মালিতা
অসমীয়া কাহিনীগীত -অসমীয়া লোক-গাথাসমূহৰ ভিতৰত মালিতা বা কাহিনীগীতসমূহ অন্যতম। সমগ্ৰ বিশ্বতে বিভিন্ন ভাষাৰ কাহিনীগীত যুগ যুগ ধৰি মানুহৰ মাজত প্ৰচলিত হৈ আছে। এনেবোৰ গীতক ইংৰাজীত বেলাড (Ballad) বোলা হয়। ফ্ৰান্স ভাষাৰ “বেলাৰে” (Ballare) শব্দৰ পৰা এই শব্দৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল “নৃত্য”।অসমীয়া ভাষাত এনে গীতক “মালিতা” বা “আখ্যান গীত” বুলি কোৱা হয়। মালিতাসমূহ বুৰঞ্জী, কিম্বদন্তি বা জনশ্ৰুতি আৰু কাল্পনিক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে।অসমীয়া মালিতা শব্দটো মাল শব্দৰ পৰা সৃষ্টি হোৱা। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ'ল মালিতা। মালিতাক গীতিবেঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। মালিতাৰ বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়। গীতিধৰ্মিতাই মালিতাৰ মুখ্য লক্ষণ হ'লেও কাহিনী অবিহনে মালিতা হ'ব নোৱাৰে। বেলাড শব্দটো মূলত: নৃত্যছন্দী গীতৰে সম্পৰ্ক আছিল।নৈৰ্ব্যক্তিকতা মালিতাৰ প্ৰধান লক্ষণ। মূল মালিতাটো কোনে ক'ত কেতিয়া ৰচনা কৰিছিল কোৱা টান; কিন্তু ইয়াৰ জনপ্ৰিয়তাই আটাইকে সামৰি লয়। অসমীয়া মালিতাসমূক ঘাইকৈ দুটা ভাগত ভগাব পাৰি-
১/বুৰঞ্জীমূলক মালিতা আৰু
২/কিংবদন্তিমূলক মালিতা।
• বুৰঞ্জীমূলক
মালিতা-
অসমৰ জনমানসত ৰেখাপাত কৰিব পৰা মালিতাসমূহৰ ভিতৰত বুৰঞ্জীমূলক মালিতাসমূহ অন্যতম। এইবোৰৰ ভিতৰত বদন বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, পদুম কুঁৱৰীৰ গীত, বখৰ বৰুৱাৰ গীত, নাহৰ চেনামুৱাৰ গীত, চিকন সৰিয়হৰ গীত ইত্যাদি অন্যতম।বুৰঞ্জীপ্ৰসিদ্ধ চৰিত্ৰ বদন বৰফুকনে মানদেশৰ লগত মিতিৰালি কৰি কিদৰে অসমলৈ মান আনিছিল সেই কথা তেওঁক লৈ লিখা গীতসমূহত বৰ্ণিত আছে। মানৰ নিষ্ঠুৰ লুণ্ঠন, অত্যাচাৰৰ বলি হৈ বহু অসমীয়াই প্ৰাণ, ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাইছিল। সেইবাবে অধিকাংশ মালিতাত বদন বৰফুকনত উদ্দেশ্যি গালি-শপনি পৰা হৈছে।
সেইদৰে মহাসতী জয়মতীৰ বিষয়ে নুশুনা অসমীয়া কমেইহে আছে। পতি গদাপাণিক নগা পাহাৰলৈ পলুৱাই পঠিয়াই দেশ তথা পতিৰ কল্যাণৰ হকে পতীব্ৰতা জয়মতী কুঁৱৰীৰ আত্মবলিদানৰ কৰুণ কাহিনী জয়মতী কুঁৱৰীৰ গীতত ছন্দোবদ্ধভাৱে লিখা হৈছে। বুৰঞ্জীমূলক মালিতাসমূহ একোটা ঐতিহাসিক ভিত্তিৰ আধাৰত ৰচিত। সেইবাবে এনে মালিতাৰ মাধ্যমেদি একোটা সময়ৰ সমাজ ব্যৱস্থা, জনবিশ্বাস, ৰীতি-নীতিৰ বিষয়ে অৱগত হ’ব পাৰি। এনবোৰ মালিতাই একোটা যুগৰ পৰিস্থিতিৰ স্বাক্ষৰ বহন কৰে।
• কিংবদন্তীমূলক
মালিতা-
অসমীয়া সমাজত প্ৰচলিত এনে মালিতাৰ ভিতৰত ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, কাঞ্চনমতীৰ গীত, কমলা কুঁৱৰীৰ গীত, দুবলা শান্তিৰ গীত, জনাগাভৰুৰ গীত আদি উল্লেখযোগ্য। এই গীতসমূহ কিংবদন্তীৰ আধাৰত ৰচিত।শংকলদেউ ৰজাৰ পুতেক মণিকোঁৱৰক পানী যুঁৱলিত জলকোঁৱৰে হৰণ কৰি লৈ যায়। তাৰ পিছত তেওঁৰ পত্নী কাঞ্চনমতীয়ে পুতেক ডাঙৰ হোৱাৰ পিছত পিতাকৰ সন্ধান কৰিবলৈ পঠিয়াই দিয়ে। মণিকোঁৱৰৰ জীৱন-গাঁথাৰ আধাৰত মণিকোঁৱৰৰ গীতৰ সৃষ্টি হ’ল। সেইদৰে মণিকোঁৱৰক বিচাৰি পুতেক ফুলকোঁৱৰে পক্ষীৰাজঘোঁৰাত উঠি কিদৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল সেই কথা ফুলকোঁৱৰৰ গীতত পোৱা যায়। ফুলকোঁৱৰে ৰজাৰ জীয়েক ধনপচতুলাক বিয়া কৰোৱাত ৰজাৰ ৰোষত পৰি পলাই যাব লগা হয়। পাছত ধনপচতুলা সহিত ফুলকোঁৱৰে বেলেগ এখন ৰাজ্যৰ ৰাজপাট ভোগ কৰে। ফুলকোঁৱৰৰ মাক কাঞ্চনমতীৰ বিৰহ বেদনাৰ আধাৰত ৰচিত হৈছিল কাঞ্চনমতীৰ গীত।
মালিতাসমূহ এটা জাতিৰ ভাষা-সাহিত্যৰ এক সহজ-সৰল
অনুপম ৰূপ। এনেবোৰ গীতে সমাজ জীৱনৰ বিভিন্ন দিশৰ স্বাক্ষৰ বহন কৰে। এনে সাহিত্যৰ
সংগ্ৰহ তথা চৰ্চাই ভাষাক সমৃদ্ধিশালী কৰি এটা জাতিক বিশ্বদৰবাৰত স্বকীয় পৰিচয়
প্ৰদান কৰে।
• মালিতাৰ ইতিহাস:
মালিতাৰ ইতিহাস বহুদিনীয়া পুৰণি। বিভিন্ন
সময়ত বিভিন্ন অনামী স্বভাৱ কবিয়ে কিছুমান বুৰঞ্জীমূলক, কিংবদন্তীমূলক অথবা কল্পনাপ্ৰসূত কাহিনীৰ আধাৰত
এনে গীতসমূহ ৰচনা কৰিছিল। অক্সফ’ৰ্ড অভিধানত বেলাডৰ অৰ্থ “বৰ্ণনাত্মক কবিতা” বুলি দিয়া হৈছে। এনেবোৰ কবিতাই কাহিনী বৰ্ণনা কৰে। এনে ছন্দোবদ্ধ কবিতাত
সুৰাৰোপণ কৰি গীতৰূপে গোৱা হয়। কিন্তু পৰৱৰ্তীকালত এনে পুৰণি মালিতাৰ দৰে বিভিন্ন
কবিয়ে মালিতা ৰচনা কৰিবলৈ ধৰে। ইংৰাজী সাহিত্যত কবি কীট্ছে “লা বেলে ডেম চান্স মাৰ্চি”ৰ দৰে বেলাড ৰচনা কৰে। সাহিত্যিক কলেৰিজে ৰচনা
কৰে “দি এন্চিয়েণ্ট
মেৰিনাৰ”ৰ দৰে বিখ্যাত
বেলাডৰ। অসমীয়া সাহিত্যত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই “ধনবৰ আৰু ৰতনী”ৰ দৰে মালিতা ৰচনা কৰে। চন্দ্ৰকুমাৰ আগৰৱালাৰ
দ্বাৰা ৰচিত মালিতা “জলকুঁৱৰী”, আনন্দচন্দ্ৰ
আগৰৱালাৰ দ্বাৰা ৰচিত “পানেচৈ” ইত্যাদি মালিতাও
উল্লেখযোগ্য। মালিতা এবিধ লোক সংস্কৃতি।
• মালিতা’ৰ ৰুপশৈলীত বহুতো বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।
সেইবোৰ হ’ল-
মালিতাৰ প্ৰকাশভংগী সহজ-সৰল।
ৰুপশৈলীৰ কোনো এটি চৰণত বাৰম্বাৰ পুণৰ আবিৰ্ভাৱ
ঘটে।
ইয়াৰ সমগ্ৰ গীতটো এটি বিশিষ্ট ৰুপেৰে জিলিকি
উঠে।
মালিতাৰ বিভিন্ন বৈশিষ্ট্য থকাৰ সত্বেও
সমালোচনাৰ পৰা মুক্ত নহয়।মালিতাত ঘটনাৰ উল্লেখ আছে কিন্তু, কাব্যৰীতিৰ বৰ্ণনা কৰা নহয়।
ই বস্তুনিষ্ঠ কবিতা, ইয়াত লিখকৰ এক নিৰপেক্ষ কাহিনী কথনৰ
প্ৰবৃত্তিহে পোৱা যায়।ইয়াত অলৌকিক ঘটনা থাকিব পাৰে কিন্তু, নীতিবচন কেতিয়াও নাথাকে।ইংলেণ্ডৰ ‘ৰবীনহুডৰ গাথা’ আৰু আমাৰ দেশৰ ‘জয়মতীৰ গীত’, ‘চিকন সৰিয়হৰ গীত’ ইত্যাদিৰ ভাৱধাৰা একেই। এই সকলোবোৰ মালিতাই
সাধাৰণ মানুহক আনন্দ দিয়াৰ লগতে বহু বৰাগী গায়কৰ সৃষ্টি কৰিছিল। এই প্ৰাচীন
মালিতাৰ বিচিত্ৰ কল্পনাৰ সহযোগতেই আধুনিক মালিতাৰ সৃষ্টি হৈছে। এইবোৰত অতি প্ৰাকৃত
পৰিৱেশক স্বাভাৱিকভাৱে দাঙি ধৰা হয়। জাৰ্মান কবি হাইনৰিখ হাইনেৰ ‘লৰেলি’, ইংৰাজ কবি ক’লৰিজৰ ‘এনচিয়েণ্ট মেৰিনাৰ’, আৰু অসমীয়া সাহিত্যৰ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’, আনহাতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘তেজীমলা’, জলকুঁৱৰী ইত্যাদি উল্লেখনীয় মালিতাৰ উদাহৰণ। কিন্তু প্ৰকৃততে এই সকলোবোৰ
বেলাডৰ আৰ্হিত ৰচিত কবিতাহে য’ত কবিৰ চেষ্টা কবিতাৰ ৰুপত বিৰিঙি আছে।
• মালিতা-বেলাডৰ
উদাহৰণ:
একেটা কাহিনীয়েই ঠাই বিশেষত সুকীয়া ৰূপত প্ৰকাশ পাই। 'বৰফুকনৰ গীত' নামৰ মালিতাটো ঊনবিংশ শতিকাৰ দ্বিতীয় তৃতীয় দশকত ৰচিত; কিন্তু ইয়াৰ দুটা ৰূপ পোৱা গৈছে। দুয়োটাৰে বুৰঞ্জীমূলক কাহিনী ভাগ আৰু ছন্দৰীতি একে হ'লেও প্ৰকাশভংগী অলপ সুকীয়া।
তামোল খাবৰ শৰাই,
আনিব বাপেকৰ লোৱৰ ডিঙৰাত ভৰাই।
চৰায়ে কৰে চিউ,
কথা শুনি জীয়েকৰ ভৰি গ'ল জীউ।
এই কথা বুজোঁ,
এটা কথা তোতে সোধোঁ।
জৰাৰ কোমল জিম,
পতালৈ বাতৰি কেনেকৈ দিম?
নেথাকিবি ৰৈ,
আন্ধাৰৰ কোঠাত আইটি কান্দিবি তই।
বাপেৰ জীৰ,
মৰম লাগিলে চিঠিখন লিখিয়েই দিব।
আছিলে ৰৈ,
আন্ধাৰৰ কোঠাত তাই কান্দিলে গৈ।
কোনেনো ছান্দে,
আজি দেখোন দেউতা গাভৰুৱে কান্দে।
কাটি খাবৰ জৰা,
লাগে যদি আনি দিওঁ সৰগৰ তৰা।
নেমাৰিবি হাই,
জগতখন আছে মোৰ হাততে পাই।
ঘিণাই বৰফুকনৰ জী,
মোৰনো বোপায়ে কৰিলে কি?
( বৰফুকনৰ গীত)।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments