শেহতীয়াকৈ গ্ৰহণ কৰা ৪১১ কোটি টকীয়া এক অভিলাষী প্ৰকল্প। ইয়াৰ জৰিয়তে অসমৰ ঐতিহ্যমণ্ডিত মুগা উৎপাদন বৃদ্ধি কৰাৰ লগতে ইয়াৰ সৈতে জড়িত পলু পালক, শিপিনী আৰু উদ্যমীসকলক আৰ্থিকভাৱে সবল কৰা হ'ব। মুগা শিল্পৰ সৈতে জড়িত প্ৰায় ২.৫ লাখতকৈও অধিক লোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। ইয়াৰ সমান্তৰালকৈ মুগাৰ গুণগত মান বৃদ্ধি আৰু গোলকীয় বজাৰত ইয়াক এক বিলাসী বস্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।
আজি নতুন দিল্লীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ‘মিছন চেনেহজৰী’ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই যুটীয়াভাৱে এই গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰে। ৪১১ কোটি টকা ব্যয়সাপেক্ষ এই ব্যতিক্ৰমী পদক্ষেপৰ মূল উদ্দেশ্য হৈছে অসমৰ থলুৱা মুগা শিল্প খণ্ডক শক্তিশালী কৰা আৰু ২০২৮ চনৰ ভিতৰত ইয়াক বিশ্বজুৰি এক স্বীকৃত বিলাসী ব্ৰেণ্ড হিচাপে গঢ়ি তোলা।
এই বৃহৎ প্ৰকল্পৰ জৰিয়তে অসমৰ হেজাৰ হেজাৰ মুগা পলু পুহক, শিপিনী আৰু থলুৱা কাৰিকৰসকল পোনপটীয়াভাৱে লাভান্বিত হ’ব। বিশেষকৈ গ্ৰাম্য অঞ্চলত বসবাস কৰা যিসকল লোক বহু বছৰ ধৰি এই শিল্পৰ সৈতে জড়িত হৈ আছে, তেওঁলোকক অত্যাধুনিক প্ৰশিক্ষণ, উন্নত মানৰ সঁজুলি আৰু বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।
এই মিছনত ড’নাৰ মন্ত্ৰালয়, অসম চৰকাৰ, বস্ত্ৰ মন্ত্ৰালয়, সমবায় মন্ত্ৰালয়কে ধৰি মুঠ ১১টা অংশীদাৰী সংস্থাই একেলগে কাম কৰিব। প্ৰকল্পৰ অংশ হিচাপে যোৰহাট, শিৱসাগৰ, শুৱালকুছি, মাজুলী আৰু লখিমপুৰত পাঁচটা আধুনিক ৰিলিং ইউনিট স্থাপন কৰা হ’ব। ইয়াৰ উপৰিও, মুগা সুতা প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধিৰ বাবে ধেমাজিত এটা বিশেষ মুগা স্পান চিল্ক ইউনিট স্থাপন কৰা হ’ব।
‘মিছন চেনেহজৰী’ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নকল মুগা কাপোৰৰ প্ৰত্যাহ্বান নেওচি প্ৰকৃত সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰা। ইয়াৰ বাবে আঁচনিখনৰ অধীনত জি আই (Geographical Indication) প্ৰমাণীকৰণ আৰু ক্যু আৰ ক’ড (QR-based traceability system) ভিত্তিক ট্ৰেচেবিলিটি ব্যৱস্থা বাধ্যতামূলক কৰা হ’ব। ইয়াৰ জৰিয়তে গ্ৰাহকে কাপোৰযোৰত থকা QR-ভিত্তিক ট্ৰেচেবিলিটি ব্যৱস্থাৰ জৰিয়তে মুগা সামগ্ৰীৰ উৎস আৰু বিশুদ্ধতা পৰীক্ষা কৰাটো সহজ হ’ব আৰু ই ক’ত তৈয়াৰ হৈছিল, সেই সমগ্ৰ ইতিহাস মুহূৰ্তৰ ভিতৰতে জানিব পাৰিব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments