10 June, Wed 2026
support@thecriticalscript.com
Blog image

হাফলঙৰ পৰা জাতিংগালৈ: ডিমা হাছাওৰ সৌন্দৰ্য আৰু ৰহস্যৰ মিলনস্থলী

10 Jun,2026 05:53 PM, by: Ankita Gogoi
1 minute read Total views: 10
0 Like 0.0

উত্তৰ-পূৰ্বাঞ্চল বৈচিত্ৰময় সংস্কৃতি, মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলং আৰু জাতিংগা এনে কিছুমান ঠাই যিয়ে প্ৰকৃতি, সংস্কৃতি আৰু ৰহস্যৰ এক অনন্য সংমিশ্ৰণ আগবঢ়ায়। সাধাৰণ পৰ্যটন পথৰ বাহিৰত থকা এই অঞ্চলসমূহ প্ৰকৃতিপ্ৰেমী আৰু অভিযাত্ৰীৰ বাবে এক বিশেষ আকৰ্ষণ।

ডিমা হাছাও:

নীলা পাহাৰৰ দেশ। ডিমা হাছাও অসমৰ দক্ষিণ অংশত অৱস্থিত এখন মনোমোহা পাহাৰীয়া জিলা। চাৰিওফালে সেউজীয়া বননিৰে আৱৃত পাহাৰসমূহ দূৰৰ পৰা নীলা পোহৰ প্ৰদান কৰাৰ বাবে ইয়াক “নীলা পাহাৰৰ দেশ” বুলিও কোৱা হয়। এই জিলাখনত ডিমাচা, কাৰ্বি, হামাৰ আদি বহু জনজাতীয় জনগোষ্ঠীৰ বাস, যিসকলে নিজৰ স্বকীয় সংস্কৃতি, নৃত্য, উৎসৱ আৰু হস্তশিল্পৰ মাধ্যমেৰে অঞ্চলটোক অধিক সমৃদ্ধ কৰি তুলিছে। স্থানীয় সংস্কৃতিৰ সৈতে পৰিচয় হ'ব বিচৰা ভ্ৰমণকাৰীৰ বাবে ডিমা হাছাও এক আদৰ্শ গন্তব্যস্থান।

হাফলং: পূৰ্বাঞ্চলৰ স্বৰ্গীয় পাহাৰীয়া নগৰ

হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন আৰু ডিমা হাছাও জিলাৰ সদৰ। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, শীতল বতৰ, পাইন গছৰ বননি আৰু চাহ বাগিচাই হাফলংক এক অনন্য পৰ্যটনস্থলীত পৰিণত কৰিছে।হাফলং হ্ৰদ আৰু ফিয়াংপুই গীৰ্জাৰ বাবে বিখ্যাত। হাফলঙৰ কাষৰীয়া গাঁওসমুহৰ প্ৰাকৃতিক পৰিৱেশ, লগতে বেনদাও বাইগলাই জলপ্ৰপাত আৰু ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমা ইয়াৰ অন্য এক প্ৰধান সম্পদ। হাফলং হ্ৰদত নাও ভ্ৰমণ, পাহাৰীয়া পথত খোজকঢ়া, ট্ৰেকিং আৰু বহু চৰাই চোৱাৰ সুবিধা আছে। শীতল পৰিবেশ আৰু নিৰ্জন প্ৰকৃতিৰ মাজত সময় কটাব বিচৰা লোকসকলৰ বাবে হাফলং এক আদৰ্শ গন্তব্য।

জাতিংগা:  

পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ স্থান। হাফলঙৰ ওচৰত অৱস্থিত সৰু ঠাই জাতিংগা বিশ্বজুৰি বিখ্যাত এক ৰহস্যময় প্ৰাকৃতিক ঘটনাৰ বাবে। বহু বছৰ ধৰি এই ঠাইত বৰ্ষাৰ শেষৰ ফালে কিছুমান নিশা বিভিন্ন পখী অস্বাভাৱিকভাৱে কৃত্ৰিম পোহৰৰ ফালে আকৰ্ষিত হৈ তললৈ নামি আহে।

আগতে ইয়াক চৰাইৰ আত্মহত্যা কৰা বুলি কোৱা হৈছিল যদিও বিজ্ঞানীসকলে পিছত গৱেষণাৰ মাধ্যমেৰে কৈছিল যে কুঁৱলী, বতাহ, কম দৃশ্যমানতা আৰু পোহৰৰ প্ৰভাৱৰ ফলত বিভ্ৰান্ত হোৱা পখীবোৰ এই আচৰণ প্ৰদৰ্শন কৰে। তথাপিও জাতিংগা আজিও বিশ্বৰ অন্যতম ৰহস্যময় পখী-সম্পৰ্কীয় ঘটনাৰ বাবে পৰিচিত।

প্ৰতিবছৰে ইয়াত অনুষ্ঠিত হোৱা জাতিংগা উৎসৱত পখী সংৰক্ষণ, প্ৰকৃতি সচেতনতা আৰু স্থানীয় সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়।

উমৰাংচ : সেউজ পৰিৱেশৰ মাজত অৱস্থিত এখন সৰু ঔদ্যোগিক নগৰ হৈছে উমৰাংচ। নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ লগতে কেইবাটাও চিমেণ্টৰ কাৰখানা এই নগৰত অৱস্থিত। হাফলঙৰ পৰা ইয়াৰ দূৰত্ব ১০৫ কি:মি:। উমৰাংচৰ সমীপত থকা পানীমূৰ জলপ্ৰপাত এক উল্লেখযোগ্য পৰ্যটনস্থলী।

ডিমা হাছাও, হাফলং আৰু জাতিংগা অসমৰ এক অপূৰ্ব সম্পদ। নীলা পাহাৰ, সেউজীয়া উপত্যকা, বৈচিত্ৰময় জনজাতীয় সংস্কৃতি আৰু জাতিংগাৰ ৰহস্যময় পখী ঘটনাই এই অঞ্চলক এক অনন্য পৰ্যটন গন্তব্যস্থানত পৰিণত কৰিছে। যিসকলে জনপ্ৰিয় পৰ্যটনস্থলীৰ বাহিৰত গৈ প্ৰকৃতিৰ সান্নিধ্য অনুভৱ কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিমা হাছাওৰ এই লুকাই থকা ৰত্নসমূহ এক অবিস্মৰণীয় অভিজ্ঞতা।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.