02 June, Mon 2025
support@thecriticalscript.com
Blog image

শগুন সংৰক্ষক 'ফুলেশ্বৰী দত্ত'

27 May,2025 05:35 PM, by: Ankita Gogoi
1 minute read Total views: 224
0 Like 0.0

প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে সংগতি ৰাখি পৰিৱেশ সচেতনতা বৃদ্ধি কৰাত আৰু পৰিবেশৰ সমতা অটুট ৰাখিবলৈ লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ ফুলেশ্বৰী দত্তই যি অৱদান আগবঢ়াইছে, সেয়া সঁচাই  অপূৰ্ব। আৰ্থিক অভাৱ আৰু সামাজিক বাধা-বিপত্তি নেওচি তেখেতে একাকাৰভাৱে পৰিৱেশৰ কল্যাণৰ বাবে কাম কৰি আহিছে।

বৰ্তমানৰ পৃথিৱীত বিপন্ন হৈ পৰা এবিধ প্ৰাণী হৈছে শগুণ আৰু এই শগুনে ১৯৮৯ চনত ঢকুৱাখনাৰ  ফুলেশ্বৰী দত্তৰ বাৰীত প্ৰথমটো বাহ সাজিছিল।অসমীয়া সমাজত জনবিশ্বাস অনুসৰি শগুণে ঘৰৰ চৌহদত বাহ সজাটো অমংগল। গতিকে তেওঁকো গাওঁৰ মানুহে শগুণে বাহ সজা গছডাল কাটি পেলাবলৈ কৈছিল।

কিন্তু তেখেতে এনে নকৰিল। ইয়াৰ উপৰি তেখেতে সমাজৰ বিৰুদ্ধে গৈ শগুণকেইটাক আশ্ৰয়হে দিলে। আৰু ইয়াৰ বাবে ওচৰ-চুবুৰীয়াই তেওঁক ঘিণ কৰাৰ উপৰি শগুণে বাহ সাজিব নোৱৰাকৈ ওচৰ-পাঁজৰৰ গছ-গছনিবোৰো কাটি পেলাইছিল। চুবুৰীয়াই ব্যৱহাৰ কৰা বিহ খাই ২৪ টা শগুন মৃত্যুমুখতো পৰিছিল। মানুহৰ উপদেশ, কৰ্কথনা সকলো আওকাণ কৰি গছজোপা সংৰক্ষণ কৰি ৰাখিলে। তেখেতক ঘিনা কৰি সামাজিকভাৱে এঘৰীয়া কৰা হ’ল। কিন্তু শগুণৰ ৰক্ষাৰ স্বাৰ্থত তেওঁ সকলো সহ্য কৰি গ'ল।

আৰ্থিক অনাটনও জুৰুলা কৰিলে তেওঁক। লগতে ফুলেশ্বৰী দত্তৰ মানুহজন গছৰ পৰা পৰি দীৰ্ঘদিন শয্যাশায়ী হৈ থকা সময়চোৱাতে তেওঁ কৰি থকা সৰু চাকৰিটোৰ নিয়মীয়াকৈ পাই থকা দৰৰ্মহা কিবা কাৰণত বন্ধও হ’ল। ১৬ বছৰ বিনা বেতনে চাকৰি কৰিলে তেওঁ। সেই সময়চোৱাত বাৰীৰ পাচলি বিক্ৰি কৰি দৈনন্দিন খৰচ উলিয়াইছিল। কিন্তু শগুণৰ সেই বাহকেইটা ৰক্ষা কৰাৰ স্বাৰ্থত এজোপাও গছ বিক্ৰি নকৰিলে ফুলেশ্বৰীয়ে। লাহেলাহে তেওঁৰ বাৰীত শগুণৰ জনসংখ্যা বাঢ়ি আহিল। 

বৰ্তমান তেখেতৰ বাৰীত ৫ টা বাহত ১০ টা বগা পিঠিয়া শগুন (white rumped vulture) আছে। প্ৰতিবছৰে পৰিভ্ৰমী Himalayan Griffon নামৰ শগুণবিধে আহি তেখেতৰ বাৰীতে আশ্ৰয় লয়। জানিব পৰা মতে তেখেতৰ বাৰীত ৭০ টা পৰ্যন্ত Griffon গণনা কৰা হৈছিল আৰু ২০২৫ চনত এই সংখ্যা হৈছে ৫০ টা। 

সৌসিদিনালৈ অসমবাসীৰ ওচৰত অপৰিচিত ফুলেশ্বৰী দত্ত পৰিচিত হৈ পৰিল প্ৰকৃতি সুৰক্ষাৰ প্ৰতীকৰূপে। অসম চৰকাৰে তেওঁলৈ এই বৰ্ষৰ ৩ এপ্ৰিলৰ দিনা আনুষ্ঠানিকভাৱে আগবঢ়ালে অসমৰ মৰ্যাদাসম্পন্ন ৰাজ্যিক অসামৰিক বঁটা ''অসম গৌৰৱ বঁটা'' ৷ 

শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে ৩৬ বছৰ ধৰি শগুনৰ আশ্ৰয়স্থললৈ পৰিণত হৈছে ফুলেশ্বৰী দত্তৰ ঘৰৰ চৌহদটি ৷ তেখেতে বছৰৰ পিছত বছৰ, দশকৰ পিছত দশক এনেদৰেই নিস্বাৰ্থভাৱে কাম কৰি আহিছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.