28 January, Wed 2026
support@thecriticalscript.com
Blog image

হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ইতিহাস!

20 Jan,2026 05:45 PM, by: Ankita Gogoi
1 minute read Total views: 71
0 Like 0.0

কামৰূপ জিলাৰ হাজোৰ মণিপৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত, অসমৰ অন্যতম পূণ্যতীৰ্থ হয়গ্ৰীৱ মাধৱ মন্দিৰ দেৱালয় অৱস্থিত। বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱৰ ইয়াত পূজা- অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'।গৌতম বুদ্ধই এই স্থানতে নিৰ্বাণ লাভ কৰিছিল বুলি প্ৰবাদ আছে । এই মন্দিৰ যদিও প্ৰাচীন, মন্দিৰটো ভাঙি যোৱা বাবে পোন্ধৰশ তিয়াল্লিশ খ্ৰীষ্টাব্দত কোঁচ ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। আন কিছুমান বুৰঞ্জীবিদে ষষ্ঠ শতিকাত পাল বংশীয় ৰজাই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। পূৰ্ণকান্ত বৰগোহাঞিৰ দিনত কলিয়াভোমোৰা বৰফুকনৰ  প্ৰথমা  পত্নী শয়নীয়ে মাটি এটুকুৰা দান কৰিছিল। 

হয়গ্ৰীৱ মাধৱ মন্দিৰটো শিলেৰে নিৰ্মিত। মন্দিৰটোৰ গাত হাতীৰ বহু প্ৰতিমূৰ্তি আছে। এইসমূহ অসমীয়া স্থাপত্যৰ নিদৰ্শন বুলি কোৱা হয়। সমগ্ৰ মন্দিৰৰ গঠনটো ইটাৰ স্তম্ভৰ ওপৰত আছে যিবোৰ মূল মন্দিৰৰ লগত পিছত যোগ কৰা বুলি অনুমান কৰা হয়।মন্দিৰৰ বাহিৰফালে বিষ্ণুৰ দহটা অৱতাৰ বৰ্ণনা কৰা ভাস্কৰ্য আছে যাৰ ভিতৰত বুদ্ধ নৱম। মূল মন্দিৰটোৰ কাষতে আহোম ৰজা প্ৰমত্ত সিংহ‍ই নিৰ্মাণ কৰা এটা সৰু মন্দিৰ আছে। ইয়াত প্ৰতিবছৰে দৌলোৎসৱ পালন কৰা হয়। মাধৱ মন্দিৰৰ ওচৰত 'মাধৱ পুখুৰী' নামৰ এটা ডাঙৰ পুখুৰীও আছে।

প্ৰবাদ অনুসৰি 'মধু' আৰু 'কৈতৱ' নামৰ দুটা অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা সেইসমূহ চুৰ কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক টোপনিৰপৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। তেতিয়া বিষ্ণুৱে 'হয়গ্ৰীৱ'ৰ ৰূপ ধাৰণ কৰি ৰসাতললৈ যায় আৰু বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। ইয়াৰ পিছত বিষ্ণুৱে উত্তৰ-পূবলৈ আহি হয়গ্ৰীৱ ৰূপতে শুই পৰে। মধু আৰু কৈতৱ ঘূৰি আহি বিষ্ণুক যুদ্ধলৈ মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুটাক পৰাস্ত কৰে।

কালিকা পুৰাণ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা ঔৰ্বঋষি। ভগৱান বিষ্ণুৱে ঔৰ্বঋষিৰ তপস্যা ভঙ্গকাৰী জ্ববাসুৰ, হয়াসুৰ আদি পাঁচজন অসুৰক বধ কৰি হয়গ্ৰীৱ মাধৱ নামৰ এই পৰ্বতত অৱস্থান কৰি আছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.